কাইলৈৰ পৰা দিল্লীত ভাৰত আৰু বাংলাদেশৰ সীমান্তৰক্ষী বাহিনীৰ সঞ্চালক প্ৰধান পৰ্যায়ৰ সন্মিলন

শ্বেইখ হাছিনা চৰকাৰৰ পতনৰ পাছত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’বলৈ আগবাঢ়িছে ভাৰত আৰু বাংলাদেশৰ সীমান্তৰক্ষী বাহিনীৰ সঞ্চালক প্ৰধান পৰ্যায়ৰ সন্মিলন।

author-image
Asomiya Pratidin
New Update
কাইলৈৰ পৰা দিল্লীত ভাৰত আৰু বাংলাদেশৰ সীমান্তৰক্ষী বাহিনীৰ সঞ্চালক প্ৰধান পৰ্যায়ৰ সন্মিলন

ডিজিটেল ডেস্কঃ শ্বেইখ হাছিনা চৰকাৰৰ পতনৰ পাছত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’বলৈ আগবাঢ়িছে ভাৰত আৰু বাংলাদেশৰ সীমান্তৰক্ষী বাহিনীৰ সঞ্চালক প্ৰধান পৰ্যায়ৰ সন্মিলন। বি এছ এফ আৰু বি জি বিৰ ৫৫ সংখ্যক এই সঞ্চালক প্ৰধা পৰ্যায়ৰ সীমান্ত সমন্বয় সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ইতিমধ্যে বাংলাদেশৰ এটা উচ্চ পৰ্যায়ৰ দল আহি নতুন দিল্লীত উপস্থিত হৈছেহি।

Advertisment

এই দলটোৰ সৈতে মঙ্গলবাৰৰ পৰা দিল্লীৰ লোধি পথৰ বি এছ এফৰ মুখ্য কাৰ্যালয়ত বিশেষ সন্মিলনখন অনুষ্ঠিত হ’ব। সন্মিলনত বাংলাদেশী দুষ্কৃতিকাৰীয়ে বি এছ এফৰ জোৱানৰ ওপৰত কৰা আক্ৰমণ, কাটা তাঁৰৰ বেৰ, সীমান্তৰ অশান্ত পৰিস্থিতি আদিৰ সন্দৰ্ভত আলোচনা কৰিব।

উল্লেখ্য যে, মঙ্গলবাৰৰ পৰা অনুষ্ঠিত হ’বলগীয়া এই সন্মিলনখন ২০ ফেব্ৰুৱাৰীলৈ চলিব। মঙ্গলবাৰে আছে কেইবাটাও বিষয়ত দ্বিপাক্ষিক আলোচনা। জানিব পৰা মতে বাংলাদেশৰ পৰা অহা এই দলটোৱে মঙ্গলবাৰেই গৃহ মন্ত্ৰণালয়ৰ একাংশ জ্যেষ্ঠ বিষয়াৰ সৈতেও আলোচনাত বহাৰ সম্ভাৱনা আছে। 

স্মৰ্তব্য, ২০২৪ চনৰ আগষ্ট মাহত বাংলাদেশৰ ৰাজনৈতিক পট পৰিবৰ্তন তথা শ্বেইখ হাছিনা চৰকাৰৰ পতনৰ পাছত এইখনেই হ’ব দুয়োখন দেশৰ মাজত দুই সীমান্তৰক্ষী বাহিনীৰ প্ৰথমখন আনুষ্ঠানিক শীৰ্ষ পৰ্যায়ৰ বৈঠক। এই সন্মিলনত অংশ ল’বলগীয়া ভাৰতীয় দলটোক নেতৃত্ব দিব বি এছ এফৰ সঞ্চালক প্ৰধান দিলজিৎ সিং চৌধুৰীয়ে। বাংলাদেশৰ পৰা অহা বিজিবিৰ দলটোৰ নেতৃত্বত আছে বিজিবিৰ সঞ্চালক প্ৰধান মেজৰ জেনেৰেল মহম্মদ আশ্ৰাফুজ্জামান ছিদ্দিকী।

এই সন্দৰ্ভত বি এছ এফে ইতিমধ্যে জাৰি কৰা এক বিবৃতিত কয় যে, সীমান্ত সম্পৰ্কীয় বিষয়সমূহৰ ওপৰত আলোচনা আৰু সীমান্তৰক্ষী বাহিনীৰ মাজত সমন্বয় উন্নত কৰাৰ বাবে এই সন্মিলনৰ আয়োজন কৰা হৈছে। সন্মিলনত বাংলাদেশৰ দুষ্কৃতিকাৰীৰ বিএছএফৰ জোৱান আৰু ভাৰতীয় সাধাৰণ নাগৰিকৰ ওপৰত বৰ্ধিত আক্ৰমণ ৰোধ কৰাৰ লগতে অবৈধ ভাৱে সীমান্ত অতিক্ৰম কৰাৰ অপৰাধ, কাটা তাঁৰৰ বেৰ নিৰ্মাণ, বাংলাদেশত ভাৰতীয় বিদ্ৰোহী গোটৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ, সীমান্তৰ আন্তঃগাঁথনিৰ সৈতে জড়িত বিষয়সমূহ, সমন্বিত সীমা ব্যৱস্থাপনা পৰিকল্পনাৰ ফলপ্ৰসূ ৰূপায়ণৰ বাবে যৌথ প্ৰচেষ্টা আৰু অন্যান্য বিষয়সমূহৰ ওপৰত আলোচনা কৰা হ’ব।

এই সন্মিলনৰ ৫৪ সংখ্যক সংস্কৰণ অনুষ্ঠিত হৈছিল যোৱা বছৰৰ মাৰ্চ মাহত ঢাকাত। উল্লেখ্য যে, ৪,০৯৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ ভাৰত-বাংলাদেশৰ সীমা পাঁচখন ৰাজ্য ক্ৰমে পশ্চিম বংগ (২,২১৭ কিলোমিটাৰ), ত্ৰিপুৰা (৮৫৬ কিলোমিটাৰ), মেঘালয় (৪৪৩ কিলোমিটাৰ), অসম (২৬২ কিলোমিটাৰ) আৰু মিজোৰাম (৩১৮ কিলোমিটাৰ)ধৰি বিস্তৃত। এই বিস্তৃত অঞ্চলৰ সুৰক্ষা, নিৰাপত্তা  আৰু চোৰাংচোৱাৰ বাবে গৃহ মন্ত্ৰণালয়ে বি এছ এফক নিযুক্তি দিছে।

বিগত বৰ্ষৰ ডিচেম্বৰ মাহত চুবুৰীয়া দেশখনে ভাৰতে সীমান্তৰ বেৰ নিৰ্মাণ কৰাৰ লগতে আন কেতবোৰ বিষয়ত বিতৰ্কৰ সূত্ৰপাত হৈছিল। সীমান্তৰ বেৰ নিৰ্মাণত বিজিবিয়ে বাধা দিছিল। তাৰোপৰি সীমান্তত আন কেতবোৰ বেআইনী কাৰ্যকলাপো সংঘটিত হৈছিল।

এনে বিষয়ক কেন্দ্ৰ কৰি দুয়ো দেশৰ উচ্চায়ুক্তক তলব কৰাৰ দৰে ঘটনাও সংঘটিত হৈছিল। তাৰ মাজতে চলিত সংসদৰ বাজেট অধিবেশনতে কেন্দ্ৰীয় চৰকাৰে বাংলাদেশৰ পৰা অবৈধ ভাৱে সীমান্ত অতিক্ৰম কৰাৰ প্ৰসংগত কয় যে, সীমা অতিক্ৰম কৰাৰ অপৰাধৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে চুবুৰীয়া দেশৰ পৰা সহযোগিতামূলক পন্থা আশা কৰা হৈছে।

এনে সহযোগিতাৰ ভিতৰত সীমান্তত বেৰ দিয়াৰ কামো অন্তৰ্ভুক্ত হৈ আছে। গৃহ ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ে সংসদত এক লিখিত উত্তৰত কয় যে, ভাৰত-বাংলাদেশ সীমান্তত বেৰ বিহীন অংশটোৰ দৈৰ্ঘ্য ৮৬৪.৪৮২ কিলোমিটাৰ। 

বি এছ এফ বি জি বি বাংলাদেশ