/asomiyapratidin/media/media_files/2025/02/05/2ix3sEjYlAWRhUIusn00.jpg)
ডিজিটেল ডেস্কঃ ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কামাণ্ডৰ সদৰ দপ্তৰ ফোৰ্ট উইলিয়াম। এই ফোৰ্ট উইলিয়ামৰ ইতিহাস ২৫০ বছৰ পুৰণি। ২৫০ বছৰীয়া এই দুৰ্গৰ নাম সলনি কৰিবলৈ সাজু হৈছে কেন্দ্ৰীয় চৰকাৰ।
প্ৰশাসনিক সূত্ৰৰ খবৰ অনুসৰি শীঘ্ৰেই নাম সলনি হ’ব ফ’ৰ্ট উইলিয়ামৰ। ইয়াৰ নতুন নাম হ’ব বিজয় দুৰ্গ। এই সন্দৰ্ভত যোৱা ডিচেম্বৰ মাহতেই সিদ্ধান্ত লৈছিল কেন্দ্ৰই।
মঙলবাৰে প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ মুখ্য জনসংযোগ বিষয়া উংই কামাণ্ডাৰ হিমাংশু তিৱাৰীয়ে এক সংবাদ মেলৰ জৰিয়তে কয়, যোৱা ২ ডিচেম্বৰত নাম সলনিৰ নিৰ্দেশ আহিছিল। চৰাকৰী ভাৱে এতিয়াও ঘোষণা নহ’লেও প্ৰশাসনিক কাম-কাজত এতিয়া ফোৰ্ট উইলিয়ামৰ স্থানত বিজয় দুৰ্গ হিচাপেই উল্লেখ কৰা হৈছে।
উল্লেখ্য যে, কলকাতাত অৱস্থিত ফোৰ্ট উইলিয়াম ভাৰতত ঔপনিবেশিক ব্ৰিটিছ সাম্ৰাজ্যৰ সামৰিক শক্তিৰ সকলোতকৈ শক্তিশালী তথা বৃহৎনিদৰ্শন। ব্ৰিটিছসকলে ভাৰত এৰাৰ পাছত ফোৰ্ট ইউলিয়ামক ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কামাণ্ডৰ দুৰ্গ হিচাপে ব্যৱহাৰ কৰি অহা হৈছে।
এই ফোৰ্ট উইলিয়ামৰ মূল দুৰ্গ স্থাপন কৰা হৈছিল ১৬৯৬ চনত। ইষ্ট ইণ্ডিয়া কোম্পানীয়ে এই দুৰ্গ স্থাপন কৰিছিল। এই দুৰ্গৰ নাম ব্ৰিটেইনৰ তদানীন্তন ৰজা তৃতীয় উইলিয়ামৰ নামেৰে নামাকৰণ কৰা হৈছিল।
এই দুৰ্গ অতিক্ৰম কৰিছিল ছিৰাদ-উদ-দৌলাই। ছিৰাজ-উদ-দৌলাৰ আক্ৰমণত ক্ষতিগ্ৰস্ত হৈছিল এই দুৰ্গটো। ইয়াৰ পাছত ১৭৮১ চনত লৰ্ড ক্লাইভে এই দুৰ্গ পুনৰ নিৰ্মাণ কৰে।
জানিব পৰা মতে ভাৰত চৰকাৰে ঔপনিবেশিক ছাপ মচিবলৈকে এতিয়া ইয়াৰ নাম সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। খবৰ অনুসৰি ফোৰ্ট উইলিয়ামৰ ছাউথ গেটৰ নাম সলনি কৰা হৈছে।
এই ছাউথ গেটৰ নাম নতুনকৈ ৰখা হৈছে শিৱাজী গেট। সুদীৰ্ঘ সময় ধৰি এই গেটখনৰ নাম আছিল ছেইণ্ট জৰ্জ গেট।