/asomiyapratidin/media/media_files/2025/01/17/wGEau5tXN2OqyuDTiwWD.jpg)
ডিজিটেল ডেস্কঃ ভাৰতৰ মহাকাশ গৱেষণা সংস্থা ISRO য়ে বৃহস্পতিবাৰে জনাইছে যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় মন্ত্ৰীসভাই শ্ৰীহৰিকোটাত অৱস্থিত সতীশ ধাৱন স্পেছ চেণ্টাৰত তৃতীয় লঞ্চ পেড (টি এল পি) নিৰ্মাণৰ বাবে সেউজ সংকেট প্ৰদান কৰিছে।
এই প্ৰকল্পৰ বাবে আনুমানিক খৰচ ৩,৯৮৪.৮ কোটি টকা। এই প্ৰকল্পই ভাৰতৰ মহাকাশ গৱেষণা, মহাকাশ উৎক্ষেপণ সক্ষমতা বৃদ্ধি কৰিব আৰু ভৱিষ্যতৰ মানৱ মহাকাশযাত্ৰা মিছনসমূহক সমৰ্থন কৰিব।
নতুনকৈ নিৰ্মাণ হ’বলগীয়া উৎক্ষেপণ পেডটো অত্যন্ত নমনীয়ভাৱে ডিজাইন কৰা হৈছে। যি Next Generation Launch Vehicles (এন জি এল ভি) আৰু LVM3 যানসমূহক অৰ্ধ-ক্ৰায়োজেনিক পৰ্যায়ৰ সৈতে সমৰ্থন কৰিবলৈ সক্ষম। মহাকাশ গৱেষণাৰ ক্ষেত্ৰত ভাৰতৰ এই সম্প্ৰসাৰণে মহাকাশলক্ষ্যৰ দিশত এখোজ আগুৱাই নিব। ২০৩৫ চনৰ ভিতৰত ভাৰতে নিজৰ মহাকাশ কেন্দ্ৰ স্থাপন আৰু ২০৪০ চনৰ ভিতৰত মানৱযুক্ত যান চন্দ্ৰত অৱতৰণৰ যি পৰিকল্পনা তাক আগুৱাই নিব।
এই প্ৰকল্পটো ৪৮ মাহৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। উল্লেখ্য যে, এই টি এল পি প্ৰকল্পৰ বিষয়ে ২০২৪ ৰ অক্টোবৰতেই প্ৰথম খবৰ প্ৰকাশ পাইছিল।
এক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত ইছৰোৰ তেতিয়াৰ অধ্যক্ষ এছ সোমনাথে কৈছিল, "আমাৰ ওচৰত কেৱল এটা দ্বিতীয় লঞ্চ পেড আছে। প্ৰথমটো পিএছএলভিৰ বাবে নিৰ্মাণ কৰা হৈছিল, কিন্তু ইয়াক জিএছএলভিৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰি। কিয়নো ই ক্ৰিয়াজেনিক পৰ্যায়ৰ সৈতে সঠিকভাৱে কাম কৰিব নোৱাৰে। যেতিয়া এলভিএম-3 আহিছিল, আমি দ্বিতীয় উৎক্ষেপণ পেডটো পুনৰ নিৰ্মাণ কৰিছিলো। এতিয়া এলভিএম-3 ৰ এটা অৰ্ধ-ক্ৰায়ো পৰ্যায় থাকিব আৰু তাত মানৱ মহাকাশ যাত্ৰা আৰম্ভ হ'ব।"
"দ্বিতীয় উৎক্ষেপণ পেডটো যোৱা ২০ বছৰত যথেষ্ট উন্নতিৰ মাজেৰে গৈছে। কিন্তু যদি কিবা এটা অঘটন ঘটে, বিস্ফোৰণৰ দৰে ঘটনা ঘটে, তেন্তে জিএছএলভিৰ বাবে আৰু কোনো লঞ্চ পেড নাথাকিব। সকলো কাৰ্যসূচী স্থগিত ৰাখিব লাগিব।"