বিহাৰত BJP-RJD সমৰ্থকৰ মাজত সংৰ্ঘষঃ প্ৰাণ গ'ল ২৬বছৰীয়া চন্দনৰ...

বিহাৰত BJP-RJD সমৰ্থকৰ মাজত সংৰ্ঘষঃ প্ৰাণ গ'ল ২৬বছৰীয়া চন্দনৰ...

ডিজিটেল ডেস্কঃ বিহাৰৰ ছপৰাত বিজেপি আৰু আৰ জে ডি সমৰ্থকৰ মাজত প্ৰচণ্ড সংঘাতৰ ঘটনা সংঘটিত হৈছে। মঙলবাৰে পুৱা ভাগত সংঘটিত হোৱা এই সংঘৰ্ষত ১গৰাকী সমৰ্থকৰো মৃত্যু হৈছে। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে অঞ্চলটোত দুদিনৰ বাবে ইন্টাৰনেট সেৱা বন্ধ কৰাৰ লগতে সমগ্ৰ জিলাত হাইএৰ্লাট জাৰি কৰিছে।

এই ঘটনাত দুগৰাকী লোক গুৰুতৰভাৱে আহত হৈছে বুলিও খবৰ পোৱা গৈছে। বৰ্তমান আহত দুয়োগৰাকীক ছপৰা সদৰ হস্পাতালত ভৰ্তি হৈ আছে। ইফালে পৰিস্থিতি যাতে আৰু অধিক অৱনতি নঘটে তাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীয়ে অধসামৰিক জোৱানকো নিয়োগ কৰিছে। মৃত লোকৰগৰাকী চন্দন ৰায় বুলি জানিব পৰা গৈছে। মৃত চন্দনৰ বয়স আছিল ২৬বছৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in