জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ বাসগৃহত চি বি আইৰ তালাচী

চৰকাৰী সংস্থাসমূহৰ অপব্যৱহাৰ কৰি মোক ভয় খুৱাবলৈ চেষ্টা কৰি আছে। মোৰ ওচৰত ৪-৫যোৰ কুৰ্তা-পায়জামাৰ বাহিৰে একো নাপাব : প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিক

author-image
Asomiya Pratidin
New Update
জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ বাসগৃহত চি বি আইৰ তালাচী

ডিজিটেল ডেস্ক : জম্মু-কাশমীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ বাসগৃহত চিবিআয়ে তালাচী অভিযান চলায়। বৃহস্পতিবাৰে প্ৰাক্তন ৰাজ্যপালগৰাকীৰ দিল্লীস্থ বাসগৃহত সংস্থাটো তালাচী অভিযান চলোৱাৰ কথা পোহৰলৈ আহিছে।

Advertisment

কিউৰো জলবিদ্যুৎ প্ৰকল্পত সংঘটিত কেলেংকাৰী সন্দৰ্ভত সত্যপাল মালিকৰ বাসগৃত এই অভিযান চলোৱা বুলি জানিব পৰা গৈছে। এই ঘটনাৰে সম্পৰ্কিত অন্য ৩০ স্থানতো চি বি আয়ে তালাচী চলাই থকাৰ কথা জানিব পৰা গৈছে।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, সংস্থাটোৱে বৃহস্পতিবাৰে পুৱাৰে পৰা অভিযান আৰম্ভ কৰিছে। চি বি আইৰ প্ৰায় ১০০গৰাকী বিষয়াই বিভিন্ন প্ৰান্তৰ ৩০টাকৈ স্থানত অভিযান চলাই আছে লগতে এই অভিযানত বহু তথ্য পোহৰলৈ অহা কথা উল্লেখ কৰে।

উল্লেখযোগ্য যে, কিউৰো জলবিদ্যুৎ প্ৰকল্পত ২,২০০ কোটি টকাৰ কেলেংকাৰী সংঘটিত হৈছিল। অৱশ্যে প্ৰাক্তন ৰাজ্যপালগৰাকীৰ বাসগৃহত চি বি আয়ে চলোৱা তালাচী সন্দৰ্ভত তেওঁ প্ৰতিক্ৰিয়া ব্যক্ত কৰে।

সত্যপাল মালিকে কয়- দুৰ্নীতিত জড়িত ব্যক্তিসকলক তদন্ত কৰাৰ পৰিৱৰ্তে, মোৰ বাসগৃহত চিবিআইয়ে তালাচী চলাইছে। স্বৈৰশাসকজনে চৰকাৰী সংস্থাসমূহৰ অপব্যৱহাৰ কৰি মোক ভয় খুৱাবলৈ চেষ্টা কৰি আছে। মোৰ ওচৰত ৪-৫যোৰ কুৰ্তা-পায়জামাৰ বাহিৰে একো নাপাব বুলি তেওঁ সামাজিক মাধ্যমত উল্লেখ কৰে।

Also Read: নবিল প্ৰাথমিক বিদ্যালয় পৰিচালনা সমিতিলৈ শ্ৰেষ্ঠতাৰ স্বীকৃতি বঁটা

corruption satyapal malik Central Bureau of Investigation