উত্তেজনাৰ মাজতে পাকিস্তান সেনাৰ হাতত বন্দী বি এছ এফৰ জোৱান...

পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক কেন্দ্ৰ কৰি উত্তেজনা অব্যাহত থকাৰ সময়তে এগৰাকী ভাৰতীয় জোৱান পাকিস্তান সেনাৰ হাতত বন্দী হোৱাৰ খবৰ আহিছে।

author-image
Asomiya Pratidin
New Update
উত্তেজনাৰ মাজতে পাকিস্তান সেনাৰ হাতত বন্দী বি এছ এফৰ জোৱান...

ডিজিটেল ডেস্কঃ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক কেন্দ্ৰ কৰি উত্তেজনা অব্যাহত থকাৰ সময়তে এগৰাকী ভাৰতীয় জোৱান পাকিস্তান সেনাৰ হাতত বন্দী হোৱাৰ খবৰ আহিছে। জানিব পৰা মতে ভুলবশতঃ বি এছ এফৰ এগৰাকী জোৱান পাকিস্তানৰ ভূমিত প্ৰৱেশ কৰাৰ পাছতে পাকিস্তান সেনাই তেওঁক আটক কৰিছে। 

এই ঘটনা সংঘটিত হৈছে পঞ্জাৱৰ ফিৰোজপুৰ ছেক্টৰত। ইয়াৰ পাছতে এতিয়া বি এছ এফ জোৱানজনক স্বদেশলৈ ঘূৰাই আনিবলৈ বি এছ এফে পাকিস্তান সেনাৰ সৈতে ফ্লেগ মিটিঙত মিলিত হৈছে। উল্লেখ্য যে, মঙলবাৰে জম্মু-কাশ্মীৰৰ পেহেলগাঁৱত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন লোক নিহত হৈছিল। 

ইয়াৰ ফলত ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনাৰ সৃষ্টি হৈছে। সেই পৰিবেশৰ মাজতে বি এছ এফৰ ১৮২ নং বেটেলিয়নৰ কনিষ্টবল পি কে সিঙক পাকিস্তান ৰেঞ্জাৰসকলে গ্ৰেপ্তাৰ কৰে। সামৰিক সূত্ৰত প্ৰকাশিত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ তথ্য অনুসৰি বুধবাৰে সংঘটিত হয় এই ঘটনা। 

পি কে সিং ফিৰোজপুৰ ছেক্টৰত আন্তঃৰাষ্ট্ৰীয় সীমান্তত সুৰক্ষাত নিয়োজিত হৈ আছিল। তাৰ মাজতে তেওঁ ভুল বশতঃ সীমান্ত পাৰ হৈ যায়। ভাৰতীয় সেনাই বন্দী জোৱানজনক ঘূৰাই অনাৰ বাবে পাকিস্তান সেনাৰ সৈতে ফ্লেগ মিটিঙত মিলিত হৈছে আৰু বিষয়টোৰ সন্দৰ্ভত দুয়োপক্ষৰ মাজত আলোচনা চলি আছে। 

অৱশ্যেএতিয়াও পি কে সিঙক স্বদেশলৈ ঘূৰাই অনাৰ সম্ভৱ হোৱা নাই। কিন্তু তেওঁ যাতে সুস্থ আৰু স্বাভাৱিক হৈ ঘৰলৈ উভতি যাব পাৰে তাৰ বাবে ভাৰতীয় সেনাই প্ৰচেষ্টা অব্যাহত ৰাখিছে। অৱশ্যে সেনাৰ এক সূত্ৰই দাবী কৰিছে যে জোৱানে ভুলবশতঃ সীমান্ত পাৰ হোৱাৰ ঘটনা নতুন বা অস্বাভাৱিক নহয়। এনে ঘটনা পূৰ্বেও ঘটিছে আৰু এনে সমস্যাৰ সৃষ্টি হ’লে দুয়ো পক্ষৰ মাজত আলোচনাৰ জৰিয়তে সমস্যাৰ সমাধান কৰা হয়।

ভাৰতীয় সেনা বি এছ এফ পাকিস্তান