৬ ৰাজ্যৰ ৭ সমষ্টিত উপ-নিৰ্বাচনঃ বিজেপিৰ দখলত ৪ সমষ্টি...

by poll
by poll

ডিজিটেল ডেস্কঃ দেশৰ ৬ ৰাজ্যৰ ৭ বিধানসভা সমষ্টিত যোৱা ৩ নৱেম্বৰত অনুষ্ঠিত হোৱা উপ-নিৰ্বাচনৰ ফলাফল আজি প্ৰকাশ পাইছে। এই ৭ টা বিধানসভা সমষ্টিৰ ভিতৰত ভাৰতীয় জনতা পাৰ্টীয়ে ৪ টা সমষ্টিত জয় লাভ কৰিবলৈ সক্ষম হৈছে।

উত্তৰ প্ৰদেশৰ গোলা গোকৰ্ণনাথ, বিহাৰৰ গোপালগঞ্জ, উৰিষ্যাৰ ধামনগৰ আৰু হাৰিয়ানাৰ আদমপুৰত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীয়ে জয় লাভ কৰিছে। আনহাতে আৰে জি ডিৰ প্ৰাৰ্থী নীলম দেৱীয়ে মোকামা সমষ্টিত বিজয় সাব্যস্ত কৰাৰ লগতে তেলেংগানাৰ এটা সমষ্টিত টি আৰ এছ, মহাৰাষ্ট্ৰৰ এটা সমষ্টিত উদ্ধৱ থাকৰেৰ দলৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিবলৈ সক্ষম হৈছে।

উত্তৰ প্ৰদেশত বিজেপি প্ৰাৰ্থী অমন গিৰিয়ে লখিমপুৰ খেৰীৰ গোলা গোকৰ্ণনাথ আসনত জয় লাভ কৰিছে। তেওঁ সমাজবাদী পাৰ্টীৰ প্ৰাৰ্থী বিনয় তিৱাৰীক ৩৪,২৯৮ টা ভোটৰ ব্যৱধানত পৰাজিত কৰিবলৈ সক্ষম হৈছে। হাৰিয়ানাৰ হিছাৰ জিলাৰ আদমপুৰ বিধানসভা সমষ্টিত জয় লাভ কৰিছে বিজেপিৰ প্ৰাৰ্থী ভৱ্য বিষ্ণো। তেওঁ ১৬,৬০৬ টা ভোটৰ ব্যৱধানত জয়ী হৈছে।

বিহাৰৰ উপ-নিৰ্বাচনত আকৌ মহাজোট আৰু বিজেপিৰ মাজৰ যুঁজ আছিল অতি আকৰ্ষণীয়। ৰাজ্যখনৰ মোকামা সমষ্টিত আৰ জে ডি প্ৰাৰ্থী আৰু গোপালগঞ্জ সমষ্টিত বিজেপি প্ৰাৰ্থী জয়ী হৈছে।

মোকামাত, বাহুবলী অনন্ত সিঙৰ পত্নী নীলম দেৱীয়ে বিজেপিৰ সোনম দেৱীক ১৬,৭০৭ টা ভোটত পৰাস্ত কৰিছে। এই সমষ্টিত আৰ জে ডিয়ে ৭৯,৬৪৬ টা আৰু বিজেপিয়ে ৬২,৯৩৯ টা ভোট লাভ কৰিছিল। গোপালগঞ্জ সমষ্টিত, বিজেপিৰ কুসুম দেৱীয়ে অন্তিম ৰাউণ্ডত আৰ জে ডিৰ মোহন গুপ্তাক ২১৮৩ টা ভোটত পৰাস্ত কৰিছে।

শিৱসেনা-উদ্ধৱ গোটৰ ঋতুজা লাটকেয়ে আন্ধেৰী পূব আসনত জয়লাভ কৰিছে। লাটকেক কংগ্ৰেছ আৰু এনচিপিয়ে সমৰ্থন কৰিছিল। ৰমেশ লাটকেৰ আকস্মিক মৃত্যুৰ পিছত এই আসনখন খালী হৈ আছিল।

শিৱসেনাৰ উদ্ধৱ গোটে ৰমেশ লাটকেৰ পত্নী ঋতুজা লাটকেক উপ-নিৰ্বাচনত প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল। আনহাতে এই সমষ্টিত বিজেপিয়ে ব্যৱসায়ী মুৰ্জি পেটেলক প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল।

একে সময়তে, একনাথ সিন্দে গোটেও মুৰ্জী পেটেলকে সমৰ্থন কৰাৰ কথা ঘোষণা কৰিছিল। অৱশ্যে পৰৱৰ্তী সময়ত বিজেপিয়ে এই আসনখনত প্ৰতিদ্বন্দিতা কৰাৰ পৰা বিৰত থাকে। তেওঁলোকে মুৰ্জী পেটেলৰ মনোনয়ন প্ৰত্যাহাৰ কৰে আৰু কয় যে, এগৰাকী বিধৱাৰ বিৰুদ্ধে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি মহাৰাষ্ট্ৰৰ সংস্কৃতিক বদনাম কৰিব নিবিচাৰে।

তেলেংগানাৰ মুনুগোডে বিধানসভা আসনত আকৌ টি আৰ এছে বিজেপি প্ৰাৰ্থীক পৰাজিত কৰিছে। কংগ্ৰেছ বিধায়ক কোমাটিৰেড্ডী ৰাজ গোপাল ৰেড্ডীয়ে দলৰ পৰা পদত্যাগ কৰাৰ পিছত আসনখন খালী হৈছিল।

গোপাল ৰেড্ডী এতিয়া বিজেপিৰ সদস্য। তেওঁ বিজেপিৰ টিকটত এই সষ্টিত পুনৰ প্ৰতিদ্বন্দিতা কৰিছিল যদিও টি আৰ এছৰ প্ৰাক্তন বিধায় কুচুকুন্তলা প্ৰভাকৰ ৰেড্ডীৰ হাতত উপ-নিৰ্বাচনত পৰাজিত হয়।

উৰিষ্যাৰ ধামনগৰ বিধানসভা আসনত জয়লাভ কৰিছে বিজেপিৰ প্ৰাৰ্থীয়ে। বিজেপি বিধায়ক বিষ্ণু চৰণ চেঠীৰ মৃত্যুৰ পিছত ইয়াত উপ-নিৰ্বাচনৰ প্ৰয়োজন হৈছিল। বিজেপিয়ে প্ৰয়াত বিধায়ক বিষ্ণু চৰণ চেঠীৰ পুত্ৰ সূৰ্যবংশী সুৰজক এই আসনখনৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল। একে সময়তে, বি জে ডিয়ে অবন্তী দাসক ইয়াত প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in