Advertisment

২০২৩-২৪ ত বিজেপিয়ে পালে ২৬০০০ কোটি চান্দাঃ কোনে দিলে সৰ্বাধিক ধন?

শেহতীয়াকৈ প্ৰকাশ পাইছে ২০২৩-২৪ আৰ্থিক বৰ্ষত ৰাজনৈতিক দলে লাভ কৰা ধনৰ পৰিমাণ। ভাৰতীয় জনতা পাৰ্টি চমুকৈ বিজেপিয়ে বিভিন্ন প্ৰতিষ্ঠানৰ পৰা লাভ কৰিছে মুঠ ২৬০০ কোটি টকা।

author-image
Asomiya Pratidin
New Update
২০২৩-২৪ ত বিজেপিয়ে পালে ২৬০০০ কোটি চান্দাঃ কোনে দিলে সৰ্বাধিক ধন?

ডিজিটেল ডেস্কঃ ২০২৩-২৪ আৰ্থিক বৰ্ষত ভাৰতীয় জনতা পাৰ্টি চমুকৈ বিজেপিয়ে বিভিন্ন প্ৰতিষ্ঠানৰ পৰা লাভ কৰিছে মুঠ ২৬০০ কোটি টকা। দলটোৱে ইমান বৃহত সংখ্যক টকা চান্দা হিচাপে হিচাপে লাভ কৰিছে যদিও লক্ষ্যণীয় ভাৱে এই চান্দা দিয়া প্ৰতিষ্ঠানসমূহৰ ভিতৰত নাই গৌতম আদানী আৰু মুকেশ আম্বানীৰ মালিকানাধীন কোনো সংস্থা। 

Advertisment

উল্লেখ্য যে, বিজেপিয়ে লাভ কৰা মুঠ চান্দাৰ ভিতৰত ১২০০ কোটি টকাই আহিছে দলটোক চান্দা আদায় দিয়ে প্ৰতিষ্ঠানসমূহৰ শীৰ্ষ ১০ টা প্ৰতিষ্ঠানৰ ভিতৰত। তথ্য অনুসৰি বিজেপিয়ে সৰ্বাধিন চান্দা লাভ কৰিছে প্ৰেজেণ্ট ইলেক্টোৰেল ট্ৰাষ্টৰ পৰা। এই প্ৰতিষ্ঠানটোৱে বিজেপিক দিছে সৰ্বাধিক ৭২৩.৬৭ কোটি টকা।

দ্বিতীয় স্থানত আছে ট্ৰায়াম্ফ ইলেক্টোৰেল ট্ৰাষ্ট। এই প্ৰতিষ্ঠানে বিজেপিক চান্দা দিঠে ১২৭.৫০ কোটি টকা। 
বিজেপিক সৰ্বাধিক চান্দা দিয়া তৃতীয় প্ৰতিষ্ঠানটো হৈছে গুৰগাঁৱৰ ACME Solar Energy Private Limited নামৰ প্ৰতিষ্ঠানটো। এই প্ৰতিষ্ঠানটোৱে আদায় দিয়া মুঠ চান্দাৰ পৰিমাণ ৫১ কোটি টকা। তাৰোপৰি আহমেদাবাদৰ Dineshchandra R. Agrawal Infracon Private Limited, Derive Investments, Rungta Sons Private Limited আৰু ভেকছিন প্ৰস্তুত কৰ্তা কোম্পানী Bharat Biotech International Limited ৰ প্ৰত্যেকেই ৫০ কোটিকৈ টকা বিজেপিক চান্দা হিচাপে দিছে। 

ভাৰতৰ শীৰ্ষ ফাৰ্মা কোম্পানী Zydus Healthcare Limited-এ দিছে ২৫.০৫ কোটি টকা।উদয়পুৰৰ  PI Industries Limited- এ দিছে ২৫ কোটি টকা। ফাৰ্মা কোম্পানীসমূহৰ ভিতৰত  Macleods Pharmaceuticals Limited, Intas Pharmaceuticals Limited, Ajanta Pharma Limited, Troikaa Pharmaceuticals Limited আৰু Cadila Pharmaceuticals Limited-এ প্রত্যেকে ৫ কোটিকৈ টকা চান্দা দিছে বিজেপিক।

আনহাতে ব্যক্তিগতভাৱে যিসকল লোকে বিজেপিক চান্দা দিছে তাৰ ভিতৰত পংকজ কুমাৰ সিং নামৰ ব্যক্তিজনে সৰ্বাধিক ১৫ কোটি টকা আদায় দিছে। ৰমেশ কুনহিকান্না নামৰ লোকজনে দিছে ১২ কোটি টকা আৰু সুনীল বাচ্চানীয়ে দিছে ১০ কোটি টকা। উল্লেখ্য যে, ইয়াৰে ৰমেশ কুনহিকান্না হৈছে কে এন টেকনলজীছৰ প্ৰতিষ্ঠাপক তথা পৰিচালন সঞ্চালক। চন্দ্ৰযান-৩ ৰ সাফল্যৰ পাছত তেওঁ বিলিয়নাৰ হিচাপে আত্মপ্ৰকাশ কৰিছে।

এইসমূহ প্ৰতিষ্ঠান তথা ব্যক্তিয়ে বিজেপিক এইদৰে মুক্ত হস্তে চান্দা দিয়াৰ বিপৰীতে প্ৰডেণ্ট ইলেক্টোৰেল ট্ৰাষ্টে কংগ্ৰেছক দিছে ১৫৬.৪ কোটি টকা। কংগ্ৰেছে ২০২৩-২৪ বৰ্ষত লাভ কৰা মুঠ চান্দাৰ পৰিমাণ হৈছে ২৮৯ কোটি টকা। 

 

গৌতম আদানি কংগ্ৰেছ মুকেশ আম্বানী বিজেপি