"শাসকীয় বিজেপি দল গনতন্ত্ৰৰ মালিক নহয়, টেন্ট হাউছ হে"...

১৩ মাৰ্চৰ পৰা সদনত অব্যাহত আছে অচলা অৱস্থা ৷ সদনৰ বাহিৰত বিৰোধী পক্ষ একগোট হৈ আদানী কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে ৷ জে পি চি গঠনৰ দাবী উত্তাপন কৰিছে বিৰোধী দলসমূহে ৷
কংগ্ৰেছ মুখপাত্ৰ পৱন খেৰা
কংগ্ৰেছ মুখপাত্ৰ পৱন খেৰা

ডিজিটেল ডেস্কঃ আদানী কাণ্ডকলৈ মঙলবাৰেও উত্তপ্ত হৈ আছে সদন ৷ ১৩ মাৰ্চৰ পৰা সদনত অব্যাহত আছে অচলাৱস্থা ৷ সদনৰ বাহিৰত বিৰোধী পক্ষ একগোট হৈ আদানী কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে ৷ জে পি চি গঠনৰ দাবী উত্থাপন কৰিছে বিৰোধী দলসমূহে ৷

এই লৈ দেশৰ প্ৰধান বিৰোধী দল কংগ্ৰেছে শাসক পক্ষলৈ তীক্ষ্ণ বাক্যবান এৰিছে ৷ শেহতীয়াকৈ কংগ্ৰেছ মুখপাত্ৰ পৱন খেৰাই কৈছিল যে, শাসকীয় বিজেপি দল গনতন্ত্ৰৰ গৰাকী নহয়, টেন্ট হাউছ হে ৷ ইয়াৰ উপৰিও তেওঁ কয় যে বিজেপিয়ে আদানি বিষয়টোৰ পৰা দেশবাসীৰ মনোযোগ আঁতৰ কৰাবলৈ নাটকৰ আশ্ৰয় লৈছে ৷

তদুপৰি সাংবাদিকৰ আগত কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে কয় যে আমি গণতন্ত্ৰৰ শত্ৰু নহয় ৷ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী আৰু সমগ্ৰ কেবিনেটক তেওঁলোকৰ বন্ধু আদানিৰ বিষয়ে নহয়, গণতন্ত্ৰৰ বিষয়ে চিন্তা কৰিবলৈ আমি অনুৰোধ জনাইছো বুলি মন্তব্য কৰে ৷

ইয়াপ উপৰিও লণ্ডনত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়েও দেশৰ গণতন্ত্ৰৰ প্ৰতি বৰ্তমানে ভাবুকি আহি পৰিছে বুলিও মন্তব্য কৰিছিল ৷ নেতীগৰাকীৰ এই মন্তব্যৰ পিছতেই প্ৰধানমন্ত্ৰী মোডীয়ে নেতাগৰাকীয়ে ক্ষমা খুজিব লাগে বুলি মন্তব্য কৰিছিল ৷

কংগ্ৰেছ মুখপাত্ৰ পৱন খেৰা
ফাঁচি নহয়, ভাৰতত সলনি হ'ব মৃত্যুদণ্ডৰ পদ্ধতি !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in