জম্মু কাশ্মীৰত শিহৰণকাৰী দুৰ্ঘটনাঃ নিহত ২০গৰাকী, আহত ৪৭জন

জম্মু কাশ্মীৰত শিহৰণকাৰী দুৰ্ঘটনাঃ নিহত ২০গৰাকী, আহত ৪৭জন

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ আখনুৰ উপখণ্ডৰ টুংগি মা'ৰ অঞ্চলত বৃহস্পতিবাৰে বিয়লি তীর্থ যাত্রী কঢ়িয়াই নিয়া এখন বাছ দ' খাৱৈত পৰাৰ ফলত অতি কমেও ২০গৰাকী যাত্ৰীৰ মৃত্যু হোৱাৰ লগতে ৪৭ গৰাকী যাত্রী আহত হৈছে।

আহত লোকসকলক আখনুৰৰ উপ-চিকিৎসালয়ত ভর্তি কৰোৱা হৈছে আৰু গুৰুতৰভাৱে আহতসকলক জন্মৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়লৈ প্রেৰণ কৰা হয়।

জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই এই দুর্ঘটনাৰ বাবে গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁ প্রশাসনক নিহত লোকসকলৰ পৰিয়ালবৰ্গ আৰু আহতসকলৰ চিকিৎসাৰ বাবে সম্ভৱপৰ সকলো সাহায্য প্রদান কৰিবলৈ নির্দেশ দিছে।

ৰাষ্ট্রপতি দ্রৌপদী মুর্মু আৰু প্রধানমন্ত্রী নৰেন্দ্র মোডীয়ে এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে। বাষ্ট্রপতি মুর্মুৱে উক্ত ঘটনাত দুখ প্ৰকাশ কৰাৰ লগতে আহতসকলৰ আশু-আৰোগ্য কামনা কৰিছে।

প্রধানমন্ত্রী মোডীয়ে এই ঘটনাত মৃত্যু হোৱা লোকৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা প্রকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰতিগৰাকী মৃত লোকৰ পৰিয়াললৈ ২লাখ টকাআৰু আহতসকললৈ ৫০হাজাৰ টকা প্ৰদান কৰিব বুলি ঘোষণা কৰিছে।

জম্মু কাশ্মীৰত শিহৰণকাৰী দুৰ্ঘটনাঃ নিহত ২০গৰাকী, আহত ৪৭জন
ৰীমালৰ তাণ্ডৱঃ দক্ষিণ শালমাৰাত ঘৰ-দুৱাৰৰ বিস্তৰ ক্ষতি,উৰুৱাই নিলে চৰকাৰী কাৰ্যালয়

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in