আজি চিবিআই জেৰাৰ সন্মুখীন হ'ব দিল্লীৰ শিক্ষামন্ত্ৰী মনীষ চিচোদিয়া...

author-image
Asomiya Pratidin
New Update
''চিবিআই জিম্মাত মনীষ ছিচদিয়াক মানসিক নিৰ্যাতন চলোৱা হৈছে''

ডিজিটেল ডেস্ক : সুৰাৰ বিপনী আবণ্টন গোচৰ সন্দৰ্ভত দিল্লীৰ শিক্ষা মন্ত্ৰী গৰাকীৰ বিৰুদ্ধে ৰুজু কৰা গোচৰৰ ২ মাহ সম্পূৰ্ণ নহওতেই চিবিআইৰ কাৰ্যালয়ত জেৰাৰ বাবে উপস্থিত হোৱাৰ চমন আহিল মনীষ চিচোদিয়াৰ বাবে । ৰবিবাৰে এক টুইট যোগে এই কথা প্ৰকাশ কৰে মন্ত্ৰী গৰাকীয়ে ।

মন্ত্ৰী গৰাকীৰ ভাষ্য অনুসৰি, তেখেতৰ বাসগৃহত চিবিআইৰ ১৪ ঘন্টীয়া অভিযান, বেংক লকাৰ পৰ্যন্ত পৰীক্ষণ কৰাৰ পাছতো কোনো আপত্তিজনক তথ্য লাভ নকৰাৰ পাছত আকৌ সোমবাৰে দিনৰ ১১ বজাত চিবিআইৰ কাৰ্যালয়ত উপস্থিত হ'ব লাগিব মন্ত্ৰী গৰাকী ।

আনহাতে এই সন্দৰ্ভত, আম আদমী পাৰ্টিয়ে আশংকা প্ৰকাশ কৰিছে যে নেতাগৰাকীৰ গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা প্ৰবল । আগন্তুক গুজৰাট বিধান সভা নিৰ্বাচনৰ বাবেই শাসক গোষ্ঠীয়ে এই পদক্ষেপ লোৱা বুলিও অভিযোগ প্ৰকাশ কৰে দলটিয়ে ।

 উল্লেখ্য যে, প্ৰায় ১০ হেজাৰ কোটি টকাৰ এক সুৰাৰ বিপনী আবণ্টন কেলেংকাৰীত জড়িত থকা বুলি মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে উত্থাপন হৈছিল অভিযোগ । তাৰ পাছতেই ৫০০ তকৈও অধিক স্থানত চলোৱা হৈছিল চিবিআই আৰু ইডিৰ যুটীয়া অভিযান ।

cbi aap manish sisodiya