১৯৪৭ চনৰ পাছৰ পৰাই ভাৰত এখন হিন্দু ৰাষ্ট্ৰঃ বিজেপি নেতা

১৯৪৭ চনত বিভাজন হৈছিল ভাৰতৰ। তেতিয়াৰ পৰাই ভাৰত এখন হিন্দু ৰাষ্ট্ৰ- এই মন্তব্য এগৰাকী বিজেপি বিধায়কৰ।

author-image
Asomiya Pratidin
New Update
এইবাৰ তিতাবৰ বিজেপিৰ পৌৰপতি ৰূপা দত্ত শইকীয়াৰ পদত্যাগ

bjp

ডিজিটেল ডেস্কঃ ১৯৪৭ চনত বিভাজন হৈছিল ভাৰতৰ। তেতিয়াৰ পৰাই ভাৰত এখন হিন্দু ৰাষ্ট্ৰ- এই মন্তব্য এগৰাকী বিজেপি বিধায়কৰ। বিজেপিৰ সাধাৰণ সম্পাদক কৈলাশ বিজয়বৰ্গীয়ে ইন্দোৰত সাংবাদিক সকলৰ আগত এই মন্তব্য কৰে।

Advertisment

তেওঁ কয় যে, ভাৰত ধৰ্মৰ ওপৰত ভিত্তি কৰি বিভক্ত হৈছিল। বিভাজনৰ পাছত পাকিস্তান গঠন কৰা হৈছিল আৰু বাকীখিনি আছিল হিন্দু ৰাষ্ট্ৰ।তেওঁ লগতে কয় যে ভোপালত বাস কৰা এজন মুছলমান বন্ধুৱে প্ৰতিদিনে হনুমান চালিচা পাঠ কৰে লগতে শিৱ মন্দিৰো দৰ্শন কৰে।

নেতাগৰাকীয়ে লগতে কয় যে, তেওঁৰ মুছলমান বন্ধুজনৰ পূৰ্বপুৰুষ ৰাজপুত আছিল। যাৰ বাবে তেওঁ মন্দিৰ দৰ্শন কৰে। ইয়াৰোপৰি আৰু বহু মুছলমান লোকে হনুমান চালিছা পাঠ কৰে বুলি তেওঁ কয় কাৰণ তেওঁলোকে নিজক হিন্দু বুলি গন্য কৰে।

Also Read: "শাসকীয় বিজেপি দল গনতন্ত্ৰৰ মালিক নহয়, টেন্ট হাউছ হে"...