/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/12820096-0888-4823-b4f6-a76de3c112a5/heart_attack.jpg)
ডিজিটেল ডেস্কঃ বিদ্যালয়ত সমনীয়াৰ লগত খেলি থাকোতেই মৃত্যু হয় এটি শিশুৰ। নয়ডাৰ এখন চৰকাৰী বিদ্যালয়ত অষ্টম শ্ৰেণীৰ এজন ১৫ বছৰীয়া ছাত্ৰই খেলি থাকোতে অজ্ঞান হৈ পৰে ।
পৰৱৰ্তী সময়ত ছাত্ৰ গৰাকীক ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। চিকিৎসকে কৈছে যে মৃত্যুৰ কাৰণ হাৰ্ট এটেক । সোমবাৰে সংঘটিত হয় এই ঘটনা।
আৰক্ষীয়ে মৃতদেহ চমজি লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। ৰোহিত সিং নামৰ ছাত্ৰজনৰ এই মত্যুয়ে অঞ্চলটোত শোকৰ বন্যা বিয়পাইছে।
উল্লেখ্য যে, সম্প্ৰতি অভাৱনীয় হাৰত বৃদ্ধি পাবলৈ ধৰিছে হাৰ্ট এটেক আৰু ব্ৰেইন ষ্ট্ৰ’কৰ ঘটনা।এই ৰোগত আক্ৰান্ত হৈ বহু কম বয়সীয়া লোকেও অকালতে প্ৰাণ দিব লগীয়া হৈছে।পৰিসংখ্যা অনুসৰি, প্ৰতি তিনি মিনিটত ভাৰতত এজন ব্যক্তিৰ ব্ৰেইন ষ্ট্ৰ’ক হয়।
Also Read: অন্য মহিলাৰে সম্পৰ্ক! নলবাৰীত স্বামীয়ে হত্যা কৰিলে পত্নীক...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us