পুনৰ বিজেপিৰ সৈতে মিত্ৰতা কৰিব নীতিশ কুমাৰে!

কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আঠৱালে দেওবাৰে কয় যে যোৱা বছৰ বিজেপিৰ সৈতে সম্পৰ্ক ভংগ কৰা বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে যিকোনো সময়তে এন ডি এলৈ উভতি আহিব পাৰে।

author-image
Asomiya Pratidin
New Update
পুনৰ বিজেপিৰ সৈতে মিত্ৰতা কৰিব নীতিশ কুমাৰে!

ডিজিটেল ডেস্কঃ পুনৰ এন ডি এলৈ ঘূৰি আহিব পাৰে নীতিশ কুমাৰ। এই মন্তব্য এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰ। কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আঠৱালে দেওবাৰে কয় যে যোৱা বছৰ বিজেপিৰ সৈতে সম্পৰ্ক ভংগ কৰা বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে যিকোনো সময়তে এন ডি এলৈ উভতি আহিব পাৰে।

Advertisment

ৰামদাস আঠৱালে ভাৰতীয় ৰিপাব্লিকান পাৰ্টিৰ সভাপতি। তেওঁৰ দল কেন্দ্ৰত বিজেপি নেতৃত্বাধীন শাসকীয় মিত্ৰজোঁট এন ডি এৰ অংশ। তেওঁ কয় যে, নীতিশ কুমাৰ আগতে এন ডি এৰ লগতে আছিল । বিহাৰৰ যোৱা বিধানসভা নিৰ্বাচনত বিজেপিয়ে অধিক আসন লাভ কৰা স্বত্বেও তেওঁক মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচন কৰা হৈছিল।

নীতিশ কুমাৰৰ জনতা দল ইউনাইটেডে (জেডিইউ) ২০২২ চনত এন ডি এৰ পৰা বিচ্ছিন্ন হৈছিল। পিছত তেওঁ ৰাষ্ট্ৰীয় জনতা দলৰ (আৰজেডি) সৈতে এখন নতুন চৰকাৰ গঠন কৰে। নীতিশ কুমাৰ হৈছে বিৰোধী দলসমূহৰ মিত্ৰতা ইণ্ডিয়াৰ মুখ্য।

নীতিশ কুমাৰে পুনৰ এনডিএলৈ আহিব পাৰে। কিয়নো ইণ্ডিয়া নামটো লৈ তেওঁৰ আপত্তি আছে। লগতে প্ৰধানমন্ত্ৰীৰ পদবীৰ ক্ষেত্ৰতো তেওঁৰ আপত্তি আছে।

Also Read: অসমৰ স্থায়ী বিধানসভা...

bjp nitish kumar