প্ৰাক্তন চৰকাৰী বিষয়াৰ বিভিন্ন স্থানত তালাচী, জব্দ কোটি কোটি টকা...

মঙলবাৰে দিল্লীৰ ৱাপকোছ লিমিটেডৰ প্ৰাক্তন অধ্যক্ষ তথা পৰিচালনা সঞ্চালক (চিএমডি) ৰাজেন্দ্ৰ কুমাৰ গুপ্তাৰ চৌহদত তালাচী চলাই ২০ কোটি টকা জব্দ কৰে।

author-image
Asomiya Pratidin
New Update
প্ৰাক্তন চৰকাৰী বিষয়াৰ বিভিন্ন স্থানত তালাচী, জব্দ কোটি কোটি টকা...

ডিজিটেল ডেস্কঃ এগৰাকী প্ৰাক্তন চৰকাৰী কৰ্মচাৰীৰ পৰা চিবিআইয়ে জব্দ কৰিলে কোটি কোটি টকা। মঙলবাৰে দিল্লীৰ ৱাপকোছ লিমিটেডৰ প্ৰাক্তন অধ্যক্ষ তথা পৰিচালনা সঞ্চালক (চিএমডি) ৰাজেন্দ্ৰ কুমাৰ গুপ্তাৰ চৌহদত তালাচী চলাই ২০ কোটি টকা জব্দ কৰে।

Advertisment

চিবিআইয়ে গুপ্তাৰ ১৯ টা স্থানৰ পৰা নগদ ২০ কোটিতকৈও অধিক টকা জব্দ কৰিছে। মঙলবাৰে চিবিআইয়ে জনাইছে এই কথা। ইয়াৰ পূৰ্বে চিবিআইয়ে উপাৰ্জনকৈ অধিক বেছি সম্পত্তি গটোৱাৰ বাবে গোচৰ ৰুজু কৰিছিন। অভিযানৰ সময়ত গুপ্তাৰ পৰা বৃহৎ পৰিমাণৰ গহনা, মূল্যৱান সামগ্ৰী আৰু আপত্তিজনক নথি-পত্ৰ উদ্ধাৰ কৰে।

বাপকোচ হৈছে জল শক্তি মন্ত্ৰালয়ৰ প্ৰশাসনিক নিয়ন্ত্ৰণত চৰকাৰৰ এক সম্পূৰ্ণ মালিকানাধীন কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ উদ্যোগ। ইয়াক পূৰ্বতে 'ৱাটাৰ এণ্ড পাৱাৰ কনচাল্টেন্সি চাৰ্ভিচেছ (ইণ্ডিয়া) লিমিটেড' বুলি জনা গৈছিল।

চিবিআইয়ে কৈছে যে ২০১১ চনৰ পৰা ২০১৯ চনলৈ লোক জনে উপাৰ্জনৰ তুলনাত অধিক সম্পত্তি গটাইছে। দিল্লী, গুৰুগ্ৰাম, পঞ্চকুলা, চনিপত আৰু চণ্ডিগড়ৰ ফ্লেট, বাণিজ্যিক সম্পত্তি আৰু ফাৰ্ম হাউচ আদি আছে লোকজনৰ। ঘটনা সন্দৰ্ভত চিবিআইয়ে তদন্ত অব্যাহত ৰাখিছে।

delhi cbi