Advertisment

পাটনা মেডিকেল কলেজ হাস্পতালৰ হোষ্টেলত NEET PG ৰ এডমিট, OMR ছীট উদ্ধাৰ

বিহাৰ লোক সেৱা আয়োগৰ পৰীক্ষা কেলেংকাৰীক লৈ ৰাজ্যখন প্ৰতিবাদেৰে উত্তাল হৈ থকাৰ সময়তে বৃহস্পতিবাৰে নিশা বিহাৰ আৰক্ষীয়ে পাটনা মেডিকেল কলেজ আৰু হাস্পতালৰ হোষ্টেলৰ পৰা বৃহৎ পৰিমাণৰ নগদ ধন, নীট পিজিৰ এডমিট কাৰ্ড আৰু অ’ এম আৰ ছীট জব্দ কৰিবলৈ সক্ষম হৈছে।

author-image
Asomiya Pratidin
New Update
পাটনা মেডিকেল কলেজ হাস্পতালৰ হোষ্টেলত NEET PG ৰ এডমিট, OMR ছীট উদ্ধাৰ

ডিজিটেল ডেস্কঃ বিহাৰ লোক সেৱা আয়োগৰ পৰীক্ষা কেলেংকাৰীক লৈ ৰাজ্যখন প্ৰতিবাদেৰে উত্তাল হৈ থকাৰ সময়তে বৃহস্পতিবাৰে নিশা বিহাৰ আৰক্ষীয়ে পাটনা মেডিকেল কলেজ আৰু হাস্পতালৰ হোষ্টেলৰ পৰা বৃহৎ পৰিমাণৰ নগদ ধন, নীট পিজিৰ এডমিট কাৰ্ড আৰু অ এম আৰ ছীট জব্দ কৰিবলৈ সক্ষম হৈছে।

Advertisment

চিকিৎসা মহাবিদ্যালয়সমূহত নামভৰ্তিৰ বাবে ২০২৪ ৰ নীট-ইউজিৰ পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলৰ ঘটনাৰ তদন্তৰ মাজতে এইবোৰ জব্দ কৰা হৈছে। মন কৰিবলগীয়া যে, ২০২৪ ৰ নীট-ইউজি কেলেংকাৰীক লৈ দেশ উত্তাল হোৱাৰ সময়তে বিহাৰতো ইয়াৰ বিৰুদ্ধে অভিযান চলিছিল।

২০২৪ ৰ নীট-ইউজিৰ গোটেই কেলেংকাৰীৰ মূল কেন্দ্ৰ আছিল বিহাৰ। উল্লেখ্য যে, যোৱা মঙলবাৰে পাটনা চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ চাণক্য হোষ্টেলৰ এটা কোঠাত অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছিল।

ইয়াৰ পিছতেই অগ্নি নিৰ্বাপক বাহিনীয়ে তৎপৰতাৰে অগ্নি নিৰ্বাপন কৰিছিল। ঘটনাত কোনো হতাহতি হোৱা নাছিল যদিও বৃহস্পতিবাৰে সমগ্ৰ ঘটনাৰ ক্ষয়ক্ষতি নিৰীক্ষণ কৰিবলৈ কৰ্তৃপক্ষই এই হোষ্টেলত উপস্থিত হয়।

তেওঁলোকে গোটেই পৰিস্থিতি নিৰীক্ষণ কৰাৰ সময়ত জুয়ে পোৰা নোট, বৃহৎ নগদ ধন, নীট পিজি পৰীক্ষাৰ এডমিট কাৰ্ড আৰু অ এম আৰ ছীট প্ৰত্যক্ষ কৰে। জানিব পৰা মতে এই কোঠাটো অজয় কুমাৰ নামৰ এজন ছাত্ৰক আৱণ্টন দিয়া হৈছিল।

ইতিমধ্যে তেওঁৰ অধ্যয়ন শেষ হৈছিল যদিও হোষ্টেল এৰা নাছিল। বহু কেইবাৰ তেওঁক হোষ্টেলৰ এই কোঠা খালী কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল যদিও তাতেই তেওঁ থাকিছিল। 

সন্দেহ অনুসৰি অজয়ে নীট পিজিৰ পৰীক্ষাৰ পৰীক্ষাৰ্থীৰ স্থানত আন এম বি বি এছ চিকিৎসকৰ জৰিয়তে পৰীক্ষা দিয়াইছিল। তাৰোপৰি এম বি বি এছৰ আভ্যন্তৰীণ পৰীক্ষাৰ ক্ষেত্ৰতো তেওঁ অনুৰূপ ব্যৱস্থাৰে শিক্ষাৰ্থীক উত্তীৰ্ণ কৰোৱাই আহিছিল বুলি সন্দেহ কৰা হৈছে।

২০২৪ ৰ নীট ইউ জি পৰীক্ষাও প্ৰশ্ন কাকত ফাদিলক কেন্দ্ৰ কৰিয়েই বিতৰ্কৰ আওঁতালৈ আহিছিল। এই কেলেংকাৰীৰ সৈতে জড়িত বহুজনক বিহাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰো কৰিছিল। কিন্তু কেন্দ্ৰীয় শিক্ষামন্ত্ৰীয়ে  বাৰে বাৰে প্ৰশ্ন কাকত ফাদিলৰ বিষয়টোক এৰি চলিছিল। 

এনে পৰিস্থিতিত এই ছাত্ৰজনৰ হোষ্টেলত উদ্ধাৰ হোৱা এইসমূহ আপত্তিজনক সামগ্ৰীয়ে বহু প্ৰশ্নৰ উন্মোচন কৰিছে। আশা কৰা হৈছে সঠিক তদন্ত হ'লে নীট ইউজিৰ বহু কেলংকাৰী পোহৰলৈ আহিব পাৰে। 

নীট কেলেংকাৰী নীট পৰীক্ষা বিহাৰ