Advertisment

সংগীত শিল্পী ছানৰ এপাৰ্টমেণ্টত বিধ্বংসী অগ্নিকাণ্ড...

মঙ্গলবাৰে পুৱতি নিশা বলিউডৰ জনপ্ৰিয় সংগীত শিল্পী ছানে বাস কৰা মুম্বাইৰ এপাৰ্টমেণ্টত সংঘটিত হয় অগ্নিকাণ্ড। মুম্বাইৰ অভিজাত বেন্দ্ৰাস্থিত ১৫ মহলীয়া এটা এপাৰ্টমেণ্টৰ ১২ মহলাত থাকে শিল্পীগৰাকী। 

author-image
Asomiya Pratidin
New Update
সংগীত শিল্পী ছানৰ এপাৰ্টমেণ্টত বিধ্বংসী অগ্নিকাণ্ড...

ডিজিটেল ডেস্কঃ মঙ্গলবাৰে পুৱতি নিশা বলিউডৰ জনপ্ৰিয় সংগীত শিল্পী ছানে বাস কৰা মুম্বাইৰ এপাৰ্টমেণ্টত সংঘটিত হয় অগ্নিকাণ্ড। মুম্বাইৰ অভিজাত বেন্দ্ৰাস্থিত ১৫ মহলীয়া এটা এপাৰ্টমেণ্টৰ ১২ মহলাত থাকে শিল্পীগৰাকী। 

Advertisment

এই এপাৰ্টমেণ্টৰে সপ্তম মহলাত সংঘটিত হয় অগ্নিকাণ্ড। পুৱতি নিশা প্ৰায় ২ বজাত ইয়াত অগ্নিকাণ্ড সংঘটিত হয়। ঘটনা সংঘটিত হোৱাৰ লগে লগে অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়া হয়। অগ্নি নিৰ্বাপক বাহিনীৰ ১০ খন বাহনে আহি ততাতৈয়াকৈ অগ্নি নিৰ্বপান কৰে।

অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত এপাৰ্টমেণ্টৰ বাসিন্দাসকলে ১৫ মহলাত গৈ আশ্ৰয় লয়। এই অগ্নিকাণ্ডৰ ফলত এগৰাকী ৮০ ৰ উৰ্ধৰ বৃদ্ধ অসুস্থ হৈ পৰে। অসুস্থ বৃদ্ধগৰাকীৰ লগতে আন আন লোকসকলক উদ্ধাৰকাৰীসকলে সফলতাৰে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

অগ্নিকাণ্ডৰ ফলত যথেষ্ট ভয় খাইছে ছান আৰু তেওঁৰ পৰিয়ালে। অগ্নিকাণ্ড সংঘটিত হোৱাৰ পাছত তেওঁলোকো নিজৰ ফ্লেটৰ পৰা ওলাই গৈ ১৫ মহলতা আশ্ৰয় লৈছিলগৈ। পাছত অগ্নি নিৰ্বাপক বাহিনী, উদ্ধাৰকাৰীয়ে তেওঁলোকক উদ্ধাৰ কৰে।

এই সন্দৰ্ভত ছানে কয়, ‘’সকলোকে জনাবলৈ বিচাৰিছো আমি এতিয়া ভালে আছো। আমাৰ আৱাসগৃহৰ সপ্তম মহলাত অগ্নি কাণ্ড সংঘটিত হৈছিল। এতিয়া পৰিস্থিতি নিয়ন্ত্ৰণত আছে। ইমান ভয়ংৰপ ঘটনা অপল কথাৰে কলে বুজিব নোৱাৰি। আমি ঘৰলৈ উভতাৰ অপেক্ষাত আছো।‘’

তেওঁ মুম্বাই আৰক্ষী, অগ্নি নিৰ্বাপক বাহিনী আৰু উদ্ধাৰকাৰীসকলক কৃতজ্ঞতাও জ্ঞাপন কৰিছে। কিন্তু হঠাত কিদৰে এই অগ্নিকাণ্ড সংঘটিত হল সেয়া এতিয়াও জানিব পৰা হোৱা নাই। প্ৰাথমিক তদন্তৰ অন্তত এয়া শ্বৰ্ট চাৰ্কিটৰ ফলতে সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে।

 

অগ্নিকাণ্ড মুম্বাই