অন্য মহিলাৰে সম্পৰ্ক! নলবাৰীত স্বামীয়ে হত্যা কৰিলে পত্নীক...

নলবাৰীৰ ইছলাম চুপাত এগৰাকী মহিলাৰ মৃত্যুক লৈ চাঞ্চল্যৰ সৃষ্টি হয়। মঙলবাৰে পোহৰলৈ আহিছে এই ঘটনা।

author-image
Asomiya Pratidin
New Update
অন্য মহিলাৰে সম্পৰ্ক! নলবাৰীত স্বামীয়ে হত্যা কৰিলে পত্নীক...

ডিজিটেল ডেস্কঃ নলবাৰীৰ ইছলাম চুপাত এগৰাকী মহিলাৰ মৃত্যুক লৈ চাঞ্চল্যৰ সৃষ্টি হয়। মঙলবাৰে পোহৰলৈ আহিছে এই ঘটনা। ছামচিয়াৰা বেগম নামৰ মহিলাগৰাকীক হত্যাৰ সন্দেহ একাংশৰ।

Advertisment

স্বামী মঞ্জৰুল আলম আৰু শাহুয়েকৰ বিৰুদ্ধে উত্থাপন হৈছে হত্যাৰ অভিযোগ। নলবাৰীৰ প্রাক্তন উপ পৌৰপতি আছিল মঞ্জৰুল আলম।

ঘটনাৰ বিৱৰণী অনুসৰি আজি পুৱা স্বামী মঞ্জুৰ আলামৰ সৈতে চামচিয়া বেগমৰ কোনো কথাকলৈ কাজিয়াৰ সূত্ৰপাত হৈছিল ৷ এই কাজিয়াই পিছত ভয়ংকৰ ৰূপ লয় আৰু স্বামীৰ প্ৰহাৰত মৃত্যু হয় পত্নী চামচিয়া বেগমৰ৷

উল্লেখ্য যে নলবাৰী পৌৰসভাৰ প্ৰাক্তন উপ পৌৰপতি মঞ্জুৰ আলম আৰু নলবাৰী জিলা বিজেপিৰ নগৰ মহিলা মৰ্চাৰ সভানেত্ৰী চামচিয়া বেগমৰ মাজত প্ৰায়ে কাজিয়াৰ সূত্ৰপাত হৈছিল।

স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি চামচিয়াৰ স্বামী মঞ্জুৰ আলমৰ আছিল আন মহিলাৰে সম্পৰ্ক ৷ মঞ্জুৰে ড্ৰাগছ সেৱন কৰিছিল ৷ যাৰ বাবে পত্নীৰ লগত কাজিয়া লাগিছিল।

পত্নীক হত্যা কৰি স্বামী মঞ্জুৰ আলামে নলবাৰী সদৰ থানাত আত্মসমৰ্পণ কৰে ৷ স্থানীয় ৰাইজে মঞ্জুৰ আলমৰ মাতৃ উক্ত হত্যাকাণ্ডত জড়িত বুলি অভিযোগ কৰে যদিও আৰক্ষীৰ তদন্তত প্ৰকৃত ঘটনাৰ কথা পোহৰলৈ আহিব ৷ সম্প্ৰতি আৰক্ষীৰ তদন্ত অব্যাহত আছে৷

Also Read: মদাৰেই নহয়, কৃষ্ণচূড়াইও আকাশত জুই লগাব পাৰে...

Assam police