/asomiyapratidin/media/media_files/2025/01/23/sVJHOrvx9PLhr8hnDYmZ.jpg)
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় চৰকাৰে কেঁচা মৰাপাটৰ নূন্যতম সমৰ্থন মূল্য (এম এছ পি) ৩১৫ টকা বৃদ্ধি কৰিছে। ২০২৫-২৬ বিপণন ঋতুত কেঁচা মৰাপাটৰ প্ৰতি কুইন্টালত ৫,৬৫০ টকা নিৰ্ধাৰণ কৰিছে। কেন্দ্ৰীয় কেবিনেটৰ অনুমোদনৰ পিছত এই পদক্ষেপ লোৱা হৈছে।
এই সিদ্ধান্তই কৃষকসকলক উৎপাদন ব্যয়ৰ ওপৰত গড় ৬৬.৮ শতাংশ লাভ প্ৰদান কৰিব বুলি আশা কৰা হৈছে। ২০১৪-১৫ বৰ্ষৰ পৰা, কেঁচা মৰাপাটৰ এম এছ পি ২.৩৫ গুণ বৃদ্ধি হৈছে।
এম এছ পি বৃদ্ধিৰ লক্ষ্য
কেবিনেটত মৰাপাটৰ ওপৰত এম এছ পি বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণৰ পাছতে ইয়াৰ লক্ষ্য সন্দৰ্ভত বাণিজ্য মন্ত্ৰী পীযুষ গোৱেলে ব্যাখ্যা আগবঢ়াইছে। তেওঁ কয়, মৰাপাট উৎপাদন কৃষকসকলৰ সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰে।
তেওঁ কয়, "মৰাপাট উৎপাদন বিভিন্ন পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰে।ই এক পৰিৱেশ-অনুকূল সামগ্ৰী হিচাপে জনপ্ৰিয়তা লাভ কৰিছে। আমি কৃষকসকলক মৰাপাট উৎপাদনৰ বাবে সদায়েই উৎসাহিত কৰি আহিছো। এম এছ পিত ক্ৰয় কৰাৰ প্ৰতিশ্ৰুতি দিছো।‘’
তেওঁ দোহাৰে যে, মৰাপাট উৎপাদন কৃষকসকলৰ নিজৰ আগ্ৰহৰ ওপৰত নিৰ্ভৰ কৰিব। কোনটো সামগ্ৰীয়ে তেওঁলোকক সৰ্বাধিক মূল্য প্ৰদান কৰিব সেয়া তেওঁলোকে বিচাৰ কৰিব।
২০২৫-২৬ বৰ্ষত এম এছ পি বৃদ্ধি ২০২৪-২৫ বৰ্ষতকৈ অধিক। যোৱা বছৰ, কেঁচা মৰাপাটৰ এম এছ পি প্ৰতি কুইন্টেলত ২৮৫ টকা বৃদ্ধি কৰি ৫,৩৩৫ টকা কৰা হৈছিল।