/asomiyapratidin/media/media_files/2025/01/22/jwY8r2ixRIc9u0jvfsR5.jpg)
ডিজিটেল ডেস্কঃ হঠাৎ অসুস্থ হৈ পৰিল কণ্ঠশিল্পী মনালী ঠাকুৰ। বলিউডৰ জনপ্ৰিয় সংগীত শিল্পীগৰাকী যোৱা দিন কেইটাত কেইবাখনো সংগীতানুষ্ঠানত অংশগ্ৰহণ কৰি চৰ্চাৰ শীৰ্ষত আছে। বংগৰ কণ্ঠশিল্পীগৰাকীয়ে যোৱা দিন কেইটাত গৃহ ৰাজ্যতো বহু কেইখন অনুষ্ঠান পৰিবেশন কৰিছে।
মঙ্গলবাৰেও উত্তৰ বংগৰ দিনহাটাত আছিল তেওঁৰ সংগীতৰ অনুষ্ঠান। এই অনুষ্ঠান পৰিবেশন কৰি থকাৰ সময়তে তেওঁ হঠাৎ অসুস্থ হৈ পৰে। ইয়াৰ পাছতে তেওঁক হাস্পতালত ভৰ্তি কৰোৱা হৈছে। জানিব পৰা মতে এদল বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত তেওঁৰ চিকিৎসা চলি আছে।
উল্লেখ্য যে, মঙ্গলবাৰে উত্তৰ বংগৰ উন্নয়ন মন্ত্ৰী উদয়ন গুহৰ পিতৃ তথা প্ৰাক্তন মন্ত্ৰী কমল গুহৰ জন্ম বাৰ্ষিকীৰ উপলক্ষে দিনহাটা উৎসৱৰ আয়োজন কৰিছিল। এই উৎসৱতে নিশা গীত পৰিবেশন কৰিবলৈ আহিছিল মনালী ঠাকুৰ।
নিৰ্ধাৰিত সময় অনুসৰিয়েই তেওঁ দিনহাটাত উপস্থিত হয়। তাৰ পাছত নিৰ্ধাৰিত সময়ত তেওঁ গীত পৰিবেশনৰ বাবে মঞ্চত উঠে। মঞ্চত সংগীতৰ অনুষ্ঠান আৰম্ভ কৰিয়েই গতানুগতিকভাৱেই মনালীয়ে কণ্ঠৰ যাদুৰে মায়াময় কৰি তোলে গোটেই পৰিবেশ।
কিন্তু কেইটামান গীত গোৱাৰ পাছতে হঠাৎ অসুস্থ হৈ পৰে শিল্পীগৰাকী। জানিব পৰা মতে তেওঁ উশাহ লোৱাত যথেষ্ট কষ্ট অনুভৱ কৰে। আজিৰ পৰা কিছু বছৰ পূৰ্বে ২০২২ ৰ ৩১ মে’ কলতকাতাৰ বিখ্যাত নজৰুল মঞ্চত গীত পৰিবেশন কৰাৰ সময়ত এইদৰেই প্ৰথমে উশাহ লোৱাত অসুবিধা হোৱাৰ পাছত মৃত্যুক সাৱটি লৈছিল বলিউডৰ বিখ্যাত সংগীত শিল্পী কে কেয়ে।
মনালী ঠাকুৰে উশাহ লোৱাত অসুবিধাৰ সন্মুখীন হোৱাৰ বিষয়ে জানিব পৰা লগে লগে আয়োজকে তেওঁ দিনহাটাৰ এখন হাস্পতালত ভৰ্তি কৰে। খবৰ অনুসৰি বৰ্তমানেও এই হাস্পতালতেই চিকিৎসাধীন হৈ আছে মনালী ঠাকুৰ।
অনুষ্ঠানৰ আয়োজকে জনোৱা অনুসৰি তেওঁলোকে মনালীৰ উন্নত চিকিৎসাৰ বাবে সকলোধৰণৰ ব্যৱস্থা কৰিছে। বিশিষ্ট বিশেষজ্ঞ চিকিৎসক বিশেষভাৱে আছে চিকিৎসাৰ দায়িত্বত। ইফালে মনালী ঠাকুৰৰ অসুস্থতাৰ খবৰ বিয়পি পৰাৰ লগে লগে তেওঁৰ অনুৰাগীসকলো উদ্বিগ্ন হৈ পৰিছে।