/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-31/ziqw6744/sk-31.jpg)
হাৰ্নিয়া আৰু পেটৰ আৱৰণৰ অস্ত্ৰোপচাৰৰ ওপৰত কিতাপ মুকলি...
ডিজিটেল ডেস্কঃ প্ৰখ্যাত চিকিৎসক সুভাষ খান্নাৰ সম্পাদনাত আইএজিইএছ ৰিচেণ্ট এডভান্সেছ ইন মিনিমাল এক্সেছ চাৰ্জাৰী ছিৰিজৰ শেহতীয়া সংস্কৰণ যোৱা ২৪ অক্টোবৰত উন্মোচন কৰা হয়। কলকাতাৰ বিশ্ব বাংলা কনভেনচন চেণ্টাৰত অনুষ্ঠিত হোৱা ৱৰ্ল্ড কংগ্ৰেছ অৱ এণ্ড’স্কপিক চাৰ্জাৰীৰ (ডব্লিউচিইএছ ২০২৪) উদ্বোধনী অনুষ্ঠানত এই শেহতীয়া সংস্কৰণ উন্মোচন কৰা হৈছে।
"আই এ জি ই এছ ৰিচেণ্ট এডভান্সেছ ইন মিনিমাল এক্সেছ চাৰ্জাৰী-৪: স্পেচিয়েল এডিচন অন হাৰ্নিয়া এণ্ড এবডোমিনেল ৱাল ৰিকনষ্ট্ৰাকচন" শীৰ্ষক এই গ্ৰন্থখন সম্পাদনা কৰিছে গুৱাহাটীৰ বিশিষ্ট অস্ত্ৰোপচাৰ বিশেষজ্ঞ অধ্যাপক সুভাষ খান্নাই। গ্ৰন্থখনত হাৰ্নিয়া চিকিৎসাৰ গতানুগতিক আৰু অত্যাধুনিক কৌশল দুয়োটাৰে বিস্তৃত অন্বেষণৰ বিষয়ে আলোকপাত কৰা হৈছে।
য'ত উন্নত এণ্ড'স্কপিক, ৰবটিক আদি পদ্ধতিৰ আধুনিক প্ৰযুক্তিগত দিশসমূহৰ বিষয়ে আলোচনা কৰা হৈছে। গ্ৰন্থখনৰ মুখ্য সম্পাদক হিচাপে অধ্যাপক খান্নাৰ নেতৃত্বত বিশেষজ্ঞ সম্পাদকীয় দলটোত আছিল সহযোগী সম্পাদক হিচাপে চেন্নাইৰ ড° এম কানাগাভেল, আমন্ত্ৰিত সম্পাদক হিচাপে অষ্ট্ৰেলিয়াৰ ড° বি ৰমানা, আৰু আমেৰিকাৰ পৰা ভাহাগন চি নিকোলিয়ান।
গ্ৰন্থখনৰ এই খণ্ডটোৰ মূল বৈশিষ্ট হৈছে ৭০ শতাংশতকৈ অধিক অধিক বিশ্বৰ বিশেষজ্ঞত সামৰি লোৱা হৈছে। গ্ৰন্থখনৰ প্ৰতিটো অধ্যায়ক অত্যাধুনিক পদ্ধতি উপস্থাপন কৰিবলৈ নিখুঁতভাৱে ৰচনা কৰা হৈছে। ইয়াত হাৰ্নিয়া আৰু পেটৰ বেৰৰ চিকিৎসা আৰু পুনৰ্গঠনৰ শেহতীয়া অগ্ৰগতিসমূহ প্ৰতিফলিত কৰিছে।
এইবাৰৰ লেখকসকলৰ ভিতৰত আছে ড° গ্ৰেগৰী ডুমানিয়ান (আমেৰিকা), ড° মডিনা পেড্ৰিক মেনুৱেল (স্পেইন), ড° নীল জে স্মাৰ্ট (ইউ কে), ড° প্ৰমোদ শ্বিণ্ডে (ভাৰত), ড° ৰিচাৰ্ড লু (আমেৰিকা), ড° ৱাৰ্ডিল ডেভিদ (অষ্ট্ৰেলিয়া), ডাঃ ডেভিদ ৰছ (ইউ কে), ডাঃ জান এফ কুক্লেটা (ছুইজাৰলেণ্ড), ডাঃ গেৰিয়ান লিল (জাৰ্মানী), ডাঃ ৰডনি জেকবছ (অষ্ট্ৰেলিয়া), ডাঃ হেনি টাকলা, ডাঃ এৰিক প’লি (আমেৰিকা) আদি।
এই গ্ৰন্থখন উন্মোচন কৰি আন্তৰ্জাতিক ফেডাৰেচন অৱ ছ’চাইটিজ অৱ এণ্ড’স্কপিক চাৰ্জন (আই এফ এছ ই এছ)ৰ সভাপতি ডাঃ এডুয়াৰ্ডো টাৰ্গাৰোনাই বিশ্ব সম্প্ৰদায়ৰ অভিজ্ঞ আৰু আগন্তুক চাৰ্জন উভয়ৰে বাবে ইয়াক এক মূল্যৱান সম্পদ হিচাপে আখ্যা দিছে। অধ্যাপক খান্নাই এই বিশেষ সংস্কৰণে এই ক্ষেত্ৰখনত যি প্ৰভাৱ পেলোৱাৰ লক্ষ্য লৈছে তাৰ বাবে উৎসাহ প্ৰকাশ কৰিছে।
তেওঁ আশা কৰিছে যে ইয়াৰ অন্তৰ্দৃষ্টিয়ে অস্ত্ৰোপচাৰ বিশেষজ্ঞসকলক অস্ত্ৰোপচাৰৰ মানদণ্ড আৰু অধিক উন্নীত কৰিবলৈ অনুপ্ৰাণিত কৰিব। প্ৰসংগক্ৰমে ভাৰতত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা এণ্ড’স্ক’পিক চাৰ্জাৰীৰ বিশ্ব কংগ্ৰেছ (WCES 2024)ৰ সময়ত অধ্যাপক সুভাষ খান্নাই কংগ্ৰেছৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি গ্ৰন্থখন আনুষ্ঠানিকভাৱে মুকলি কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-31/kdxik4tn/14c11182-5ba6-48e5-a68d-f2006a7e6701.jpg)
Also Read: পাটাছাৰকুছি নাগৰিক সমিতিৰ উদ্যোগত ৰাষ্ট্ৰীয় একতা দিৱসত সংকল্প গ্ৰহণ...