প্ৰেম বিবাহ হ'ল অপৰাধ! ভাতৃয়ে নৃশংসভাৱে হত্যা কৰিলে ভগ্নীক

প্ৰেম বিবাহ কৰাৰ বাবেই ভাতৃয়ে হত্যা কৰিলে ভগ্নীক। বিউটি পাৰ্লাৰৰ পৰা মহিলাগৰাকী উভতি অহাৰ পথতেই ভাতৃয়ে গুলীয়াই হত্যা কৰে।

author-image
Asomiya Pratidin
New Update
প্ৰেম বিবাহ হ'ল অপৰাধ! ভাতৃয়ে নৃশংসভাৱে হত্যা কৰিলে ভগ্নীক

ডিজিটেল ডেস্কঃ প্ৰেম বিবাহ কৰাৰ বাবেই ভাতৃয়ে হত্যা কৰিলে ভগ্নীক। বিউটি পাৰ্লাৰৰ পৰা মহিলাগৰাকী উভতি অহাৰ পথতেই ভাতৃয়ে গুলীয়াই হত্যা কৰে। এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ মুজাফ্ফৰনগৰত।

Advertisment

ঘটনাৰ বিৱৰণী অনুসৰি ফৰহানাই দুই বছৰ পূৰ্বে(২০২১ চনত) একে গাঁৱৰে এজন যুৱকৰ সৈতে বিয়া হৈছিল। কিন্তু ইয়াকলৈ অসন্তুষ্ট আছিল মহিলাগৰাকীৰ পৰিয়ালৰলোক। যাৰ বাবে বিয়াৰ প্ৰায় ২ বছৰ পাছত বুধবাৰে মহিলাগৰাকী বিউটি পাৰ্লাৰৰ পৰা আহি থকাৰ সময়ত গুলীয়াই হত্যা কৰে ভাতৃয়ে।

গুলীওৱাৰ ফলত থিতাতে নিহত হয় মহিলাগৰাকী। পৰৱৰ্তী সময়ত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। আনহাতে অভিযুক্তৰ বিৰুদ্ধে অব্যাহত ৰাখিছে অভিযান।

Also Read: সন্ধানহীন হৈ থকা মহিলাৰ মৃতদেহ উদ্ধাৰ

uttar pradesh