মহাৰাষ্ট্ৰত ৰসায়নিক উদ্যোগত বিষ্ফোৰণ, নিহত ৩ শ্ৰমিক

author-image
Asomiya Pratidin
New Update
মহাৰাষ্ট্ৰত ৰসায়নিক উদ্যোগত বিষ্ফোৰণ, নিহত ৩ শ্ৰমিক

ডিজিটেল ডেস্ক : মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ তাৰাপুৰত এটি ৰসায়নিক উদ্যোগত বিষ্ফোৰণ ঘটে বুধবাৰে । বুধবাৰে বিয়লি প্ৰায় ৪.৩০ বজাত উদ্যোগটোৰ গামা এছিড তৈয়াৰ কৰা এক ইউনিটত ঘটা এই শক্তিশালী বিষ্ফোৰণৰ ফলত উদ্যোগটোৰ মুধছখন সম্পূৰ্ণ ৰূপে ধ্বংস হয় । আনহাতে, বিষ্ফোৰণটোৰ ফলতেই থিতাতে মৃত্যু হয় ৩ গৰাকীকৈ কৰ্মৰত শ্ৰমিকৰ আৰু গুৰুতৰ ভাৱে আহত হয় আন ১২ জন লোক ।

Advertisment

এই সন্দৰ্ভত পালঘৰ আৰক্ষীৰ মুখপাত্ৰ শচীন নাৱাদকাৰৰ মন্তব্য অনুসৰি, মৃত শ্ৰমিক সকলৰ দেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে নিকটৱৰ্তী চৰকাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে আৰু আহত সকলকো উন্নত চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।

ইয়াৰ ওপৰিও খবৰ লাভ কৰাৰ লগে লগেই স্থানীয় আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনা হৈছিল বুলিও জানিব দিয়ে মুখপাত্ৰ গৰাকীয়ে ।   

আনহাতে, বিষ্ফোৰণ সন্দৰ্ভত কৰা আন এক প্ৰশ্নৰ উত্তৰত নাৱাদকাৰে জানিবলৈ দিয়ে যে বিষ্ফোৰণৰ সময়ত উদ্যোগটোত কৰ্মৰত অৱস্থাত আছিল ১৮ গৰাকী কৰ্মী । সৌভাগ্যক্ৰমে ৩ গৰাকী কৰ্মীহে ৰক্ষা পৰে গুৰুতৰ ভাৱে আহত হোৱাৰ পৰা । ৰিয়েক্টৰ ভেচেলত সৃষ্টি হোৱা প্ৰচণ্ড চাপৰ পৰা এই বিষ্ফোৰণ হোৱা বুলি প্ৰকাশ কৰে স্থানীয় আৰক্ষীয়ে ।

maharashtra