কাইলৈ সংসদত উত্থাপন হ'ব ৱাকফ সংশোধনী বিধেয়কঃ বিজেপিৰ হুইপ জাৰি...

২ আৰু ৩ এপ্ৰিলত ক্ৰমে লোকসভা আৰু ৰাজ্যসভাত উত্থাপন হ’ব ৱাকফ (সংশোধনী) বিধেয়ক। সেয়ে বিজেপিয়ে এই দুয়োটা দিনতে তেওঁলোকৰ সাংসদসকলক সংসদত উপস্থিত থাকিবলৈ হুইপ জাৰি কৰিছে।

author-image
Tushar Pratim
New Update
কাইলৈ সংসদত উত্থাপন হ'ব ৱাকফ সংশোধনী বিধেয়কঃ বিজেপিৰ হুইপ জাৰি...

ডিজিটেল ডেস্কঃ ২ এপ্ৰিল, ২০২৫ বুধবাৰে লোকসভাত উত্থাপন হ’ব ৱাকফ (সংশোধনী) বিধেয়ক, ২০২৫। তাৰ পাছত ৩ এপ্ৰিল, বৃহস্পতিবাৰে ৰাজ্যসভাত উত্থাপন কৰিব এই বিল। সেয়ে বিজেপিয়ে এই দুয়োটা দিনতে তেওঁলোকৰ সাংসদসকলক সংসদত উপস্থিত থাকিবলৈ হুইপ জাৰি কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্ৰ্  মোডী নেতৃত্বাধীন এন ডি এ চৰকাৰে যিকোনো প্ৰকাৰে এই বিলখন দুয়োখন সদনতে গৃহীত কৰাৰ বাবে চেষ্টা চলাইছে।

Advertisment

অৱশ্যে বিজেপি নেতৃত্বাধীন এন ডি এৰ অংশীদাৰ টি ডি পি আৰু জে ডি(ইউ)য়ে এই বিধেয়কখনৰ সন্দৰ্ভত কি স্থিতি গ্ৰহণ কৰিব সেয়া এতিয়াও স্পষ্ট হোৱা নাই। লক্ষ্যণীয় ভাৱে টি ডি পিৰ মুৰব্বী তথা অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে বিগত সপ্তাহত মুছলমানসকলৰ সৈতে থিয় দি ৱাকফৰ সম্পত্তি সুৰক্ষিত কৰাৰ আহ্বান জনাইছিল।

আনহাতে, বিহাৰৰ মুখ্যমন্ত্ৰী তথা জে ডি ইউৰ মুৰব্বী নীতিশ কুমাৰৰ ঘনিষ্ঠ নেতা গুলাম ঘাউছে মঙলবাৰে নতুন ৱাকফ বিধেয়কখনক পোনপটীয়াকৈ ‘মুছলমান বিৰোধী’ বুলি অভিহিত কৰি প্ৰত্যাহাৰৰ দাবী জনাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কেবিনেট সদস্য তথা জে ডি ইউৰ প্ৰাক্তন সভাপতি লাল্লন সিঙেও মঙলবাৰে কয় যে, বিধেয়কখনৰ খচৰা পুনৰীক্ষণ কৰি ৱাকফ বিধেয়ক সন্দৰ্ভত আমাৰ দলৰ স্থিতি সন্দৰ্ভত নেতৃত্বই চূড়ান্ত সিদ্ধান্ত ল’ব।

ইফালে আজি বিজেপি বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ৰ নেতাসকলো বৈঠকত মিলিত হৈছে। এই বৈঠকত ৱাকফ বিধেয়ক সন্দৰ্ভত তেওঁলোকৰ স্থিতি কি হ’ব, কিদৰে ইয়াক প্ৰত্যাহ্বান জনাব সেই সন্দৰ্ভত ৰণকৌশল প্ৰস্তুত কৰিছে।

জে ডি ইউৰ এক সূত্ৰত প্ৰকাশিত খবৰ মতে তেওঁলোকে  খচৰা বিধেয়কৰ তিনিটা বিশেষ দিশ সংশোধনৰ বাবে কেন্দ্ৰলৈ ইতিমধ্যে বাৰ্তা প্ৰেৰণ কৰিছে। যিহেতু চলিত বৰ্ষৰ শেষত বিহাৰত বিধানসভাৰ নিৰ্বাচন আছে সেয়ে নীতিশে অতি কৌশলগত ভাৱে স্থিতি গ্ৰহণ কৰিবলৈ সাজু হৈছে।

নীতিশে নতুন বিধেয়কখনত ৱাকফৰ সম্পত্তিৰ ক্ষেত্ৰত কেন্দ্ৰীয় হস্তক্ষেপৰ ব্যৱস্থাৰ ক্ষেত্ৰত আপত্তি দৰ্শাইছে। আনহাতে সংবিধান অনুসৰি ভূমি সম্পৰ্কীয় বিষয়বোৰ ৰাজ্যৰ অধিকাৰ ক্ষেত্ৰৰ ভিতৰত পৰে। নতুন আইনখন কাৰ্যকৰী হ’লে সেই অধিকাৰসমূহ কৰ্তন কৰা হ’ব বুলি আশংকা কৰিছে জে ডি ইউৰ নেতৃত্বৰ এটা অংশই।

তাৰোপৰি বিৰোধীৰ আপত্তিৰ পাছতো যোৱা ৩০ ডিচেম্বৰত যুটীয়া সংসদীয় সমিতিয়ে ৱাকফ (সংশোধনী) বিধেয়কৰ নতুন খচৰাত অনুমোদন জনাইছে। ইয়াৰ পিছত কেন্দ্ৰীয় কেবিনেটে সেই খচৰাত প্ৰস্তাৱিত ১৪টা সংশোধনীত অনুমোদন জনাইছে।

ৰাজ্যসভাৰ বিৰোধী দলপতি মল্লিকাৰ্জুন খাৰ্গে অভিযোগ কৰিছে জেপিচিৰ বিৰোধী সদস্যসকলে ৱাকফ (সংশোধনী) বিধেয়কৰ বিভিন্ন দফাত আপত্তি কৰি ‘অসন্মতিৰ নোট’ দাখিল কৰিছিল। কিন্তু সেইবোৰ প্ৰতিবেদনৰ পৰা আঁতৰাই দিয়া হৈছে।

অৱশ্যে সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে এই অভিযোগ খাৰিজ কৰিছে। তেওঁ কয়, তেনেকুৱা একো হোৱা নাই। কংগ্ৰেছ আৰু তৃণমূলকে ধৰি বিৰোধীৰ অভিযোগ নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰে ৪৪ টা সংশোধনী আনি ৱাকফ ব’ৰ্ডৰ ওপৰত চৰকাৰী কৰ্তৃত্ব খটুৱাবলৈ চেষ্টা কৰিছে।

সংসদৰ দুয়োখন সদনত যদিহে এই সংশোধনী বিধেয়ক গৃহীত হয় তেন্তে ইয়াক ৰাষ্ট্ৰপতিৰ অনুমোদনৰ বাবে প্ৰেৰণ কৰা হ’ব। এই সংশোধনৰ পাছত ১৯৯৫ চনৰ ৱাকফ আইনখনৰ নতুন নাম হ’ব ‘ইউনিফাইড ৱাকফ মেনেজমেণ্ট, এম্পাৱাৰমেণ্ট, ইফিচিয়েন্সি এণ্ড ডেভেলপমেণ্ট এক্ট’। 

ৰাজ্যসভা লোকসভা বিজেপি ৱাকফ সংশোধনী বিধেয়ক