সমাগত লোকসভা নিৰ্বাচন: উত্তৰ প্ৰদেশত বিজেপিৰ 'টিফিন পে চৰ্চা'....

২০২৪ৰ লোকসভা নিৰ্বাচনত দৃষ্টি বিজেপিৰ! মাহজোৰা কাৰ্যসূচীৰে উত্তৰ প্ৰদেশত বিজেপিৰ 'টিফিন পে চৰ্চা'...
সমাগত লোকসভা নিৰ্বাচন: উত্তৰ প্ৰদেশত বিজেপিৰ 'টিফিন পে চৰ্চা'....

ডিজিটেল ডেস্ক : সমাগত ২০২৪ লোকসভা নিৰ্বাচন। সমান্তৰালভাবে আজি বিজেপি চৰকাৰে সম্পূৰ্ণ কৰিলে ৯টা বছৰ। লোকসভা নিৰ্বাচনৰ ওপৰত দৃষ্টি ৰাখি ভাৰতীয় জনতা পাৰ্টীয়ে আয়োজন কৰিছে 'টিফিন পে চৰ্চা' শীৰ্ষক কাৰ্যসূচী। মঙলবাৰে উত্তৰ প্ৰদেশত এই কাৰ্যসূচী আৰম্ভৰ বাবে সমবেত হ'ল বিজেপিৰ নেতা-কৰ্মী।

বিজেপিৰ 'টিফিন পে চৰ্চা' বৈঠকৰ উদ্দেশ্য হৈছে নেতা-কৰ্মীসকলক ঐক্যবদ্ধ কৰি ৰখাৰ লগতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সমাজ কল্যাণমূলক আঁচনিৰ বিষয়ে উত্তৰ প্ৰদেশৰ লোকসকলক অৱগত কৰা। এই অনুষ্ঠানত বিজেপিৰ দলীয় কৰ্মীসকলে ঘৰৰ পৰা অনুষ্ঠানস্থলীলৈ টিফিন নি একেলগে আহাৰ গ্ৰহণ কৰে। উল্লেখ্য যে, এই অনুষ্ঠান অব্যাহত থাকিব ৩০ জুন পৰ্যন্ত।

উত্তৰ প্ৰদেশৰ আজিৰ এই অনুষ্ঠানত বিজেপিৰ সাংসদ, বিধায়ক, কাৰ্যালয়ৰ কৰ্মী সকলো নিৰ্ধাৰিত স্থানত একত্ৰিত হৈ আলোচনা কৰে অংগীকাৰমূলক বিভিন্ন বিষয়। যাৰ দ্বাৰা জনসাধাৰণৰ লগত সংযোগ স্থাপন কৰিব পাৰিব বুলি বিশ্বাস বিজেপি কৰ্মীৰ।

আনহাতে এই 'টিফিন পে চৰ্চা' কাৰ্যসূচী বিজেপিৰ 'মহাসম্পৰ্ক অভিযান'ৰ সময়তে আয়োজন কৰা হৈছে। বিজেপি শাসিত কেন্দ্ৰীয় মোডী চৰকাৰৰ আজি ৯ বছৰ সম্পূৰ্ণ হোৱাৰ বাবেই এই সিদ্ধান্ত বিজেপিৰ। এই 'টিফিন পে চৰ্চা' উত্তৰ প্ৰদেশৰ ১৯১৮ টা সাংগঠনিক বিভাগত অনুষ্ঠিত হ'ব।

স্মৰ্তব্য যে, ২০১৪ চনৰ লোকসভা নিৰ্বাচনী প্ৰচাৰৰ সময়ত বিজেপিয়ে নিৰ্বাচনী প্ৰচাৰৰ বাবে 'চাই পে চৰ্চা' কাৰ্যসূচী অনুষ্ঠিত কৰিছিল। যি কাৰ্যসূচী বিজেপিৰ এক বৃহৎ জনসমাগমত পৰিণত হৈছিল। আনহাতে সাধাৰণ নিৰ্বাচনৰ বাবে উত্তৰ প্ৰদেশক আটাইতকৈ গুৰুত্বপূৰ্ণ ৰাজ্য হিচাপে গণ্য কৰা হয়। কিয়নো ৰাজ্যখনত আছে ৮০খনকৈ লোকসভা আসন। ২০১৪ আৰু ২০১৯ৰ সংসদীয় নিৰ্বাচনত বিজেপিয়ে উত্তৰ প্ৰদেশত অত্যন্ত ভাল প্ৰদৰ্শন কৰাৰ পৰিপ্ৰেক্ষিততেই সেই ৰাজ্যতে আৰম্ভ কৰিছে 'টিফিন পে চৰ্চা' শীৰ্ষক কাৰ্যসূচী।

সমাগত লোকসভা নিৰ্বাচন: উত্তৰ প্ৰদেশত বিজেপিৰ 'টিফিন পে চৰ্চা'....
দিল্লীৰ উৎকট গৰম কাঢ়ি লৈছে নেকি গুৱাহাটীয়ে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in