
ডিজিটেল ডেস্কঃ ২০২৪ ত কেন্দ্ৰত নাহে বিজেপিৰ চৰকাৰ। অষ্টাদশ লোকসভা নিৰ্বাচনত বিজেপিয়ে লাভ নকৰে ২০০ খনো আসন। এয়া আমাৰ কথা নহয়। এই কথা কৈছে বংগৰ অগ্নিকন্যা মমতা বেনাৰ্জীয়ে।
তৃণমূল কংগ্ৰেছৰ নেত্ৰীগৰাকীৰ মতে বিজেপি পুনৰ ক্ষমতালৈ অহাটো দূৰৰে কথা তেওঁলোকে লাভ নকৰে ২০০ খনো আসন। ১৯ এপ্ৰিল, দেওবাৰে তেওঁ এক সংবাদ মেল সম্বোধন কৰি কয়, ২০২১ বিধানসভা নিৰ্বাচনৰ পূৰ্বে কৈছিলো বিজেপিয়ে লোকসভাৰ নিৰ্বাচনত ২০০ খন আসন পাব। কিন্তু এইবাৰ কৈছো ২০০ আসনো লাভ নকৰে।
তেওঁ আশংকা কৰিছে ২০২৪ ত বিজেপিয়ে ক্ষমতালৈ আহিবলৈ ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা, কেন্দ্ৰীয় বাহিনী, নিৰ্বাচন আয়োগক ব্যৱহাৰ কৰাৰ লগতে প্ৰচুৰ ধন ব্যয় কৰিব। অৱশ্য তাৰ পিছতো বিজেপিয়ে ক্ষমতা দখল কৰিব নোৱাৰে বুলি তেওঁ নিশ্চিত।
এই সংবাদ মেলখনতেই তেওঁ ই ভি এম মেচিনৰ বিশ্বাসযোগ্যতাক লৈয়ো প্ৰশ্ন উত্থাপন কৰিছে। কোনো কাৰণতে তেওঁ বিজেপিক বিশ্বাসত নলয় বুলি উল্লেখ কৰি বিজেপিৰ কথা আৰু আচৰণ দেখি বিস্মিত হৈছে বুলিও মন্তব্য কৰিছে।
বিজেপিয়ে ২০০ খনো আসন লাভ নকৰিব বুলি দাবী কৰাৰ সমান্তৰালকৈ ইয়াৰ কাৰণো ব্যাখ্যা কৰিছে। তেওঁৰ মতে বিজেপিয়ে দক্ষিণ ভাৰতত এখনো আসন দখল কৰিব নোৱাৰে।
পশ্চিমবংগ, মহাৰাষ্ট্ৰ, উত্তৰপ্ৰদেশ এইবোৰ ৰাজ্যত পূৰ্বৰ তুলনাত আসন কমিব বিজেপিৰ। ২০২৪ ত দিল্লীৰ পৰা বিজেপিক উৎখাত কৰিবলৈ নিৰ্বাচনৰ পূৰ্বে সকলো বিৰোধী একত্ৰিত হ’ব বুলিও আশা প্ৰকাশ কৰিছে।
তেওঁ কয় সকলো বিৰোধী একত্ৰিত হৈ 'সংযুক্ত ভাৰত' হিচাপে নিৰ্বাচনী যুঁজত নামিব। কেন্দ্ৰীয় স্তৰত সকলো বিৰোধী দলে একত্ৰিত ভাৱে কাম কৰিছে। সকলো নেতৃত্বই দৈনিক কথা-বতৰা পাতিছে।