অসমৰ জয়মালাক লৈ ছ’চিয়েল মিডিয়াত কেম্পেইনিং বলীউড তাৰকাৰ…

জয়মালাক উদ্ধাৰ কৰি যাৱতীয় যত্ন লোৱাৰ বাবে ছ’চিয়েল মিডিয়াত চলিছে কেম্পেইনিং। টুইযোগে বলীউড তাৰকাই কৰিছে এই কেম্পেইনিং। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাম উল্লেখ কৰি জয়মালাক উদ্ধাৰৰ বাবে কেম্পেইনিং চলাইছে বলীউড তাৰকাই।

author-image
Asomiya Pratidin
New Update
অসমৰ জয়মালাক লৈ ছ’চিয়েল মিডিয়াত কেম্পেইনিং বলীউড তাৰকাৰ…

ডিজিটেল ডেস্ক : জয়মালাক উদ্ধাৰ কৰি যাৱতীয় যত্ন লোৱাৰ বাবে ছ’চিয়েল মিডিয়াত চলিছে কেম্পেইনিং। টুইযোগে বলীউড তাৰকাই কৰিছে এই কেম্পেইনিং। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাম উল্লেখ কৰি জয়মালাক উদ্ধাৰৰ বাবে কেম্পেইনিং চলাইছে বলীউড তাৰকাই।

Advertisment


সংগীত, ক্ৰীড়া আৰু ফেশ্বন জগতৰ বলীউডতাৰকা আৰু চেলিব্ৰিটিসকলে তামিলনাডুৰ মন্দিৰত নিৰ্যাতিত অসমৰ হাতী জয়মালাৰ মুক্তিৰ বাবে পিপল ফৰ দ্য এথিকেল ট্ৰিটমেণ্ট অফ এনিমেলছ (পেটা) ইণ্ডিয়াৰ প্ৰচাৰৰ সৈতে সহযোগ কৰি প্ৰচাৰ চলায়।

এই অভিযানৰ উদ্দেশ্য হৈছে তামিলনাডুৰ জয়মালা বা পুনৰ নামকৰণ কৰা জয়মাল্যথাক তাৎক্ষণিক বিশেষ যত্নৰ বাবে উদ্ধাৰ কেন্দ্ৰলৈ প্ৰেৰণ কৰা আৰু আন হাতীৰ সৈতে যত্নৰে ৰখা।


টুইটাৰত #FreeElephantJeymalyatha প্ৰচাৰ অভিযানত সমৰ্থন আগবঢ়োৱা চেলিব্ৰিটিসকলৰ ভিতৰত আছে মাধুৰী দীক্ষিত, ৰবীনা টণ্ডন, অৰ্জুন ৰামপাল, আফতাব শিৱদাসনী, ৰাহুল দেৱ, জেনেলিয়া দেশমুখ, ছানী লিয়নী, অংগৰাগ পাপন মহন্ত, কুনাল কাপুৰ, পূজা ভট্ট, অতুল কাচবেকাৰ, আদা শৰ্মা আৰু কবিতা কৌশিক।

assam tamilnadu himanta biswa sarma elephant