Advertisment

পথ দুৰ্ঘটনাত আহতৰ প্ৰথম সাত দিনৰ চিকিৎসাৰ ব্যয় বহন কৰিব কেন্দ্ৰই...

পথ দুৰ্ঘটনাত আহতসকলৰ চিকিৎসাৰ বাবে এক নতুন আঁচনি ঘোষণা কৰিলে কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে পথ দুৰ্ঘটনাত আহতসকলৰ বাবে নগদবিহীন চিকিৎসাৰ কথা ঘোষণা কৰিছে।

author-image
Asomiya Pratidin
New Update
পথ দুৰ্ঘটনাত আহতৰ প্ৰথম সাত দিনৰ চিকিৎসাৰ ব্যয় বহন কৰিব কেন্দ্ৰই...

 ডিজিটেল ডেস্কঃ পথ দুৰ্ঘটনাত আহতসকলৰ চিকিৎসাৰ বাবে এক নতুন আঁচনি ঘোষণা কৰিলে কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে পথ দুৰ্ঘটনাত আহতসকলৰ বাবে নগদবিহীন চিকিৎসাৰ কথা ঘোষণা কৰিছে।

Advertisment

 

তেওঁ জনাইছে, পথ দুৰ্ঘটনাত আহতসকলক প্ৰথম ৭ দিনৰ চিকিৎসাৰ বাবে ডেৰ লাখ টকা পৰ্যন্ত খৰচ বহন কৰিব কেন্দ্ৰীয় চৰকাৰে। কেৱল সেয়াই নহয়, 'হিট এণ্ড ৰাণ' গোচৰত ভুক্তভোগীৰ পৰিয়ালকো ক্ষতিপূৰণ দিব কেন্দ্ৰই।

 

গাডকাৰীয়ে জনোৱা অনুসৰি পথ দুৰ্ঘটনাৰ ক্ষেত্ৰত ২৪ ঘণ্টাৰ ভিতৰত আৰক্ষীক এই বিষয়ে অৱগত কৰিলে আহতৰ চিকিৎসাৰ ব্যয় বহন কৰিব চৰকাৰে। গাডকাৰীয়ে প্ৰকাশ কৰা মতে ২০২৪ ত দেশত পথ দুৰ্ঘটনাত মৃত্যু হৈছে প্ৰায় ৮০ হাজাৰ লোকৰ।

 

এই পৰিসংখ্যা উল্লেখ কৰি উদ্বেগো প্ৰকাশ কৰিছে বৰ্ষীয়ান মন্ত্ৰীগৰাকীয়ে। তেওঁ পুনৰ পথ নিয়ন্ত্ৰণৰ বিষয়টো নিশ্চিত কৰাৰ কথা উল্লেখ কৰিছে।

 

এই সন্দৰ্ভত গাডকাৰীয়ে কয়, যোৱা এটা বছৰত কেৱল হেলমেট পৰিধান নকৰাৰ বাবেই মৃত্যু হৈছে ৩০ হাজাৰ জন লোকৰ। এই ৩০ হাজাৰ মৃতকৰ ভিতৰত ১৮ ৰ পৰা ৩৪ বছৰ বয়সৰ যুৱকেই সৰ্বাধিক।

 

লগতে তেওঁ কয় যে, বিদ্যালয়, মহাবিদ্যালয়কে ধৰি বিভিন্ন শৈক্ষিক প্ৰতিষ্ঠানৰ প্ৰবেশ আৰু প্ৰস্থানৰ সময়তো বহু দুৰ্ঘটনা সংঘটিত হৈছে। সঠিক পৰিকল্পনাৰ অভাৱত দুৰ্ঘটনাত ১০ হাজাৰ শিশুৰ মৃত্যু হৈছে।

 

এই সংখ্যা আগন্তুক সময়ত হ্ৰাস কৰিবলৈ চেষ্টা চলোৱাৰ কথাও ঘোষণা কৰিছে গাডকাৰীয়ে। মঙ্গলবাৰে দিল্লীৰ ভাৰত মণ্ডপমত ৰাজ্যসমূহৰ পৰিবহণ মন্ত্ৰীসকলৰ সৈতে হোৱা এক বৈঠকত গাডকাৰীয়ে এই বিষয়সমূহ উল্লেখ কৰিছে।

 

এই বৈঠকত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহৰ মাজত সহযোগিতাপূৰ্ণ সম্পূৰ্কৰ উন্নতিৰ লগতে আৰু পৰিবহণ নীতিসমূহো আলোচনা কৰা হয়।এই বৈঠকতে তেওঁ পথ দুৰ্ঘটনাত আহতসকলক ডেৰ লাখ টকা পৰ্যন্ত চিকিৎসা ব্যয় বহন কৰাৰ কথা ঘোষণা কৰিছে। 

পথ দুৰ্ঘটনা নীতিন গাডকাৰী