/asomiyapratidin/media/media_files/2025/01/30/vc8YfpKZPQdVNU7PWkd3.jpg)
ডিজিটেল ডেস্কঃ ভাৰতে দেশীয় প্ৰযুক্তিৰে নিৰ্মাণ কৰা মাল্টি-লঞ্চ আৰ্টিলেৰী ৰকেট ছিচেষ্টমৰ সন্দৰ্ভত এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেবিনেট কমিটী অন ছিকিউৰিটি (চি চি এছ)-এ বুধবাৰে প্ৰায় ১০,২০০ কোটি টকাৰ দুটা প্ৰধান অস্ত্ৰ চুক্তিত অনুমোদন জনাইছে।
কি কি আছে এই চুক্তিত
কেবিনেট কমিটী অন ছিকিউৰিটিয়ে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি এই চুক্তিত আছে ক্ৰমে-
- উচ্চ বিস্ফোৰক প্ৰি-ফ্ৰেগমেণ্টেড ৰকেট এমুনিশ্যন- ৫,৭০০ কোটি
- এৰিয়া ডিনায়াল মিউনিশ্যন (এ ডি এম)- ৪,৫০০ কোটি
মন কৰিবলগীয়া যে এই অস্ত্ৰ-শস্ত্ৰই ১১ লাখ সদস্যৰে পৰিপূৰ্ণ ভাৰতীয় সেনাৰ বাবে ১০ টা পিনাকা ৰেজিমেণ্টৰ চাহিদা পূৰণ কৰিব।
পিনাকা ৰকেটৰ শক্তি আৰু পৰিসীমা
উল্লেখ্য যে, কেবিনেট কমিটী অন ছিকিউৰিটিয়ে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি উচ্চ বিস্ফোৰক প্ৰি-ফ্ৰেগমেণ্টেড ৰকেট এমুনিশ্যনৰ বাবে ৫,৭০০ কোটি টকা নিৰ্ধাৰণ কৰা হৈছে। এই অস্ত্ৰৰ পৰিসৰ ৪৫ কিলোমিটাৰ।
সেইদৰে এৰিয়া ডিনায়াল মিউনিশ্যনৰ পৰিসৰ ৩৭ কিলোমিটাৰ পৰ্যন্ত। এই এৰিয়া ডিনায়াল মিউনিশ্যনৰ ভিতৰত আছে একাধিক বোমা। যাৰ শত্ৰুৰ অঞ্চল সম্পূৰ্ণৰূপে ধ্বংস কৰাৰ সক্ষমতা আছে।
এই সমূহৰ উৎপাদন কোনে কৰিব?
জানিব পৰা মতে এই অস্ত্ৰ-শস্ত্ৰসমূহ ৬০:৪০ অনুপাতত উৎপাদন কৰিব নাগপুৰৰ বেচৰকাৰী সংস্থা ছোলাৰ গ্ৰুপ আৰু ৰাষ্ট্ৰীয়কৃত সংস্থা মিউনিছন ইণ্ডিয়া লিমিটেডে।
সেনাবাহিনীৰ বৰ্তমান প্ৰস্তুতি
মন কৰিবলগীয়া যে, ভাৰতীয় সেনাত বৰ্তমান ৪ টা পিনাকা ৰেজিমেণ্ট আছে। যাৰ কিছু লঞ্চাৰ উত্তৰ সীমান্তত চীনৰ সৈতে সৃষ্টি হোৱা উত্তেজনাপূৰ্ণ এলেকাত মোতায়েন কৰা হৈছে।
আন ৬ টা ৰেজিমেণ্ট সেনা বাহিনীৰ সৈতে একত্ৰিত হোৱাৰ প্ৰক্ৰিয়া অব্যাহত আছে। স্মৰ্তব্য যে, ডি আৰ ডি অ’ই ইতিমধ্যে ৪৫ কিলোমিটাৰ আৰু ৭৫ কিলিমিটাৰ পৰিসৰৰ ৰকেট তৈয়াৰ কৰিছে। তেওঁলোকে ভৱিষ্যতে এইসমূহৰ পৰিসৰ ১২০ কিলোমিটাৰৰ পৰা ৩০০ কিলোমিটাৰ পৰ্যন্ত বৃদ্ধি কৰাৰ পৰিকল্পনাৰে কাম কৰি আছে।
এই সন্দৰ্ভত সেনা প্ৰধান জেনেৰেল উপেন্ৰ্ো দ্বিবেদীয়ে কয়, যদি দীৰ্ঘ পৰিসৰৰ ৰকেট সফলভাৱে তৈয়াৰ কৰিব পৰা যায়, তেন্তে আমি অন্যান্য বিকল্প অস্ত্ৰ প্ৰকল্প বাদ দি ইয়াক কেন্দ্ৰ কৰিয়েই সামৰিক পৰিকল্পনা প্ৰস্তুত কৰিম।