নীট, নেটৰ কেলংকাৰীৰ মাজতে নতুন আইন কাৰ্যকৰীঃ প্ৰশ্ন কাকত ফাদিল কৰিলেই কোটি টকাৰ জৰিমনা...

নীট, নেটৰ কেলংকাৰীৰ মাজতে নতুন আইন কাৰ্যকৰীঃ প্ৰশ্ন কাকত ফাদিল কৰিলেই কোটি টকাৰ জৰিমনা...
নীট, নেটৰ কেলংকাৰীৰ মাজতে নতুন আইন কাৰ্যকৰীঃ প্ৰশ্ন কাকত ফাদিল কৰিলেই কোটি টকাৰ জৰিমনা...
Published on
Updated on

ডিজিটেল ডেস্কঃ দেশজুৰি NEET-UG আৰু নেটৰ বিতৰ্ক অব্যাহত আছে। নেচনেল টেষ্টিং এজেঞ্চি (NTA)য়ে অনুষ্ঠিত কৰা এই দুই পৰীক্ষাক কেন্দ্ৰ কৰি দেশজুৰি প্ৰতিবাদ অব্যাহত আছে। নীট-ইউজিৰ কেলেংকাৰীৰ মাজতে এন টি এয়ে অনুষ্ঠিত কৰা নেট পৰীক্ষাও বাতিল কৰা হৈছে।

এনে পৰিস্থিতিৰ মাজতে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিলে এখন নতুন আইন কাৰ্যকৰী কৰাৰ কথা। দেশৰ বিভিন্ন প্ৰবেশিকা পৰীক্ষা আৰু প্ৰতিযোগিতামূলক পৰীক্ষাত অনিয়ম আৰু প্ৰশ্ন কাকত ফাদিল কৰা কাৰ্য ৰোধ কৰিবলৈ এই নতুন আইনখন কাৰ্যকৰী কৰা হৈছে।

যোৱা ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হোৱা সংসদৰ অধিৱেশনতে পাছ হৈছিল পৰীক্ষা সম্পৰ্কীয় নতুন আইন- 'পাবলিক এগজামিনেচন (প্ৰিভেনচন অফ আনফেয়াৰ মিনছ) এক্ট-২০২৪'। নীট আৰু নেট পৰীক্ষাত সৃষ্টি হোৱা বিসংগতিৰ পাছতে এতিয়া কেন্দ্ৰীয় চৰকাৰে এই আইন কাৰ্যকৰী কৰাৰ নিৰ্দেশনা জাৰি কৰিছে।  

মন কৰিবলগীয়া যে, দেশজুৰি অব্যাহত থকা পৰীক্ষা সম্পৰ্কীয় এই বিতৰ্কৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান এই আইনখন কাৰ্যকৰী কৰণৰ সন্দৰ্ভত প্ৰশ্নৰ সন্মুখীন হৈছিল। এই প্ৰশ্নৰ উত্তৰত প্ৰধানে কয়, আইনমন্ত্ৰালয়ে ইতিমধ্যে এই আইন সংক্ৰান্তিয় নিয়ম তৈয়াৰ কৰিছে।

প্ৰধানে বৃহস্পতিবাৰে এই কথা উল্লেখ কৰাৰ পাছতে শুকুৰবাৰে নতুন আইনখন কাৰ্যকৰী কৰিলে। এই নতুন আইন অনুসৰি কোনো ব্যক্তিয়ে যদি প্ৰশ্নকাকত ফাদিল কৰে বা উত্তৰ বহীৰ বিসংগতি ধৰা পৰে তেন্তে তেওঁৰ বিৰুদ্ধে জামিন বিহীন ধাৰাত গোচৰ ৰুজু কৰা হ'ব। এই গোচৰত যদি দোষী প্ৰমাণিত হয় তেন্তে অতি কমেও তিনি বছৰ আৰু সৰ্বাধিক পাঁচ বছৰ কাৰাগাৰত থাকিব লাগিব। ইয়াৰোপৰি ক্ষতিপূৰণ হিচাপে দিব লাগিব ১০ লাখ টকাৰ জৰিমনা।

যদিহে কোনা সংস্থা বা পৰীক্ষা অনুষ্ঠিত কৰা আয়োজকে পৰীক্ষা প্ৰক্ৰিয়াত কেলেংকাৰী হোৱাৰ বিষয়ে জানিও মৌন হৈ থাকে তেন্তে তেওঁলোকে ১ কোটি টকা পৰ্যন্ত জৰিমনা ভূগিব লাগিব। ইয়াৰোপৰি কোনো উচ্চ পদস্থ বিষয়া যদি দুৰ্নীতিৰ সৈতে জড়িত থাকে তেন্তে তেওঁ অতি কমেও তিনি বছৰ আৰু সৰ্বাধিক ১০ বছৰ পৰ্যন্ত কাৰাবাসত থাকিব লাগিব। জৰিমনা ভূগিব লাগিব ১ কোটি পৰ্যন্ত টকা।

চৰকাৰে ফালৰ পৰা জাৰি কৰা বিজ্ঞপ্তিত উল্লেখ কৰা অনুসৰি ভাৰতীয় ন্যায় সংহিতাত এই আইন সন্দৰ্ভত উল্লেখ আছে যদিও ভাৰতীয় ন্যায় সংহিতা কাৰ্যকৰী নোহোৱা পৰ্যন্ত ভাৰতীয় দণ্ডবিধিৰ ধাৰাসমূহেই এই আইনত কাৰ্যকৰী কৰা হ'ব। উল্লেখ্য যে, অহা ১ জুলাইৰ পৰা ভাৰতীয় ন্যায় সংহিতা কাৰ্যকৰী কৰা হ'ব।

স্মৰ্তব্য, লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ দিনাই অৰ্থাৎ ৪ জুনতে ঘোষণা কৰা হৈছিল নীট-ইউ জিৰ ফলাফল। এই ফলাফলত এইবাৰ বহু বিসংগতি পোহৰলৈ অহাৰ লগতে প্ৰশ্ন কাকত ফাদিলৰো অভিযোগ উঠিছে। অৱশ্যে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে প্ৰশ্ন কাকত ফাদিলৰ অভিযোগ নস্যাত কৰিছিল।

তাৰ মাজতে কিন্তু বিহাৰ আৰক্ষীৰ আৰ্থিক দুৰ্নীতি নিৰাময় শাখাই নীট-ইউজিৰ প্ৰশ্ন কাকত ফাদিলৰ তদন্ত চলাই প্ৰায় ১৩ জনক গ্ৰেপ্তাৰ কৰিছে। ইয়াৰোপৰি দুই বিজেপি নেতাৰো নামো এই কাণ্ডৰে সাঙুৰ খাইছে।

আনহাতে নেটৰ প্ৰশ্ন কাকত ফাদিলৰ তদন্তৰ দায়িত্ব লৈছে চি বি আইয়ে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ সূত্ৰত প্ৰকাশ কৰা খবৰ অনুসৰি নেট পৰীক্ষাৰ দুদিন পূৰ্বেই অৰ্থাৎ দেওবাৰেই প্ৰশ্নকাকত ফাদিল হৈছিল বুলি অনুমান কৰা হৈছে।

ডাৰ্ক ৱেবত এই প্ৰশ্নকাকতৰ মূল্য উঠিছিল ৬ লাখ টকা পৰ্যন্ত। অৱশ্য নেটৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত এতিয়ালৈকে কাকো গ্ৰেপ্তাৰ কৰা হোৱা নাই। দুই পৰীক্ষাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা এনে পৰিস্থিতিৰ মাজতে কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা নতুন আইন সম্পৰ্কীয় নিৰ্দেশনাই এতিয়া স্বাভাৱিকতে চৰ্চা লাভ কৰিছে। এতিয়া লক্ষ্যণীয় হ'ব নিয়োগ আৰু প্ৰবেশিকা পৰীক্ষাসমূহত সঘনে প্ৰশ্ন কাকত ফাদিলৰ এই পৰম্পৰা নতুন আইনে ৰোধ কৰিব পাৰে নে নোৱাৰে। নে এই আইন কাৰ্যকৰী কৰাৰ পাছতো প্ৰশ্ন কাকত ফাদিলৰ ধাৰাবাহিকতা অব্যাহত থাকিব।

নীট, নেটৰ কেলংকাৰীৰ মাজতে নতুন আইন কাৰ্যকৰীঃ প্ৰশ্ন কাকত ফাদিল কৰিলেই কোটি টকাৰ জৰিমনা...
নীলাচলতে নহয়, কামকূট পাহাৰতো মা কামাখ্যাৰ বন্দনাঃ আৰম্ভ অম্বুবাচী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in