তিৰুপতি বালাজী মন্দিৰৰ প্ৰসাদত পশুৰ চৰ্বিঃ চাৰি অভিযুক্তক গ্ৰেপ্তাৰ...

তিৰুপতি বালাজী মন্দিৰৰ প্ৰসাদত পশুৰ চৰ্বি মহিলোৱাৰ কাণ্ডই দেশজুৰি আলোড়ণৰ সৃষ্টি কৰিছিল। এই গোচৰত এক দীঘলীয়া তদন্ত কৰি CBI -এ চাৰি অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে।

author-image
Asomiya Pratidin
New Update
তিৰুপতি বালাজী মন্দিৰৰ প্ৰসাদত পশুৰ চৰ্বিঃ চাৰি অভিযুক্তক গ্ৰেপ্তাৰ...

ডিজিটেল ডেস্কঃ তিৰুপতি বালাজী মন্দিৰৰ প্ৰসাদত পশুৰ চৰ্বি মহিলোৱাৰ কাণ্ডই দেশজুৰি আলোড়ণৰ সৃষ্টি কৰিছিল। কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই শেহতীয়াকৈ এক দীঘলীয়া তদন্তৰ অন্তত এই ঘটনাৰ সন্দৰ্ভত চাৰি অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে।

Advertisment

অভিযোগ অনুসৰি এই চাৰিগৰাকী ব্যক্তিয়ে ভুৱা নথিৰে মন্দিৰলৈ ঘিউ যোগান ধৰাৰ টেণ্ডাৰৰ লাভ কৰিছিল। ইয়াৰ পাছতে মন্দিৰলৈ যোগান ধৰা ঘিউত মিহলি কৰা হৈছিল পশুৰ চৰ্বি। সোমবাৰে চি বি আইয়ে চাৰি অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ পাছতে ন্যায়ালয়ত হাজিৰ কৰা হয়। ন্যায়ালয়ে ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে চাৰিও অভিযুক্তকে।

উল্লেখ্য যে, তিৰুপতিৰ শ্ৰী ভেঙ্কটেশ্বৰ স্বামী মন্দিৰৰ প্ৰসাদৰ লাড়োত পশুৰ চৰ্বি আৰু মাছৰ তেল ব্যৱহাৰ কৰাৰ অভিযোগ উত্থপন হৈছিল। মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে অভিযোগ কৰিছিল, এই ঘটনা পূৰ্বৰ জগন মোহন ৰেড্ডী চৰকাৰৰ সময়ত সংঘটিত হৈছিল। এই অভিযোগ পোহৰলৈ অহাৰ লগে লগেই দেশজুৰি আলোড়ণৰ সৃষ্টি হয়।

তাৰ পাছত ধৰ্মীয় বিশ্বাসৰ ওপৰত আঘাত হনাৰ বিৰুদ্ধে দাখিল কৰা হয় উচ্চতম ন্যায়ালয়ত এক আবেদন। যোৱা বছৰৰ অক্টোবৰত, উচ্চতম ন্যায়ালয়ে এই বিষয়টোৰ তদন্তৰ বাবে এখন স্বতন্ত্ৰ সমিতি গঠনৰ নিৰ্দেশ দিয়ে।

এই তদন্ত সমিতিখনত আছে পাঁচজন সদস্য। তাৰে দুই সদস্য চিবিআই বিষয়া, দুজন অন্ধ্ৰ প্ৰদেশ আৰক্ষীৰ শীৰ্ষ বিষয়া আৰু এজন শীৰ্ষ এফ এছ এছ এ আই বিষয়া।

যোৱা চাৰি মাহ ধৰি চলি থকা তদন্তৰ অন্তত অৱশেষত চি বি আইয়ে গ্ৰেপ্তাৰ কৰিলে ৪ অভিযুক্তক। দেওবাৰে চি বি আইৰ ফালৰ পৰা আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰা হয়। গ্ৰেপ্তাৰ হোৱা এই চাৰি অভিযুক্তৰ ভিতৰত আছে ৰুৰকীস্থিত ভোলেবাবা ডেইৰীৰ প্ৰাক্তন সঞ্চালক বিপিন জৈন, বৈষ্ণৱী দুগ্ধৰ মুখ্য কাৰ্যবাহী বিষয়া অপূৰ্ব বিনয়কান্ত চাবৰা, এ আৰ ডেইৰীৰ পৰিচালন সঞ্চালক ৰাজু ৰাজশেখৰণৰ লগতে আন এজন ব্যক্তি।

চি বি আইয়ে দাবী কৰিছে বৈষ্ণৱী ডেইৰীয়ে মন্দিৰলৈ ঘিউ যোগান ধৰাৰ বাবে মিছা তথ্য দি এ আৰ ডেইৰীৰ নামত এখন নিবিদা লাভ কৰিছিল। বৈষ্ণৱী ডেইৰীৰ মন্দিৰৰ বৃহৎ চাহিদা পূৰণ কৰাৰ পৰ্যাপ্ত ক্ষমতা নাছিল। ফলস্বৰূপে, ভোলেবাবা ডেইৰীৰ পৰা ঘিউ ক্ৰয় কৰি সেইবোৰ ভেজাল কৰি তিৰুপতি মন্দিৰলৈ প্ৰেৰণ কৰিছিল।

মন কৰিবলগীয়া যে, মন্দিৰৰ প্ৰসাদৰ লাড়োৰ বৃহৎ চাহিদা পূৰণ কৰিবলৈ তিৰুপতি মন্দিৰত প্ৰতিদিনে ১৫,০০০ কিলোগ্ৰামঘিউৰ প্ৰয়োজন হয়। তামিলনাডুৰ এ আই ফুডছে প্ৰতি কিলোগ্ৰামত ৩২০ টকাত ঘিউ যোগান ধৰাৰ বাবে নিবিদা লাভ কৰিছিল। 

 

তিৰুপতি মন্দিৰ চি বি আই