সমকামী বিবাহ: বৈধতা প্ৰদান নকৰিলে কেন্দ্ৰই, ক'লে...

সমকামী বিবাহৰ বৈধতাৰ ওপৰত কেন্দ্ৰৰ পৰা উত্তৰ বিচাৰিছিল ন্যায়ালয়ে। দেওবাৰে কেন্দ্ৰই উত্তৰ দিয়াৰ লগতে ১৫ খন আবেদনৰ বিৰোধিতা কৰে।
সমকামী বিবাহ:  বৈধতা প্ৰদানত বিৰোধিতা কেন্দ্ৰৰ...
সমকামী বিবাহ: বৈধতা প্ৰদানত বিৰোধিতা কেন্দ্ৰৰ...

ডিজিটেল ডেস্কঃ সমকামী বিবাহত আইনী বৈধতা প্ৰদান কৰাৰ বিৰোধিতা কৰে কেন্দ্ৰীয় চৰকাৰে। ইয়াৰ পূৰ্বে সমকামী বিবাহৰ বৈধতাৰ ওপৰত কেন্দ্ৰৰ পৰা উত্তৰ বিচাৰিছিল ন্যায়ালয়ে। দেওবাৰে কেন্দ্ৰই উত্তৰ দিয়াৰ লগতে ১৫ খন আবেদনৰ বিৰোধিতা কৰে।

কেন্দ্ৰই কয় যে, সমকামী বিবাহক স্বীকৃতি দিব নোৱাৰি। এয়া ভাৰতীয় পৰিয়ালৰ ধাৰণাৰ বিৰোধী। এটা পৰিয়াল পতি, পত্নী আৰু তেওঁলোকৰ সন্তানৰ দ্বাৰা হয়। একেলগে বাস কৰা বা সমকামী ব্যক্তিৰ সৈতে যৌন সম্ভোগ কৰাটো স্বামী, পত্নী আৰু সন্তানৰ ভাৰতীয় পাৰিবাৰিক ধাৰণাৰ সৈতে তুলনা নহয়।

৫৬ পৃষ্ঠাৰ শপতনামাত কেন্দ্ৰই কয় যে, উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ে বহুৰায়ত ব্যক্তিগত স্বাধীনতাৰ ব্যাখ্যা স্পষ্ট কৰিছে। এই সিদ্ধান্তবোৰৰ পৰিপ্ৰেক্ষিতত এই আৱেদন খাৰিজ কৰিব লাগে। কিয়নো ইয়াত শুনানি গ্ৰহণ কৰিবলৈ কোনো তথ্য় নাই।

আইন অনুসৰিও সমকামী বিবাহক বৈধ বুলি কব নোৱাৰি বুলি কেন্দ্ৰই কয়। কাৰণ আইনত পতি,পত্নীৰ সংজ্ঞা জৈৱিক ভিত্তিত দিয়া হৈছে। সেই হিচাপে তেওঁলোকৰ অধিকাৰ আছে। যদি সমকামী বিবাহ এখনত বিচ্ছেদ হয় তেন্তে তেওঁলোকৰ পতি-পত্নী হিচাপে কিদৰে বিবেচনা কৰিব।

উল্লেখ্য যে, এই সন্দৰ্ভত সোমবাৰে(১৩ মাৰ্চ)ত উচ্চতম ন্যায়ালয়ত শুনানি গ্ৰহণ কৰা হব।

সমকামী বিবাহ:  বৈধতা প্ৰদানত বিৰোধিতা কেন্দ্ৰৰ...
আইনী বৈধতা লাভ কৰিবনে সমকামী বিবাহে?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in