দুৰ্নীতিগ্ৰস্ত কংগ্ৰেছী নেতাৰ বিৰুদ্ধে বিজেপিৰ হুংকাৰঃ জয়পুৰত মুকলি ইস্তাহাৰ...

দুৰ্নীতিগ্ৰস্ত কংগ্ৰেছী নেতাৰ বিৰুদ্ধে বিজেপিৰ হুংকাৰঃ জয়পুৰত মুকলি ইস্তাহাৰ...

author-image
Asomiya Pratidin
New Update
দুৰ্নীতিগ্ৰস্ত কংগ্ৰেছী নেতাৰ বিৰুদ্ধে বিজেপিৰ হুংকাৰঃ জয়পুৰত মুকলি ইস্তাহাৰ...

দুৰ্নীতিগ্ৰস্ত কংগ্ৰেছী নেতাৰ বিৰুদ্ধে বিজেপিৰ হুংকাৰঃ জয়পুৰত মুকলি ইস্তাহাৰ...

ডিজিটেল ডেস্কঃ পুনৰ বিজেপিয়ে দিছে দুৰ্নীতিত লিপ্ত কংগ্ৰেছী নেতাৰ বিৰুদ্ধে তদন্তৰ হুংকাৰ। ৰাজস্থান বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত দলটোৱে প্ৰকাশ কৰিছে নিৰ্বাচনী ইস্তাহাৰ।

Advertisment

এই ইস্তাহাৰত দলটোৱে ৰাজস্থানত কংগ্ৰেছ চৰকাৰৰ সময়ত হোৱা দুৰ্নীতিৰ তদন্ত কৰিবলৈ বিশেষ তদন্তকাৰী গোট গঠনৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। বিজেপিৰ এই প্ৰতিশ্ৰুতি এতিয়া বহুতৰ সমালোচনাৰ লক্ষ্য হৈ পৰিছে।

কংগ্ৰেছত থকাৰ সময়ত যিসকল নেতাৰ বিৰুদ্ধে বিজেপিয়ে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছিল, ক্ষমতালৈ আহিলে যিসকল দুৰ্নীতিগ্ৰস্ত নেতাক জেললৈ প্ৰেৰণ কৰাৰ হুংকাৰ দিছিল সেই নেতাই বিজেপিত যোগদান কৰি এতিয়া বিজেপিৰ শীৰ্ষ পৰ্যায়ৰ নেতৃত্ব লাভ কৰিছে। কোনোবা যদি মুখ্যমন্ত্ৰী হৈছে আন কোনোবা আকৌ কেন্দ্ৰীয় মন্ত্ৰী, সাংসদ, বিধায়ক হৈছে।

সেয়ে এতিয়া বিজেপিৰ এই প্ৰতিশ্ৰুতিৰ কথা ৰাজহুৱা হোৱাৰ পাছতে বিজেপিয়ে কংগ্ৰেছী নেতাক ভাবুকিৰে দললৈ আনি কংগ্ৰেছক শক্তিহীন কৰাৰ কৌশলহে লৈছে বুলি চৰ্চা আৰম্ভ হৈছে। বিজেপিয়ে নিৰ্বাচনী ইস্তাহাৰত ৰাজস্থানত এণ্টি ৰোমিঅ’ স্কোৱাড গঠনৰ প্ৰতিশ্ৰুতিও দিছে।

বিজেপিৰ এনে প্ৰতিশ্ৰুতি কংগ্ৰেছে সমালোচনা কৰি কয়, ইডি, চি বি আই, মেৰুকৰণ আৰু অসত্য বচনেৰে ৰাজস্থান দখলৰ স্বপ্ন দেখিছে বিজেপিয়ে। ভোটগ্ৰহণৰ ৯ দিন পূৰ্বে বিজেপিয়ে জয়পুৰত প্ৰকাশ কৰিছে নিৰ্বাচনী ইস্তাহাৰ।

এই অনুষ্ঠানত বিজেপিৰ সভাপতি জেপি নড্ডাৰ উপৰি বসুন্ধৰা ৰাজে, গজেন্দ্ৰ সিং শ্বেখাৱত আৰু অৰ্জুন ৰাম মেঘৱাল উপস্থিত আছিল। ইস্তাহাৰত বিজেপিয়ে ভাৰত বিৰোধী শ্লিপাৰ ছেলৰ বিৰুদ্ধে বিশেষ তদন্তকাৰী গোট গঠনৰ প্ৰতিশ্ৰুতিও প্ৰদান কৰিছে।

ৰাজ্যখনত হিন্দু দৰ্জিৰ হত্যা, সংখ্যালঘু মৌলবাদী সংগঠনৰ কাম-কাজ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিয়ে এই প্ৰতিশ্ৰুতি দিয়া বুলি ধাৰণা কৰা হৈছে। তাৰ মাজতে কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে কয়, ধৰ্মীয় মেৰুকৰণৰ লক্ষ্যৰে বিজেপিয়ে এই সিদ্ধান্ত লৈছে।

ৰাজ্যখনৰ প্ৰশ্ন কাকত ফাদিল, নিয়োগ দুৰ্নীতি, সাৰ কেলেংকাৰী, মধ্যাহ্ন ভোজনৰ কেলেংকাৰী আদিৰো তদন্তৰ প্ৰতিশ্ৰুত দিয়া হৈছে ইস্তাহাৰত। এই সন্দৰ্ভত জয়ৰাম ৰমেশে কয়, কংগ্ৰেছ কেন্দ্ৰৰ ক্ষমতালৈ আহিলে কিদৰে বিভিনন্ন ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাক মোডী চৰকাৰে পুঁজিপতিৰ হাতত তুলি দিছে সেই বিষয়ে তদন্ত কৰা হ'ব।

ইফালে ৰাজ্যখনৰ মহিলাৰ সমৰ্থন লাভৰ বাবে প্ৰতিখন জিলাত মহিলা থানা, মহিলা আৰক্ষীৰ তিনিটা বেটেলিয়ন গঠনৰ উপৰি আৰক্ষীত মহিলাৰ বাবে ৩৩ শতাংশ সংৰক্ষণ দিয়াৰ কথাও ঘোষণা কৰা হৈছে। আৰ্থিকভাৱে পিছপৰা ছাত্ৰীসকলৰ বাবে প্ৰাকপ্ৰাথমিকৰ পৰা স্নাতক পৰ্যন্ত বিনামূলীয়া শিক্ষা, মেধাৱী ছাত্ৰীক স্কুটি, কন্যা সন্তান জন্ম হলে ২১ বছৰ পৰ্যন্ত পৰ্যায়ক্ৰমে ২ লাখ টকা নগদ দিয়াৰ কথাও ঘোষণা কৰা হৈছে।

Also Read: ভাৰতীয় গণতন্ত্ৰত প্ৰথমবাৰৰ বাবে ২০১ টা ভোটগ্ৰহণ কেন্দ্ৰৰ সকলো দায়িত্ব মহিলাৰ কান্ধত...

ৰাজস্থান বিধানসভা নিৰ্বাচন