সকলো বাংলাদেশীৰ হাততে আছে ভুৱা ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড !

আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড থাকিলেই কি ভাৰতীয় নেকি? এই প্ৰশ্ন কোনো সাধাৰণ নাগৰিকৰ নহয়। এই প্ৰশ্ন উত্থাপন কৰিছে খোদ কলকাতা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশে।

author-image
Asomiya Pratidin
New Update
সকলো বাংলাদেশীৰ হাততে আছে ভুৱা ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড !

ডিজিটেল ডেস্কঃ আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড থাকিলেই কি ভাৰতীয় নেকি? এই প্ৰশ্ন কোনো সাধাৰণ নাগৰিকৰ নহয়। এই প্ৰশ্ন উত্থাপন কৰিছে খোদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশে। সোমবাৰে কলকাতা উচ্চ ন্যায়ালয়ত এক গোচৰৰ শুনানিত ন্যায়াধীশ দেবাংশু বছাকৰে এই প্ৰশ্ন উত্থাপন কৰিছে।

Advertisment

উল্লেখ্য যে, এবছৰ পূৰ্বে বৰ্ধমানৰ দুলাল ছিল আৰু তেওঁৰ পত্নী স্বপ্না ছিলক ভুৱা আধাৰ কাৰ্ড আৰু ভোটাৰ কাৰ্ডৰ এক গোচৰত গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। অভিযোগ অনুসৰি এই দুয়ো পুৰুষ-মহিলা প্ৰকৃততে বাংলাদেশী। তেওঁলোকে ভুৱা ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ডেৰে ভাৰতীয় পৰিচয়ৰে বসবাস কৰি আছে।

আজি তেওঁলোকৰ জামিন আবেদনৰ শুনানি আছিল। এই শুনানিতে ন্যায়ালয়ৰ ন্যায়াধীশগৰাকীয়ে কয়, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড থাকিলেই ভাৰতীয় নেকি? এনেধৰণৰ ভুৱা আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, ৰেছনৰ কাৰ্ড প্ৰত্যেক বাংলাদেশীৰ হাতত আছে। তেওঁলোকৰ কোনো কোনোৱে এই দেশৰ নাগৰিক হিচাপে দেখুৱাবলৈ টেক্সো দিয়ে।

ন্যায়াধীশগৰাকীয়ে প্ৰসংগত কয় যে, আমেৰিকাৰ পৰা যিসকল বিদেশীক বাহিৰ কৰি দিয়া হৈছে, তেওঁলোকৰ ক্ষেত্ৰতো একেই ঘটনা পৰিলক্ষিত হৈছে। শুনানিৰ সময়ত গোচৰীয়াৰ অধিবক্তাগৰাকীয়ে যুক্তি প্ৰদৰ্শন কৰি কয়, ইমিগ্ৰেছন দপ্তৰৰ পৰা এতিয়ালৈকে কোনো উত্তৰ দিয়া নাই। সেয়ে তেওঁলোকে পাছপৰ্ট জাল কৰিছে হবুলি কিদৰে প্ৰমাণিত হৈছে?

জানিব পৰা মতে ২০১০ চনত বাংলাদেশৰ পৰা অবৈধভাৱে ভাৰতলৈ আহিছিল এই বাংলাদেশী পৰিয়ালটো। আজি গোচৰটোৰ শুনানিৰ সময়ত লক্ষ্যণীয়ভাৱে গোচৰীয়াৰ অধিবক্তাৰ এক যুক্তি আছিল চিন্তনীয়। তেওঁ দাবী কৰে ফৰেইনাৰ্ছ ৰেজিষ্ট্ৰেছন এমেণ্ডমেণ্ট এক্ট-২০১৯ ৰ ধাৰা ২ অনুসৰি ২০১৪ চনৰ পূৰ্বে যিসকল বাংলাদেশী ভাৰতলৈ আহিছে তেওঁলোকক এই দেশৰ নাগৰিক হিচাপে গণ্য কৰিব লাগে। মন কৰিবলগীয়া যে, নাগৰিকত্ব সংশোধনী আইনৰ অধীনতো বাংলাদেশৰ পৰা ভাৰতলৈ প্ৰবজিত হিন্দু নাগৰিকক নাগৰিকত্ব দিয়াৰ নিয়ম কৰা হৈছে। অৱশ্যে অধিবক্তাৰ এই যুক্তিত সন্তুষ্ট নহল ন্যায়াধীশগৰাকী। তেওঁ দুয়োৰে জামিন আবেদন খাৰিজ কৰিছে।

 

কলকাতা বাংলাদেশী