সমীৰ ৱাংখেড়ৰ বাসগৃহত ১৩ ঘন্টাজোৰা চিবিআইৰ মাৰথন অভিযান...

শুকুৰবাৰৰ দিনটোত নাৰ্ক'টিক কন্ট্ৰল ব্যুৰ' (এন চি বি) অপসাৰিত সঞ্চালক সমীৰ ৱাংখেড়েৰ বিৰুদ্ধে দুৰ্নীতিৰ এক গোচৰ ৰুজু কৰিছে চি বি আই য়ে । কেন্দ্ৰীয় অনুসন্ধান সংস্থা চমুকৈ চি বি আইয়ে এন চি বিৰ অপসাৰিত সঞ্চালক সমীৰ ৱাংখাড়েৰ বাসগৃহত শুকুৰবাৰে এক অভিযান চলাই
সমীৰ ৱাংখেড়ৰ বাসগৃহত ১৩ ঘন্টাজোৰা চিবিআইৰ মাৰথন অভিযান...

ডিজিটেল ডেস্কঃ শুকুৰবাৰৰ দিনটোত নাৰ্ক'টিক কন্ট্ৰল ব্যুৰ' (এন চি বি) অপসাৰিত সঞ্চালক সমীৰ ৱাংখেড়েৰ বিৰুদ্ধে দুৰ্নীতিৰ এক গোচৰ ৰুজু কৰিছে চি বি আই য়ে । কেন্দ্ৰীয় অনুসন্ধান সংস্থা চমুকৈ চি বি আইয়ে এন চি বিৰ অপসাৰিত সঞ্চালক সমীৰ ৱাংখাড়েৰ বাসগৃহত শুকুৰবাৰে এক অভিযান চলাই । প্ৰায় ১৩ ঘন্টীয়া জোৰা অভিযানৰ অন্তত শনিবাৰে পুৱা বিষয়াসকলে ৫.৩০ অপসাৰিত সঞ্চালকগৰাকীৰ বাসগৃহ এৰে ।

প্ৰায় ১০ৰ পৰা ১২ জন চি বি আইৰ বিষয়াই ৱাংখাড়েৰ বাসগৃহৰ পৰা বহু নথি পত্ৰসহ, এটা প্ৰিন্টাৰ মেচিন জব্দ কৰে । অপসাৰিত সঞ্চালকগৰাকীৰ বিৰুদ্ধে অভিনেতা শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানক ড্ৰাগছ ঘটনাৰ পৰা বচাবলৈ ২৫ কোটি টকাৰ দাবী কৰি অভিযুক্তৰ পৰা ৫০ লাখ টকা লোৱাৰো অভিযোগ উঠিছিল ।

একেই অভিযোগত, চিবিআইয়ে সমীৰ ৱানখেডেকে ধৰি চাৰিজন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল। অন্য চাৰিজন অভিযুক্ত হৈছে এন চি বিৰ তৎকালিন অধ্যক্ষ বিশ্ব বিজয় সিং, চোৰাংচোৱা বিষয়া, আশি, ৰঞ্জন, বেচৰকাৰী ব্যক্তি কে পি গোছাভি আৰু ছেনভাইল ডিছুজা ।

তদন্তকাৰী সংস্থাটোৱে ৱাংখেড়েৰ মুম্বাইস্থিত বাসগৃহকে ধৰি বৰ্তমানলৈকে মুঠ ২৯ টা স্থানত তালাচী চলাইছে ।

উল্লেখ্য যে ২০২১ চনৰ ২ অক্টোবৰত মুম্বাইৰ পৰা গোৱালৈ কৰ্ডেলিয়া ক্ৰুজৰ এটা ৰেভ পাৰ্টিত ৱাংখেড়ৰ নেতৃত্বত চলিছিল অভিযান । আৰু এই অভিযানতে গ্ৰেপ্তাৰ কৰা হৈছিল আৰয়ান খানক ।

আৰু ২৬ দিন ধৰি আৰয়ান আৰক্ষীৰ জিম্মাত আছিল । আৰু আৰ্থাৰ কাৰাগাৰলৈও প্ৰেণ কৰা হৈছিল । উপযুক্ত প্ৰমাণৰ অভাৱত ২০২১ চনৰ ২৮ অক্টোবৰত আদালতে জামিন প্ৰদান কৰে আৰয়নক ।

সমীৰ ৱাংখেড়ৰ বাসগৃহত ১৩ ঘন্টাজোৰা চিবিআইৰ মাৰথন অভিযান...
বোকাখাতত পথ দুৰ্ঘটনাত এজন নিহত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in