অৰুণাচলৰ হোটেলত উদ্ধাৰ প্ৰেমিক-প্ৰেমিকাৰ লগতে এগৰাকী যুৱকৰ মৃতদেহ...

অৰুণাচলৰ হোটেলত উদ্ধাৰ প্ৰেমিক-প্ৰেমিকাৰ লগতে এগৰাকী যুৱকৰ মৃতদেহ...

ডিজিটেল ডেস্কঃ কেৰালাৰ দুগৰাকী যুৱক আৰু এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে অৰুণাচল প্ৰদেশৰ এখন হোটেলত। ইতিমধ্যে অৰুণাচল আৰক্ষীয়ে মৃতদেহ কেইটা উদ্ধাৰ কৰি প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে। আৰক্ষীয়ে এতিয়ালৈকে মৃত্যুৰ কাৰন স্পষ্টকৈ জানিব পৰা নাই বুলি সংবাদ মাধ্যমৰ সন্মুখত ব্যক্ত কৰিছে।

ইফালে তিনিগৰাকী লোকৰ এই মৃত্যুক লৈ তিৰুৱন্তপুৰমৰ আৰক্ষী আয়ুক্তই সদৰি কৰিছে যে, তিনিগৰাকী লোকৰ মৃত্যু স্বাভাৱিক নহয় যেন অনুমান হয়। এতিয়ালৈকে তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱা নাই, গতিকে মৃত্যুৰ সঠিক কাৰন জানিব পৰা হোৱা নাই।‘ ইফালে এই সমগ্ৰ হত্যাকাণ্ড কলা যাদুৰ জৰিয়তে কৰা হৈছে বুলি স্থানীয়লোকে মত ব্যক্ত কৰিছে। আৰক্ষীয়ে এই দাবী নস্যাত কৰি কৈছে যে, তেনে কোনা সামগ্ৰী আৰক্ষীয়ে উদ্ধাৰ কৰা নাই। তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছত সবিশেষ জনাম।‘

এই সমগ্ৰ হত্যাকাণ্ডৰ প্ৰকৃত কাৰন পোহৰলৈ আহিবলৈ আৰু কিছুদিনৰ সময় লাগিব বুলি অৰুণাচল আৰক্ষীয়ে সদৰি কৰিছে। কেৰালাৰ তিৰুৱন্তপুৰমৰ এটি আৰক্ষীৰ দলো অৰুণাচলত উপস্থিত হৈছে। উল্লেখ কৰা প্ৰয়োজন যে, অৰুণাচল প্ৰদেশৰ এখন হোটেলত উদ্ধাৰ হৈছিল এই তিনিগৰাকী লোকৰ মৃতদেহ। ইয়াৰে দুগৰাকী প্ৰেমৰ সম্পৰ্কত আছিল বুলিও জানিব পৰা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in