/asomiyapratidin/media/media_files/2024/12/23/LIBjVhVl58sJfmBj4bJN.jpg)
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় চৰকাৰে 'No Detention Policy' ব্যৱস্থাৰ বিলুপ্ত ঘটাইছে। এতিয়াৰে পৰা পঞ্চম, অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থীক অনুত্তীৰ্ণ নকৰা নীতি নাথাকিব।
নতুন নিয়ম অনুসৰি এতিয়াৰে পৰা পঞ্চম আৰু অষ্টম শ্ৰেণীত কোনো শিক্ষাৰ্থী যদি উত্তীৰ্ণ নহয় তেন্তে তেওঁক পৰৱৰ্তী শ্ৰেণীলৈ উত্তীৰ্ণ কৰাই দিয়াৰ নিয়ম নাথাকিব। অৰ্থাৎ একেটা শ্ৰেণীতে আকৌ অধ্যয়ন কৰিব লাগিব।
২০১৯ ৰ শিক্ষাৰ অধিকাৰ আইনৰ সংশোধনৰ পাছত অতি কমেও ১৬ খন ৰাজ্য আৰু দুখন কেন্দ্ৰীয় শাসিত অঞ্চলত অনুত্তীৰ্ণ নকৰা নীতিৰ বিলুপ্তি কৰা হৈছিল। আজি জাৰি কৰা
এই সুযোগ লাভ কৰাৰ পাছতো যদি কোনো শিক্ষাৰ্থী উত্তীৰ্ণ হ’ব নোৱাৰে তেন্তে তেনে শিক্ষাৰ্থী পঞ্চম অথবা অষ্টম শ্ৰেণীতে পুনৰ অধ্যয়ন কৰিব লাগিব। লগতে কেন্দ্ৰীয় চৰকাৰে এই কথাও ঘোষণা কৰিছে যে কোনো শিক্ষাৰ্থীকে প্ৰাথমিক শিক্ষা সমাপ্ত নোহোৱালৈকে বিদ্যালয়ৰ পৰা উলিয়াই দিব নোৱাৰিব।
শিক্ষা বিভাগৰ এগৰাকী জ্যেষ্ঠ বিষয়াৰ মতে এই নতুন নিয়মৰ ফলত কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত কেন্দ্ৰীয় বিদ্যালয়, নবোদয় আৰু সৈনিক বিদ্যালয়ৰ প্ৰায় ৩০০০ ৰো অধিক বিদ্যালয়ত ইয়াৰ প্ৰভৱ পৰিব।
ৰাজ্য চৰকাৰৰ অধীনস্থ বিদ্যালয়সমূহৰ ক্ষেত্ৰত অৱশ্যে এনে সিদ্ধান্ত কাৰ্যকৰী কৰেনে নাই সেয়া ৰাজ্য চৰকাৰসমূহৰ ওপৰত নিৰ্ভৰ কৰিব। ১৬ খন ৰাজ্যৰ লগতে দিল্লীকে ধৰি দুখন কেন্দ্ৰীয় শাসিত অঞ্চলে ইতিমধ্যে এনে অনুত্তীৰ্ণ নকৰা নীতি ত্যাগ কৰিছে।