আজি হ'ব নাগৰিকত্ব সংশোধনী আইনৰ শুনানি

২ বছৰ পাছত হ'ব এই শুনানি

author-image
Asomiya Pratidin
New Update
আজি হ'ব নাগৰিকত্ব সংশোধনী আইনৰ শুনানি

ডিজিটেল ডেস্ক : আজি হ'ব বহু বিতৰ্কিত কেব (নাগৰিকত্ব সংশোধনী আইন)ৰ শুনানি। কভিড-১৯ ৰ বাবে স্থগিত ৰখা এই শুনানি হ'ব প্ৰায় ২ বছৰ পাছত। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ উদয় উমেশ ললিতৰ নেতৃত্বত গঠন কৰা এখন ৩ জনীয়া বিচাৰপীঠৰ উপস্থিতিত অনুষ্ঠিত হ'ব কেবৰ শুনানি। ২০১৯ চনৰ ১২ ডিছেম্বৰত লোকসভা আৰু ৰাজ্যসভাত গৃহীত হোৱাৰ পাছত বিলৰ পৰা আইনলৈ পৰিৱৰ্তিত হৈছিল কেব।

উল্লেখ্য যে, বহু বিতৰ্কিত এই আইনখন বলৱৎ কৰাৰ বিৰুদ্ধে তুমুল প্ৰতিবাদ সংঘটিত হৈছিল সমগ্ৰ দেশত। অসমত আৰম্ভ হোৱা এই আন্দোলন পৰৱৰ্তী কালত সমগ্ৰ দেশতে বিয়পি পৰে। যাৰ পৰিণতিত অসমতো শ্বহীদ হৈছিল ৫ জন লোক। বৰ্তমান ২১৯ খন আবেদনৰ ভিত্তিত অনুষ্ঠিত হ'ব এই শুনানি।

CAB supreme court bjp