ক্ৰমাৎ বৃদ্ধি পাইছে গোলকীয় উষ্ণতা, ২০২৩ হ'ব অসহনীয়..

ক্ৰমাৎ বৃদ্ধি পাইছে গোলকীয় উষ্ণতা, ২০২৩ হ'ব অসহনীয়..

ডিজিটেল ডেস্ক : সংযুক্ত যুক্তৰাষ্ট্ৰৰ চৰকাৰী বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিলে এক অপ্ৰত্যাশিত তথ্য । বিগত সময়ছোৱাত বৃদ্ধি হৈ অহা গোলকীয় উষ্ণতাৰ প্ৰতি লক্ষ্য ৰাখি আগন্তুক বৰ্ষ কেইটাও যে অসহনীয় হ'ব সেই কথা ইতিমধ্যেই অনুমান কৰি লৈছিল বিশ্ববাসীয়ে । কিন্তু তাৰ সৈতেই যোগ হ'ল আন এক তথ্য । ২০২৩ বৰ্ষত বৃদ্ধি পাব গোলকীয় উষ্ণতা । ৰেকৰ্ড স্পৰ্শ কৰিব ওলোৱা এই উষ্ণতাৰ সৈতেই বিগত ১০ বছৰৰ গোলকীয় উষ্ণতাৰ ভিতৰত সৰ্বোচ্চ হ'ব ।

মানৱ সভ্যতাৰ আৰম্ভণিৰে পৰাই বিজ্ঞান প্ৰযুক্তি বিদ্যাৰ উন্নতিৰ সৈতেই মানুহে যেন কেৱল এটা বিষয়তেই নিৰৱিচ্ছিন্ন ভাৱে সেৱা আগবঢ়াই আহিছে আৰু সেইয়া হৈছে প্ৰকৃতিৰ ধ্বংসলীলা । এই কাৰ্যৰ পৰা কোনো কালেই থমকি ৰোৱা নাই মানৱ সমাজ ।যাৰ ফলতেই আহি পৰিছে এনে এক পৰিস্থিতি ।

অৱশ্যে শেহতীয়াকৈ জোৰ পুৰি হাত পোৱাৰ পাছত কিছু পৰিকল্পনা হাতত লৈছে সমগ্ৰ বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰিৱেশবিজ্ঞানী সকলে । যাৰ সহায়ত আগন্তুক বছৰটোত গড় উষ্ণতাৰ ১.৫ ডিগ্ৰী তলতেই ৰোধিবলৈ চেষ্টা কৰা হ'ব ইয়াৰ বৃদ্ধি ।

কিন্তু এফালৰ পৰা বনাঞ্চল ধ্বংস কৰি সম্পত্তিৰ পাহাৰ গঢ়ি অহা এই মানৱ সমাজক বাধা দিয়া জানো সম্ভৱ হ'ব ? পৃথিৱীৰ অন্যতম আমাজন অৰণ্যৰ ওপৰতো এতিয়া লোলুপ দৃষ্টি একাংশৰ । তেনেস্থলত কাহানিবা সম্ভৱ হ'ব জানো পৰিৱেশ ৰক্ষা ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in