কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহলৈ মুকলি কৰিলে ১.৭৩ লাখ কোটি টকাৰ ৰাজহ

কেন্দ্ৰই শুকুৰবাৰে ৰাজ্যসমূহৰ প্ৰাপ্য ১.৭৩ লাখ কোটি টকাৰ ৰাজহ মুকলি কৰি দিছে। ইয়াৰ পূৰ্বে ২০২৪ ৰ ডিচেম্বৰত কেন্দ্ৰই ৰাজ্যসমূহলৈ ৮৯,০৮৬ কোটি টকাৰ ৰাজহ মুকলি কৰি দিছিল। 

author-image
Asomiya Pratidin
New Update
কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহলৈ মুকলি কৰিলে ১.৭৩ লাখ কোটি টকাৰ ৰাজহ

ডিজিটে ডেস্কঃকেন্দ্ৰই শুকুৰবাৰে ৰাজ্যসমূহৰ প্ৰাপ্য ১.৭৩ লাখ কোটি টকাৰ ৰাজহ মুকলি কৰি দিছে। ইয়াৰ পূৰ্বে ২০২৪ ৰ ডিচেম্বৰত কেন্দ্ৰই ৰাজ্যসমূহলৈ ৮৯,০৮৬ কোটি টকাৰ ৰাজহ মুকলি কৰি দিছিল। 

এই সন্দৰ্ভত বিত্ত মন্ত্ৰালয়ে এক বিবৃতিত কয়, "এই মাহত ৰাজ্যসমূহক অধিক ৰাজহ মুকলি কৰা হৈছে যাতে তেওঁলোকে মূলধন ব্যয় বৃদ্ধি কৰিব পাৰে আৰু তেওঁলোকৰ উন্নয়ন আৰু কল্যাণমূলক ব্যয় পূৰণ কৰিব পাৰে।"

জানিব পৰা মতে উত্তৰ প্ৰদেশ, বিহাৰ, মধ্য প্ৰদেশ আৰু পশ্চিম বংগক সৰ্বাধিক ৰাজহ আৱণ্টন দিয়া হৈছে। চলিত বিত্তীয় বৰ্ষৰ (২০২৫) বাজেট আকলন অনুসৰি, ৰাজ্যসমূহৰ অংশ ১২.২ লাখ কোটি টকা ধাৰ্য কৰা হৈছে। যি ২০২৪ চনৰ সংশোধিত আকলন অনুসৰি ১০.৪ শতাংশ বৃদ্ধি।

সাধাৰণতে, এই ৰাজহ ৰাজ্য অনুসৰি বিতৰণ কৰাৰ ক্ষেত্ৰত ১৪ টা বাৰ্ষিক কিস্তিত ৰাজ্যসমূহক প্ৰদান কৰা হয়। ইয়াৰ ভিতৰত ১১ মাহত ১১ টা কিস্তি আৰু মাৰ্চত ৩ টা কিস্তি মুকলি কৰি দিয়া হয়।

পঞ্চদশ বিত্ত আয়োগৰ চূড়ান্ত প্ৰতিবেদন অনুসৰি, কেন্দ্ৰীয় কৰ স্থানান্তৰৰ ক্ষেত্ৰত ৪১ শতাংশ ৰাজ্যসমূহক বিতৰণৰ পৰামৰ্শ দিয়া হৈছিল। চতুৰ্দশ বিত্ত আয়োগে আকৌ ৪২  শতাংশৰ কৰ বিতৰণৰ পৰামৰ্শ দিছিল।

কেন্দ্ৰীয় চৰকাৰৰ উপকৰ আৰু অতিৰিক্ত কৰৰ বাবে ৰাজ্য অনুসৰি কৰ ভাগ বিতৰণ কৰাত তেওঁলোকৰ অংশ কম হ'ব পাৰে। কেগে প্ৰকাশ কৰা তথ্য অনুসৰি ৰাজ্যসমূহে ২০২৫ বিত্তীয় বৰ্ষৰ এপ্ৰিলৰ পৰা নৱেম্বৰলৈ কৰ বিতৰণ ৫ শতাংশ বৃদ্ধিৰ লক্ষ্যণ দেখুৱাইছে। 

বিত্ত মন্ত্ৰালয়ে আশা কৰে যে, ৰাজ্যসমূহে বিত্তীয় বৰ্ষ ২৫-ত মূলধন ব্যয় বৃদ্ধি কৰাৰ বাবে সূত-মুক্ত ঋণ স্থানান্তৰৰ নিয়মশিথিল কৰিব।

কেন্দ্ৰীয় চৰকাৰ ৰাজহ সংগ্ৰহ