
ডিজিটেল ডেস্ক : এতিয়া যেন আৰক্ষীৰ ওপৰৰ পৰাও বিশ্বাস হেৰুৱাব সাধাৰণ জনতাই । বিভিন্ন সময়ত বিভিন্ন অপৰাধৰ সৈতে আৰক্ষী বিষয়াসকল জড়িত হৈ অহাৰ ঘটনাই শেহতীয়াকৈ এক সন্দেহৰ সৃষ্টি কৰিছে ৰাইজৰ মনত । তেনে এক ঘটনাই পুনৰ সংঘটিত হ'ল পশ্চিম বংগৰ কিষানগঞ্জত ।
কিষানগঞ্জৰ নাদিয়া জিলাৰ টুংগী অঞ্চলত মোতায়েন কৰা হৈছিল বি এছ এফৰ কমাণ্ডাৰ গৰাকীক যি সংঘটিত কৰিছিল এই জঘন্য কাণ্ড । একে অঞ্চলতে কৰ্তব্যৰত আন এগৰাকী মহিলা কনিষ্টবলক কাৰ্যালয়ৰ চৌহদতেই বিগত ১৯ ফেব্ৰুৱাৰীত বলাৎকাৰ কৰিছিল বিষয়াজনে ।
এই ঘটনাৰ পাছত একেদিনাই বিষয়াগৰাকীৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰা হয় ভবানীপুৰ আৰক্ষী চকীত । মহিলা কনিষ্টবল গৰাকীকো চিকিত্রসালয়ত ভৰ্তি কৰোৱা হয় পৰৱৰ্তী তদন্তৰ বাবে । অৱশ্যে এই সম্পূৰ্ণ ঘটনা পোহৰলৈ আহে তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক কুনাল ঘোষে দিয়া এক টুইটৰ জৰিয়তে ।
এতিয়া প্ৰশ্ন হয়, সুৰক্ষা কৰ্মী অথবা আৰক্ষীৰ হাতত সুৰক্ষা ন্যস্ত কৰিবলৈ সম্পূৰ্ণ ৰূপে ভৰষা কৰিব নে ৰাইজে ? ভৰষা কৰিলেও সম্পূৰ্ণ ৰূপে সুৰক্ষিত হ'ব জানো সাধাৰণ জনতা ?