/asomiyapratidin/media/media_files/2025/01/23/xR3ouTIqX1z7EOaSilHJ.jpg)
ডিজিটেল ডেস্কঃ বোম্বে উচ্চ ন্যায়ালয়ৰ ৰোষত পৰিল প্ৰৱৰ্তন সঞ্চালকালয় চমুকৈ ইডি। এগৰাকী ৰিয়েল ইষ্টেটৰ ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ নিজেই ক্ষতিপূৰণ আদায় দিবলগীয়া হ’ল ইডিয়ে।
জানিব পৰা মতে ইডিয়ে মুম্বাইৰ ৰিয়েল ইষ্টেট ডেভলপাৰ ৰাকেশ জৈনৰ বিৰুদ্ধে ধনৰ অবৈধ সৰবৰাহৰ তদন্ত কৰিছিল। এই তদন্তৰ সময়তে ইডিয়ে আইনৰ সীমা উলংঘন কৰাৰ অভিযোগ কৰি ন্যায়ালয়ৰ দ্বাৰস্থ হয় ৰাকেশ জৈন।
ফলত বোম্বে উচ্চ ন্যায়ালয়ে গোচৰটোৰ শুনানি গ্ৰহণ কৰি ইডিক জৰিমণা বিহাৰ লগতে আইন মানি চলিবলৈ কঠোৰ নিৰ্দেশ জাৰি কৰিছে। ন্যায়ালয়ে ইডিক ১ লাখ টকাৰ জৰিমণা বিহি গোচৰটোৰ ৰায়ত কয়, ''আইন প্ৰয়োগকাৰী সংস্থাসমূহক আইন মানি চলাৰ বাবে কঠোৰ বাৰ্তা দিয়াৰ প্ৰয়োজন।''
ইডিয়ে আইন হাতত ল’ব নোৱাৰে
বোম্বে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মিলিন্দ যাদৱে গোচৰটোৰ শুনানিৰ সময়ত স্পষ্ট কৰি কয় যে, ''ইডি আৰু অভিযোগকাৰীয়ে দুৰ্নীতিপূৰ্ণ অভিপ্ৰায়ৰে গোচৰটো আগবঢ়াইছিল। দুয়োকে ১ লাখ টকাৰ জৰিমণা বিহা হৈছে।''
ন্যায়াধীশ যাদৱে কয়, "মই এই জৰিমনা আৰোপ কৰিবলৈ বাধ্য হৈছো কাৰণ ইডিৰ দৰে সংস্থাই বুজিব লাগিব যে তেওঁলোকে আইনৰ সীমাৰ ভিতৰত থাকিব লাগিব। তেওঁলোকে আইন নিজৰ হাতত ল'ব নোৱাৰে আৰু সাধাৰণ মানুহক হাৰাশাস্তি কৰিব নোৱাৰে।"
গোচৰটোৰ পটভূমি
মুম্বাইৰ মালাড অঞ্চলৰ এক সম্পত্তিক লৈ ৰাকেশ জৈন আৰু গুল আচৰাৰ মাজত বিবাদ হৈছিল। দুয়োৰে মাজত আছিল এখন হোটেল নিৰ্মাণৰ চুক্তি। হোটেলখন পলমকৈ সম্পূৰ্ণ হোৱাৰ প্ৰমাণপত্ৰ পোৱাৰ পিছত গুল আচাৰাই অভিযোগ দাখিল কৰিছিল।
মুম্বাই আৰক্ষীয়ে প্ৰথমতে এই গোচৰটোক এটা দেৱানী গোচৰ হিচাপে চিনাক্ত কৰিছিল। কিন্তু আচাৰাই বিষয়টো আন্ধেৰীৰ মেজিষ্ট্ৰেট আদালতলৈ লৈ যায়। আদালতে ভিলে পাৰ্লে আৰক্ষীক তদন্ত কৰিবলৈ নিৰ্দেশ দিয়ে।
পিছত এই গোচৰত ইডিক জড়িত কৰা হয়। ইডিৰ ওচৰত গোচৰীয়াই দাবী কৰে যে, জৈনৰ মালিকানাধীন কিছু ফ্লেট আৰু গেৰেজৰ উৎস অপৰাধমূলক উপাৰ্জনৰ।
উচ্চ ন্যায়ালয়ৰ পৰ্যৱেক্ষণ
গোচৰটোৰ সন্দৰ্ভত ইডিয়ে তদন্তৰ প্ৰাৰম্ভিকতে সঠিক পৰ্যালোচনা নকৰাৰ বাবে বোম্বে উচ্চ ন্যায়ালয়ে ইডিক সমালোচনা কৰে। আদালতে বিষয়টোক "মানি লণ্ডাৰিং প্ৰতিৰোধ আইনৰ (পিএমএলএ) অপব্যৱহাৰৰ এক উৎকৃষ্ট উদাহৰণ" বুলি অভিহিত কৰিছে।
ন্যায়াধীশ যাদৱে আঙুলিয়াই দিয়ে যে গুল আচাৰাই আৰক্ষীৰ তদন্তক লুকুৱাই ব্যৱস্থাটোৰ অপব্যৱহাৰ কৰিছে। য'ত আৰক্ষীয়ে বিষয়টো দেৱানী বুলি ঘোষণা কৰিছিল। আদালতে কয়, ''ইয়াৰ আঁৰত এটা স্পষ্ট অশুভ উদ্দেশ্য আছিল। যিটো স্পষ্ট হৈ আছে।''
ন্যায়াধীশগৰাকীয়ে লগতে কয়, কেৱল চুক্তি ভংগ কৰাটো ভাৰতীয় দণ্ডবিধিৰ ৪০৬ ধাৰাৰ অধীনত অপৰাধমূলক দেশদ্ৰোহৰ সমান অপৰাধ নহয়।