সাংসদ হিচাপে জয়ী কৰালে ঠাইৰ নাম পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি কেৰালা বিজেপি সভাপতিৰ...

সাংসদ হিচাপে জয়ী কৰালে ঠাইৰ নাম পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি বিজেপিৰ...

author-image
Asomiya Pratidin
New Update
সাংসদ হিচাপে জয়ী কৰালে ঠাইৰ নাম পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি কেৰালা বিজেপি সভাপতিৰ...

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ ঠাইৰ নাম পৰিবৰ্তনৰ ৰাজনীতি এইবাৰ দোহাৰাৰ প্ৰয়াস কৰা হৈছে কেৰালাতো। কেৰালাৰ ৱায়নাদ লোকসভা সমষ্টিত এইবাৰ বিজেপি জয়ী হ'লেই ঠাইৰ নাম সলনি কৰাৰ প্ৰতিশ্ৰুতি দি নিৰ্বাচনী প্ৰচাৰ চলাইছে বিজেপি প্ৰাৰ্থীয়ে। ৱায়নাদৰ বৰ্তমানৰ কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ প্ৰতিদ্বন্দী তথা কেৰালা বিজেপিৰ সভাপতি সুৰেন্দ্ৰনে কয় যে সমষ্টিটোত বিজেপি জয়ী হলেই ভেনাৰ্ডৰ চহৰ চুলতান বাথেৰীৰ নাম সলনি কৰি গণপতি ভট্টম ৰখা হব।

Advertisment

আনহাতে বৃহস্পতিবাৰে এক নিৰ্বাচনী প্ৰচাৰ সভাত টিপু চুলতানে লাখ লাখ হিন্দুক ধৰ্মান্তৰকৰণ কৰিবলৈ বাধ্য কৰাইছিল বুলিও দাবী কৰে সুৰেন্দ্ৰনে। উল্লেখ্য যে, মহীশূৰৰ চুলতান টিপু চুলতানে ব্ৰিটিছৰ বিৰুদ্ধে যুঁজিবলৈ পশ্চিম ঘাটৰ কিদংগনাথত নিজৰ আৰ্টিলাৰীৰ ঘাটি নিৰ্মাণ কৰিছিল। আৰ্টিলাৰী আৰু গোলাবাৰুদ মজুত ৰখাৰ এনে ঘাটিক সামৰিক ভাষাত ‘বেটাৰী’ বুলি কোৱা হয়। সেয়েহে ইংৰাজে ঠাইখনৰ নাম ‘চুলতানৰ বেটাৰী’ ৰাখিছিল। পিছলৈ এই ঠাইটুকুৰা স্থানীয় ভাষাত ‘চুলতান বাথেৰী’ নামেৰে জনাজাত হ’বলৈ ধৰিলে।

ইফালে, হিন্দুত্ববাদৰ দাবী যে গংগা বংশৰ শাসক ইয়াৰপ্পাই প্ৰথমে দশম শতিকাত কৰ্ণাটকৰ সীমান্তৱৰ্তী অঞ্চলত বসতি স্থাপন কৰিছিল। পিছলৈ এই অঞ্চলটো কদম্ব, হয়ছাল আৰু বিজয়নগৰ সাম্ৰাজ্যৰ অংশ হৈ পৰে। মহীশূৰৰ ক্ষমতা দখল কৰি টিপুৰ পিতৃ হাইদৰ আলীয়ে কৌশলগতভাৱে গুৰুত্বপূর্ণ অঞ্চলটো নিজৰ দখললৈ আনে৷ কিছু হিন্দুত্ববাদী সংগঠনে অভিযোগ কৰে যে টিপুৱে পিছত এটা জৈন মন্দিৰ দখল কৰি স্নাইপাৰৰ ঘাটি হিচাপে গঢ়ি তুলিছিল। উত্তৰ প্ৰদেশৰ নাম সলনিৰ ৰাজনীতিৰে কেৰালাতো বিজেপিৰ ভেটি স্থাপন কৰিবলৈ প্ৰয়াস কৰি বৃহস্পতিবাৰে বিজেপি প্ৰাৰ্থী সুৰেন্দ্ৰনে কৰা বক্তব্যক সমালোচনা কৰিছে কংগ্ৰেছৰ সহযোগী আই ইউ এম এল নেতা কে পি কুনহলিকুট্টিয়ে।

তেওঁ কয় যে কেৰেলাৰ মাটিত এনে ৰাজনীতিয়ে কাম নকৰে। ঠাইৰ নাম বলপূৰ্বক সলনি কৰিব নোৱাৰি। মন কৰিবলগীয়া যে, যোৱা বছৰ কৰ্ণাটকত বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে টিপু বিতৰ্কৰ সূত্ৰপাত কৰিছিল। ব্ৰিটিছ ক্ষমতাৰ বিৰুদ্ধে যুঁজত শ্বহীদক পোনপটীয়াকৈ ‘হিন্দু বিৰোধী’ বুলি প্ৰতিপন্ন কৰি কংগ্ৰেছক লক্ষ্য কৰি লৈছিল বিজেপিয়ে।

আনকি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও কংগ্ৰেছৰ সিদ্দাৰমৈয়া, ডি কে শিৱকুমাৰক ‘টিপুৰ বংশধৰ’ বুলি পোনপটীয়াকৈ আক্ৰমণ কৰা দেখা গৈছিল। কিন্তু কৰ্ণাটকৰ নিৰ্বাচনত বিজেপিৰ মেৰুকৰণৰ কৌশল সফল নহ’ল। এনে পৰিপ্ৰেক্ষিতত এইবাৰ কেৰালাত টিপু প্ৰসংগই বিজেপিক কিদৰে লাভাম্বিত কৰে সেয়া লক্ষণীয় হব।

বিজেপি কেৰালা