এটা বছৰতে গুজৰাটত মৃত্যু ১৬৫টা সিংহৰঃ ৫ বছৰত মৃত্যুু ৬৬৯ টা সিংহৰ

যোৱা এটা বছৰত প্ৰতি দুদিনৰ মূৰে মূৰে এটাকৈ সিংহৰ মৃত্যু হৈছে গুজৰাটত। শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছে যোৱা পাঁচ বছৰত গুজৰাটত মৃত্যু হোৱা সিংহৰ তথ্য।

author-image
Tushar Pratim
New Update
এটা বছৰতে গুজৰাটত মৃত্যু ১৬৫টা সিংহৰঃ ৫ বছৰত মৃত্যুু ৬৬৯ টা সিংহৰ

ডিজিটেল ডেস্কঃ যোৱা এটা বছৰত প্ৰতি দুদিনৰ মূৰে মূৰে এটাকৈ সিংহৰ মৃত্যু হৈছে গুজৰাটত। শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছে যোৱা পাঁচ বছৰত গুজৰাটত মৃত্যু হোৱা সিংহৰ তথ্য। সেই অনুসৰি ২০২০ চনৰ পিছত যোৱা বছৰ সৰ্বাধিক সিংহৰ মৃত্যু হৈছে।

Advertisment

কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰাণালয়ৰ তথ্য অনুসৰি গুজৰাটত যোৱা পাঁচ বছৰত ৬৬৯ টা সিংহৰ মৃত্যু হৈছে। ইয়াৰে ১৬৫টা সিংহৰ মৃত্যু হৈছে কেৱল ২০২৪ চনত। অৰ্থাৎ যোৱা বছৰ প্ৰতি দুদিনৰ মূৰে মূৰে এটাকৈ সিংহৰ মৃত্যু হৈছিল।

উল্লেখ্য যে, শেহতীয়াকৈ ৰাজ্যসভাত উত্থাপন কৰা এটা প্ৰশ্ন সন্দৰ্ভত দিয়া উত্তৰত এই তথ্য পোহৰলৈ আহিছে। ৰাজ্যসভাত প্ৰশ্ন কৰা হৈছিল, যোৱা পাঁচ বছৰত গুজৰাটত কিমান সিংহৰ মৃত্যু হৈছিল? ইয়াৰ উত্তৰত পৰিবেশ, বন আৰু জলবায়ু পৰিবৰ্তনৰ ৰাজ্যিক মন্ত্ৰী কীৰ্তি বৰ্ধন সিঙে কয় যে, ২০২০ চনত ১৪২ টা সিংহৰ মৃত্যু হৈছিল।

২০২১ চনত ১২৪ টা সিংহৰ মৃত্যু হৈছিল।তাৰ পিছত ২০২২, ২০২৩, আৰু ২০২৪ চনত ক্ৰমে ১১৭, ১২১, আৰু ১৬৫ টা সিংহৰ মৃত্যু হৈছে। সংসদত সিংহৰ মৃত্যুৰ কাৰণ সন্দৰ্ভতো প্ৰত্যুত্তৰ দিয়ে মন্ত্ৰীগৰাকীয়ে। 
গুজৰাট চৰকাৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত কীৰ্তি বৰ্ধনে কয় যে, গুজৰাটত বয়সৰ লগত জড়িত কাৰণ, অসুস্থতা, যুঁজত হোৱা আঘাত, মুকলি কুঁৱাত পৰি, বিদ্যুৎস্পৃষ্ট, দুৰ্ঘটনা আদি বিভিন্ন কাৰণত সিংহৰ মৃত্যু হৈছে। অৱশ্যে এই পাঁচ বছৰত চোৰাং চিকাৰীৰ বাবে কোনো সিংহৰ মৃত্যু হোৱা নাই বুলিও মন্ত্ৰীগৰাকীয়ে কয়।

যোৱা তিনি বছৰত ক্ৰমাগতভাৱে বৃদ্ধি পাইছে সিংহৰ মৃত্যু। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সংসদত অৱগত কৰে যে ২০১৫ চনৰ তুলনাত ২০২০ চনত গুজৰাটত মুঠ সিংহৰ সংখ্যা বৃদ্ধি পাইছে। তেওঁ কয় যে ২০১৫ চনত গুজৰাটত ৫২৩টা সিংহ আছিল।

২০২০ চনত সিংহৰ সংখ্যা ৬৭৮টালৈ বৃদ্ধি পালে। গুজৰাটত চলিত বৰ্ষৰ মে’ মাহত নতুনকৈ সিংহৰ সংখ্যা প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে। ইয়াৰ পূৰ্বে ফেব্ৰুৱাৰী মাহত কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দৰ যাদৱে ৰাজ্যসভাক জনাইছিল যে গুজৰাটৰ গীৰ বনাঞ্চলত সিংহৰ বাবে পৰ্যাপ্ত চিকাৰ আছে। তেওঁ কয় যে, গিৰত সিংহই চিকাৰ কৰিব পৰা জীৱ-জন্তুৰ সংখ্যাও বৃদ্ধি পাইছে।

ৰাজ্যসভা গুজৰাট