আজিৰে পৰা ৭,৮৪২ টা পৰীক্ষা কেন্দ্ৰত আৰম্ভ হৈছে CBSE ৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা

আজিৰে পৰা আৰম্ভ হৈছে চি বি এছ ইৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষা। সমগ্ৰ ভাৰতৰ মুঠ ৭,৮৪২ টা পৰীক্ষা কেন্দ্ৰত, লগতে বিশ্বৰ ২৬খন দেশত অনুষ্ঠিত হৈছে।

author-image
Tushar Pratim
New Update
আজিৰে পৰা ৭,৮৪২ টা পৰীক্ষা কেন্দ্ৰত আৰম্ভ হৈছে CBSE ৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা

ডিজিটেল ডেস্কঃ আজিৰে পৰা আৰম্ভ হৈছে চি বি এছ ইৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষা। সমগ্ৰ ভাৰতৰ মুঠ ৭,৮৪২ টা পৰীক্ষা কেন্দ্ৰত, লগতে বিশ্বৰ ২৬খন দেশত অনুষ্ঠিত হৈছে। এইবাৰ চিবিএছইয়ে প্ৰকাশ কৰা তথ্য অনুসৰি দশম শ্ৰেণীৰ মুঠ ২৪,১২,০৭২ গৰাকীয়ে ৮৪ টা বিষয়ত পৰীক্ষাত বহিছে।

Advertisment

আনহাতে দ্বাদশ শ্ৰেণীৰ ১৭,৮৮,১৬৫ গৰাকী শিক্ষাৰ্থীয়ে ১২০টা বিষয়ত পৰীক্ষাত অৱতীৰ্ণ হৈছে। ২০২৫ চনত ব’ৰ্ড পৰীক্ষাত অৱতীৰ্ণ হোৱা মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ৪২,০০,২৩৭ গৰাকী। যোৱা বছৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আছিল ৩৮,৮৫,৫৪২ গৰাকী। যোৱা বছৰৰ তুলনাত এইবাৰ ৩,১৪,৬৯৫ গৰাকী শিক্ষাৰ্থী বৃদ্ধি পাইছে।

চিবিএছই ব’ৰ্ডৰ পৰীক্ষাৰ আজিৰ প্ৰথম দিনটোত দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে পুৱা ১০:৩০ বজাৰ পৰা ১:৩০ বজালৈ ইংৰাজী (Communicative) আৰু ইংৰাজী (Language and Literature) কাকতখনৰ পৰীক্ষাত অৱতীৰ্ণ হৈছে।

ইফালে, একেটা সময়তে উদ্যোগীকৰণৰ কাকতখনৰ পৰীক্ষাত অৱতীৰ্ণ হৈছে দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল। পৰীক্ষা সঠিকভাৱে পৰিচালনা কৰাৰ বাবে অন্যান্য সকলো সুৰক্ষা মূলক ব্যৱস্থা গ্ৰহণ কৰাৰ উপৰিও পৰীক্ষা কেন্দ্ৰসমূহত চিচি টিভি কেমেৰা স্থাপন কৰা হৈছে বুলি জনাইছে চিবিএছইৰ পৰীক্ষা নিয়ন্ত্ৰক সনয়ম ভৰদ্বাজে।

তেওঁ জনোৱা মতে পৰীক্ষা কেন্দ্ৰসমূহৰ প্ৰতি ১০টা কোঠাৰ বাবে সহকাৰী অধীক্ষকে চিচিটিভিৰ ফুটেজ নিৰীক্ষণ কৰিব। যিসমূহ পৰীক্ষা কেন্দ্ৰই অনুৰোধৰ ভিত্তিত চিচিটিভি ফুটেজ প্ৰদান নকৰে তেনে বিদ্যালয়ক অন্যায় কামত জড়িত বুলি গণ্য কৰা হ’ব।

ইফালে চিবিএছইয়ে নম্বৰ পৰীক্ষণ প্ৰক্ৰিয়া আপডেট কৰিছে। ফলত ছাত্ৰ-ছাত্ৰীসকলে উত্তৰ বহী বিচাৰি পোনপটীয়াকৈ অনুৰোধ কৰিব পাৰিব। তথ্যৰ ভিত্তিত তেওঁলোকে নিজৰ নম্বৰৰ পৰীক্ষণ বা পুনৰ মূল্যায়নৰ বাবে অনুৰোধ কৰিব পাৰে।

১৮ মাৰ্চত দশম শ্ৰেণীৰ চিবিএছই ব’ৰ্ডৰ পৰীক্ষা সমাপ্ত হোৱাৰ বিপৰীতে ৪ এপ্ৰিলত শেষ হ’ব দ্বাদশ শ্ৰেণীৰ চিবিএছই ব’ৰ্ডৰ পৰীক্ষা।

পৰীক্ষা সন্দৰ্ভত সংক্ষিপ্ত তথ্য

  • দশম শ্ৰেণীৰ মুঠ ছাত্ৰ-ছাত্ৰী: ২৪,১২,০৭২
  • দ্বাদশ শ্ৰেণীৰ মুঠ ছাত্ৰ-ছাত্ৰী: ১৭,৮৮,১৬৫
  • দুয়োটা শ্ৰেণী মিলাই মুঠ ছাত্ৰ-ছাত্ৰী: ৪২,০০,২৩৭ জন
  • দশম শ্ৰেণীৰ বাবে মুঠ বিষয়: ৮৪
  • দ্বাদশ শ্ৰেণীৰ বাবে মুঠ বিষয়: ১২০
  • দুয়োটা শ্ৰেণী মিলাই মুঠ বিষয় হৈছে: ২০৪
  • পৰীক্ষা অনুষ্ঠিত হোৱা বিদ্যালয়: ৩০ হাজাৰৰো ওপৰত
  • মুঠ পৰীক্ষা কেন্দ্ৰঃ ৭,৮৪২ টা
  • পৰীক্ষাৰ বাবে প্ৰয়োজনীয় কোঠা: ১০,৫০,০৫৯
  • উত্তৰ পুথিৰ ওজনঃ ১,৫১২ মেট্ৰিক টন
  • প্ৰশ্নকাকতৰ ওজনঃ ১৫০০ মেট্ৰিক টন
  • সহকাৰী অধীক্ষক: ২,১০,০১২
  • প্ৰয়োজনীয় মূল্যায়ক: ১১,৪৫,৫১৯
চি বি এছ ই