/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/supreme-court.jpg)
আইন প্ৰস্তুত কৰাটো সংসদৰ কাম, ন্যায়ালয় ইয়াৰ পৰা দূৰত থকা উচিত: কেন্দ্ৰীয় চৰকাৰ...
ডিজিটেল ডেস্কঃ আইন প্ৰস্তুত কৰাৰ কাম সংসদৰ। ন্যায়ালয় ইয়াৰ পৰা দূৰত থকা উচিত। দেশৰ উচ্চতম ন্যায়ালয়ত কেন্দ্ৰীয় চৰকাৰে ক’লে এইদৰে।
উল্লেখ্য যে, সমলিংগ বিবাহৰ বৈধতা প্ৰদান সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত দাখিল কৰা হৈছিল এখন ৰাজহুৱা স্বাৰ্থজড়িত আৱেদন।সমলিংগ বিবাহৰ বাবে অপেক্ষা কৰি থকা হায়দৰাবাদৰ সুপ্ৰিয়া আৰু অভয় নামৰ দুই ব্যক্তিয়ে দাখিল কৰিছিল এই আৱেদন।
এই আৱেদনত তেওঁলোকে যোৱা এটা দশকৰো অধিক সময় একেলগে বাস কৰি থকাৰ কথা উল্লেখ কৰি তেওঁলোকৰ মাজত থকা সম্পৰ্কৰ কথাও উল্লেখ কৰিছিল। তেওঁলোকে বিচাৰিছিল বৈবাহিক সম্পৰ্কৰে বান্ধখোৱা লোকসকলে যিসমূহ সুবিধা লাভ কৰে সেই সুবিধা তেওঁলোকেও যাতে লাভ কৰে।
আৱেদনত কোৱা হৈছিল সমলিংগ বিবাহৰ কোনো আইনী বৈধতা নথকাৰ বাবেই সেই সুবিধাৰ পৰা বঞ্চিত হৈ আছে। উচ্চতম ন্যায়ালয়ে বাৰে বাৰে কৈ আহিছে যিকোনো ব্যক্তিয়ে নিজৰ পচন্দৰ ব্যক্তিৰ সৈতে বিবাহ সম্পন্ন কৰা আৰু জীৱন অতিবাহিত কৰাটো তেওঁলোকৰ স্বাধীনতা।
এই আৱেদনৰ আধাৰতে উচ্চতম ন্যায়ালয়ে শুনানি গ্ৰহণ কৰিছিল। শুনানিৰ সময়ত কেন্দ্ৰীয় চৰকাৰে এই সন্দৰ্ভত কয়, সমলিংগ বিবাহ বৈধ কৰাৰ বাবে যি দাবী উত্থাপন হৈছে সেই দাবী চহৰৰ এলিত ক্লাছৰহে দাবী।
ইয়াৰ দ্বাৰা সাধাৰণ নাগৰিকৰ অসুবিধাহে হ’ব। চৰকাৰে ন্যায়ালয়ত কয়, এই বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰাটো সংসদৰ কাম। ন্যায়ালয় এই সিদ্ধান্তৰ পৰা দূৰত থকা উচিত।
কেন্দ্ৰই সমলিংগ বিবাহ সন্দৰ্ভত দ্বিতীয়খন শপতনামা আজি দাখিল কৰিছে। ইয়াত উল্লেখ কৰা হৈছে সকলো ধৰ্মৰে বিবাহৰ এক সামাজিক মহত্ব আছে। হিন্দু সমাজত বিবাহক এক সংস্কৰ হিচাপে মানি চলা হয়। ইছলামতো একেই নিয়ম। সেয়ে এই আৱেদনক খাৰিজ কৰা উচিত।
এই সন্দৰ্ভত ন্যায়ালয়ে পৰৱৰ্তী শুনানি গ্ৰহণ কৰিব ১৮ এপ্ৰিলত।যোৱা ১৩ মাৰ্চত এই বিষয়টো ন্যায়ালয়ৰ ৫ জনীয়া বিচাৰপীঠৰ মেজলৈ প্ৰেৰণ কৰা হৈছিল। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত বহিছে এই বিচাৰপীঠ।
Also Read: ক'ত হেৰাইছিল জিতুল সোণোৱাল...