দুৰাৰোগ্য ব্যাধিসমূহৰ চিকিৎসাৰ বাবে কেন্দ্ৰই মুকলি কৰি দিলে ৪০ কোটি টকা

author-image
Asomiya Pratidin
New Update
দুৰাৰোগ্য ব্যাধিসমূহৰ চিকিৎসাৰ বাবে কেন্দ্ৰই মুকলি কৰি দিলে ৪০ কোটি টকা

ডিজিটেল ডেস্ক : সমগ্ৰ দেশত দুৰাৰোগ্য ব্যাধিসমূহত আক্ৰান্ত লোকসকললৈ কেন্দ্ৰীয় চৰকাৰে দিলে এক সুখবৰ । কিয়নো বুধবাৰে, কেন্দ্ৰীয় চৰকাৰে দুৰাৰোগ্য ব্যাধিসমূহৰ চিকিৎসাৰ বাবে ৪০ কোটি টকা মুকলি কৰি দিয়ে । এই টকা ১১টা কৈ গৱেষণা কেন্দ্ৰক মুকলি কৰি দিয়াৰ ওপৰিও এইমছৰ বাবে ১০ কোটি টকা কেন্দ্ৰই আগবঢ়াইছে ।

Advertisment

কেন্দ্ৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ (দুৰাৰোগ্য ব্যাধি)য়ে এই পূঁজি মুকলি কৰি দিয়ে ।

উল্লেখ্য যে, দুৰাৰোগ্য ব্যাধিত আক্ৰান্ত শিশুসকলৰ হৈ উচ্চতম ন্যায়ালয়ত এখন আবেদন পত্ৰ ৰুজু কৰা হৈছিল শিশুসকলৰ চিকিৎসাৰ বাবদ চৰকাৰী সাহায্য বিচাৰি, যাৰ বাবেই ন্যায়াধীশ প্ৰতিভা এম সিঙে এক নিৰ্দেশ দিয়ে যে, চিকিৎসাধীন হৈ থকা শিশুসকলৰ চিকিৎসা পূঁজিৰ অভাৱত কোনো কাৰণতেই ৰৈ যাব নোৱাৰিব ।"

সেই নিৰ্দেশৰ আধাৰতেই কেন্দ্ৰই এনে সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিবলৈ পৰা গৈছে ।

কেন্দ্ৰৰ এই সিদ্ধান্ত নিশ্চয়কৈ প্ৰশংসনীয় কিন্তু ১৪০ কোটি জনতাৰ এখন দেশত কেৱল ৪০ কোটি টকাই কিমান শিশুৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হ'ব সেইয়াও এক প্ৰশ্ন ।

health and family welfare