/asomiyapratidin/media/media_files/2024/12/17/wjIsjkPOJDipPi5DmpY8.jpg)
ডিজিটেল ডেস্কঃ বিৰোধীৰ আপত্তিৰ মাজতেই মঙ্গলবাৰে লোকসভাত দাখিল কৰা হৈছে 'এক দেশ এক নিৰ্বাচন' বিধেয়ক। কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুনৰাম মেঘৱালে সংবিধান সংক্ৰান্তিয় দুখন বিল দাখিল কৰে নিম্ন সদনত। এই বিল দাখিল হোৱাৰ লগে লগেই বিৰোধী ৰাজনৈতিক দলসমূহে হুলস্থুলীয়া পৰিবেশৰ সূচনা কৰে।
কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ, সমাজবাদী পাৰ্টিসহ বিৰোধী ইণ্ডিয়াৰ অন্য দলসমূহে ইয়াৰ বিৰোধিতা কৰে। বিৰোধী সাংসদসকলৰ মতে এই বিধেয়কে সংবিধানৰ মূল পৰিকাঠামোত আঘাত কৰিছে। ইয়াৰ জৰিয়তে একনায়কত্ববাদী কাম কৰাৰ চেষ্টা কৰাৰো অভিযোগ বিৰোধীৰ।
উল্লেখ্য, মঙলবাৰে 'এক দেশ, এক নিৰ্বাচন' সম্পৰ্কীয় দুখন বিধেয়ক ক্ৰমে- সংবিধান (১২৯ সংখ্যক সংশোধনী) বিধেয়ক আৰু কেন্দ্ৰীয় শাসিত অঞ্চল আইন (সংশোধনী) বিধেয়ক দাখিল কৰা হৈছে। কংগ্ৰেছ, তৃণমূল আৰু সমাজবাদী পাৰ্টিকে ধৰি বিৰোধী সাংসদসকলে ইয়াৰ বিৰোধিতা পূৰ্বৰে পৰা কৰি আহিছিল।
বিধেয়ক দাখিল হোৱাৰ পিছতে বিৰোধীয়ে কয় যে, এই বিধেয়ক সংবিধানবিৰোধী। সাংসদ কল্যাণ বেনাৰ্জীয়ে কয়, এই বিধেয়কখনে সংবিধানৰ গাঁথনিত আঘাত কৰিব। ডি এম কেয়ে প্ৰশ্ন কৰি কয় যে, বিজেপিয়ে লোকসভাত বিধেয়কখন কেনেকৈ গৃহীত কৰিব পাৰে? যেতিয়া এই চৰকাৰৰ দুই-তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা নাই। কিহৰ ভিত্তিত সংসদত এই বিধেয়কখন উত্থাপন কৰিছে?
এ আই এম আই এমৰ সাংসদ আসাদুদ্দিন ওৱেইচিয়েও এই বিধেয়কৰ আপত্তি কৰিছে। লক্ষ্যণীয় যে বিজেপিৰ মিত্ৰদল টিডিপিয়ে মঙলবাৰে এই বিধেয়কখন সমৰ্থন কৰে। শিৱসেনা (সিন্দে) শিবিৰেও বিধেয়কখনত সন্মতি প্ৰদান কৰিছে।
শিন্দেৰ পুত্ৰ শ্ৰীকান্ত সিন্দেয়ে কয় যে যোৱা ছয় মাহ ধৰি কংগ্ৰেছ আৰু অন্যান্য বিৰোধী দলসমূহে সকলোকে অসাংবিধানিক বুলি অভিহিত কৰিবলৈ চেষ্টা কৰি আহিছে। বিৰোধীৰ আপত্তিৰ আশংকা কৰিয়েই কেন্দ্ৰই পূৰ্বে দুয়োখন বিধেয়ক যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈছিল।
সেই অনুসৰি, কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে মেঘৱালক দুয়োখন বিধেয়ক যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰাৰ প্ৰস্তাৱ দিছিল। আজি বিধেয়কখন উত্থাপনৰ সময়ত কেন্দ্ৰীয় আইন মন্ত্ৰীগৰাকীয়ে কয় যে তেওঁলোকে দুয়োখন বিধেয়কৰ ওপৰত অধিক আলোচনাৰ বাবে যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰিব বিচাৰে।
বিজেপিয়ে দীৰ্ঘদিন ধৰি 'এক দেশ, এক নিৰ্বাচন’ ব্যৱস্থা প্ৰৱৰ্তন কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰি আহিছে। লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰতো এই কথাত গুৰুত্ব দিয়া হৈছিল। যদি এই বিধেয়কখন কাৰ্যকৰী কৰা হয়, ৰাষ্ট্ৰীয় নিৰ্বাচন আয়োগে সমগ্ৰ দেশৰ লোকসভা আৰু ৰাজ্যিক বিধানসভাৰ নিৰ্বাচন একেলগে অনুষ্ঠিত কৰিব।
মোডী চৰকাৰে এই বিধেয়কৰ সম্পৰ্কে যুক্তি দি কয় যে, যদি এই ব্যৱস্থা প্ৰৱৰ্তন কৰা হয়, নিৰ্বাচন প্ৰক্ৰিয়াৰ বাবে হোৱা বৃহৎ ব্যয় হ্ৰাস পাব। নিৰ্বাচনৰ বাবে আদৰ্শ আচৰণ বিধিয়ে বাৰে বাৰে চৰকাৰৰ উন্নয়নমূলক কাম-কাজত বাধা প্ৰদান নকৰিব। চৰকাৰী কৰ্মচাৰীসকলৰ ওপৰত ভোটাৰ তালিকা প্ৰস্তুত কৰাৰ চাপ হ্ৰাস পোৱাৰ লগতে বিভিন্ন নিৰ্বাচন সম্পৰ্কীয় কাৰ্যকলাপো হ্ৰাস পাব।
অৱশ্যে, বিৰোধী ৰাজনৈতিক দলসমূহে আৰম্ভণিৰে পৰা লোকসভা আৰু বিধানসভা নিৰ্বাচন একেলগে অনুষ্ঠিত কৰাৰ ব্যৱস্থাত আপত্তি জনাই আহিছে। বিৰোধীয়ে যুক্তি দিছে যে এই নীতি প্ৰকৃততে দেশৰ ফেডাৰেল গাঁথনি আৰু সংসদীয় গণতন্ত্ৰৰ বিৰোধী।বিৰোধী নেতাসকলৰ মতে 'এক দেশ, এক নিৰ্বাচন' নীতিৰ জৰিয়তে, কেন্দ্ৰীয় চৰকাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দৰে এক ব্যৱস্থা প্ৰৱৰ্তন কৰিব বিচাৰে।