গৃহমন্ত্ৰণালয়ে জাৰি কৰিলে অধিসূচনাঃ দেশজুৰি কাৰ্যকৰী CAA...

ৰাজ্যত আৰম্ভ প্ৰতিবাদ

author-image
Asomiya Pratidin
New Update
গৃহমন্ত্ৰণালয়ে জাৰি কৰিলে অধিসূচনাঃ দেশজুৰি কাৰ্যকৰী CAA...

গৃহমন্ত্ৰণালয়ে জাৰি কৰিলে অধিসূচনাঃ দেশজুৰি কাৰ্যকৰী CAA...

ডিজিটেল ডেস্কঃ অৱশেষত কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ে জাৰি কৰিলে অধিসূচনা। দেশজুৰি কাৰ্যকৰী হ'ল নাগৰিকত্ব সংশোধনী আইন-২০১৯। কেন্দ্ৰত প্ৰথমবাৰৰ বাবে শাসনলৈ অহাৰ পাছতে বিজেপিয়ে আনিছিল নাগৰিকত্ব সংশোধনী বিল।

Advertisment

২০১৯ লোকসভা নিৰ্বাচনৰ পূৰ্বে দেশজুৰি হোৱা আন্দোলনৰ প্ৰতিবাদৰ মাজতে লোকসভাত এই বিল গৃহীত হৈছিল যদিও ৰাজ্যসভাত এই বিল উত্থাপন নকৰিলে বিজেপিয়ে।

ইয়াৰ পিছত ২০১৯ ত পুনৰ ক্ষমতালৈ অহাৰ পিছতে বিজেপিয়ে পুনৰ নাগৰিকত্ব সংশোধনী বিল উত্থাপন কৰি দুয়োখন সদনতে গৃহীত কৰে আৰু ৰাষ্ট্ৰপতিয়ে এই আইনত অনুমোদন জনোৱাত ই আইনলৈ ৰূপান্তৰ হয়। এই আইনৰ বিৰুদ্ধে দেশজুৰি বিতৰ্ক, বিৰোধিতাৰে প্ৰতিবাদৰ সমান্তৰালকৈ উচ্চতম ন্যায়ালয়ত দাখিল হৈছে কেইবাখনো আৱেদন।

এই আৱেদনৰ ভিত্তিতে উচ্চতম ন্যায়ালয়ত আইনখনৰ বিৰুদ্ধে গোচৰ চলি আছে যদিও গৃহমন্ত্ৰালয়ে দেশজুৰি আইনখন কাৰ্যকৰী কৰা বিষয়টোৱে বিভিন্ন প্ৰশ্নৰ উদ্ৰেক ঘটনাইছে। সদৌ অসম ছাত্ৰ সন্থাকে ধৰি বিভিন্ন সংগঠনে উচ্চতম ন্যয়ালায়ৰ বিচাৰাধীন এটা বিষয়ৰ ওপৰত হাত নিদিবলৈ বাৰম্বাৰ হুংকাৰ দি আহিছিল।

উল্লেখ্য যে, এই আইন কাৰ্যকৰী হোৱাৰ লগে লগে এতিয়া চুবুৰীয়া বাংলাদেশ, পাকিস্তান, আফাগানিস্তান আদি দেশত ধৰ্মীয় উৎপীড়নৰ বাবে হিন্দু, বৌদ্ধ, শিখ, পাৰ্চী আৰু খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকে ভাৰতত আশ্ৰয় বিচাৰিলে তেনে তেওঁলোকক ভাৰতৰ নাগৰিকত্ব প্ৰদান কৰা হ'ব। নিৰ্দিষ্ট পৰ্টেলৰ জৰিয়তে ভাৰতীয় নাগৰিকত্ব লাভৰ বাবে এই লোকসকলে আৱেদন কৰাৰ সুযোগ লাভ কৰিব।

এই আইন কাৰ্যকৰী হোৱাৰ লগে লগে ৰাজ্যত ইতিমধ্যে আৰম্ভ হৈছে প্ৰতিবাদ। অখিল গগৈ, ৰাইজৰ দল, সদৌ অসম ছাত্ৰ সন্থা, এ জে ৱাই চি পি, এ জে পি, কংগ্ৰেছকে ধৰি ৰাজনৈতিক, অৰাজনৈতিক দল, সংগঠন, নেতৃত্বই দিছে প্ৰতিবাদৰ হুংকাৰ। ৰাইজলৈ অগবঢ়াইছে গণতান্ত্ৰিক প্ৰতিবাদৰ আহ্বান।

Also Read: নিৰ্বাচন আয়ুক্ত নিযুক্তিত BJPৰ হস্তক্ষেপৰ বিৰোধিতাৰে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ কংগ্ৰেছ...

কেন্দ্ৰীয় গৃহমন্ত্ৰণালয় কা