যদি এটাও অভিযোগ সঁচা হয়, তেন্তে মই ফাঁচীৰ বাবে সাজুঃ ব্ৰীজভূষণ

ৰেচলিং ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ অধ্যক্ষ তথা বিজেপি সাংসদ ব্ৰীজভূষণ চৰন সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি প্ৰায় ১ মাহ ধৰি দিল্লীত প্ৰতিবাদ সাৱ্যস্ত কৰি আহিছে এই মল্লযোদ্ধা সকলে।

author-image
Asomiya Pratidin
New Update
যদি এটাও অভিযোগ সঁচা হয়, তেন্তে মই ফাঁচীৰ বাবে সাজুঃ ব্ৰীজভূষণ

ডিজিটেল ডেস্কঃ দিল্লীত মল্লযোদ্ধা সকলে সাৱ্যস্ত কৰি অহা প্ৰতিবাদ শাম কটাৰ নাম লোৱা নাই। ৰেচলিং ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ অধ্যক্ষ তথা বিজেপি সাংসদ ব্ৰীজভূষণ চৰন সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি প্ৰায় ১ মাহ ধৰি দিল্লীত প্ৰতিবাদ সাৱ্যস্ত কৰি আহিছে এই মল্লযোদ্ধা সকলে।

ইমানদিনৰ প্ৰতিবাদৰ পাছতো এই পৰ্যন্ত নেতা গৰাকীৰ বিৰুদ্ধে প্ৰশাসনে গ্ৰহণ কৰা নাই কোনো পদক্ষেপ। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি সাংসদ গৰাকীৰ বিৰুদ্ধে আৰক্ষীয়ে কোনো প্ৰমাণ লাভ কৰা নাই যাৰ বাবে তেওঁক গ্ৰেপ্তাৰ কৰিব পৰা নাই।

ইয়াৰ মাজতে ব্ৰীজভূষণে বুধবাৰে কয় যে, যদিহে মোৰ বিৰুদ্ধে উত্থাপিত হোৱা এটাও অভিযোগ সঁচা প্ৰমাণিত হয় তেন্তে মই নিজেই ফাঁচী লগাই লম। যদি মল্লযোদ্ধাসকলৰ হাতত কিবা প্ৰমাণ আছে তেন্তে আদালতৰ সন্মুখত উপস্থাপন কৰক। মই যিকোনো শাস্তি ভোগ কৰিবলৈ সাজু আছো।

তেওঁ লগতে কয় যে, মল্লযোদ্ধাসকল মোৰ সন্তানৰ দৰে, গতিকে তেওঁলোকক দোষ নিদিও।

''৪ মাহ ধৰি মল্লযোদ্ধাসকলে বিচাৰি আছে মোক ফাঁচী দিয়াতো। কিন্তু চৰকাৰে মোক ফাঁচী দিয়া নাই।যাৰবাবে তেওঁলোক মেডেলসমূহ গংগাত পেলাই দিয়াৰ সিদ্ধান্ত লৈছিল।যদি আপোনালোকৰ ওচৰত প্ৰমাণ আছে তেন্তে আদালতক দিয়ক। ফাঁচী দিলেও মই গ্ৰহণ কৰিম''।

''কিছুদিন পূৰ্বলৈ তেওঁলোকে মোক মল্লযুঁজৰ ভগৱান আখ্যা দিছিল। যেতিয়া মই ৰেচলিং ফেচাৰেশ্যনৰ মুৰব্বী হিচাপে দায়িত্ব গ্ৰহণ কৰো তেতিয়া মল্লযুঁজত ভাৰত ২০ নম্বৰ স্থানত আছিল। কিন্তু মোৰ কঠোৰ পৰিশ্ৰমৰ ফলত আজি ৫ নম্বৰ স্থানত আছে''।

উল্লেখ্য যে, দিল্লীত চলি থকা প্ৰতিবাদত বজৰং পুনিয়া, সাক্ষী মালিক আদিৰ দৰে খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। মঙলবাৰে খেলুৱৈ সকলে অলিম্পিকৰ মেডেল গংগাত উটুৱাই দিয়াৰ সিদ্ধান্ত লৈছিল।

Also Read: বৃহস্পতিবাৰৰ পৰা ৰাজ্যত নচলে ASTC ৰ বাছ ! কৰ্মচাৰীৰ আন্দোলন ঘোষণা...

delhi Brij Bhushan Sharan Singh protest